বিশ্বকাপৰ ৩ মেচত টীম ইণ্ডিয়াৰ ১৫০ কোটিৰ জার্ছী বিক্রী
🔹 ৯৯ শতাংশই বিৰাট কোহলি–ৰোহিত শর্মাৰ জার্ছী
বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : ভাৰতত চলি থকা আইচিচি এদিনীয়া বিশ্বকাপত ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই খেলপথাৰত যিদৰে শক্তি দেখুৱাইছে, ঠিক তেনেদৰে খেলপথাৰৰ বাহিৰতো ভাৰতীয় অনুৰাগীয়ে শক্তি প্রদর্শন কৰিছে৷ চলিত বিশ্বকাপত টীম ইণ্ডিয়াই এতিয়ালৈকে তিনিখন মেচত ভাগ লৈছে আৰু আটাইকেইখন মেচতে জয়ৰ সোৱাদ লাভ কৰিছে৷ এই তিনিখন মেচত অভিলেখসংখ্যক ১৫০ কোটি টকাৰ টীম ইণ্ডিয়াৰ জার্ছী বিক্রী হৈছে৷ শনিবাৰে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত–পাকিস্তানৰ খেলখনত ১ লাখ ৩২ হাজাৰ অনুৰাগীৰ ভিতৰত ৯৯ শতাংশতকৈ অধিক অনুৰাগীয়ে টীম ইণ্ডিয়াৰ তাৰকা ক্রিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ জার্ছী ক্রয় কৰে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতাৰ ইণ্ডিয়ান প্রিমিয়াৰ লীগকো প্রত্যাহ্বান জনাইছে বিশ্বকাপে৷ এটা অনলাইন কোম্পানীৰ মালিকে কয় যে তেওঁলোকে ভাবিছিল যে ভাৰত আৰু অষ্ট্রেলিয়াৰ মেচখনত সর্বাধিক জার্ছী বিক্রী কৰিব৷ কিন্তু সেই মেচখনক ভাৰত–পাকিস্তানৰ মেচখনে অতিক্রম কৰিলে৷ মাত্র পঞ্জীয়নভুক্ত জার্ছী বিক্রী একাউণ্টত লিখা আছে যে ভাৰতত এতিয়ালৈকে ১৫০ কোটি টকাৰ জার্ছী বিক্রী হৈছে৷ ইয়াৰ বাহিৰেও দোকানৰ পৰা জার্ছী ক্রয় কৰিছে অনুৰাগীসকলে৷ সেই হিচাপটো পোৱাটো কঠিন৷ উল্লেখ্য যে যোৱা বছৰ আইপিএলৰ আটাইকেইটা দলেই বিক্রী কৰা মুঠ জার্ছীৰ পৰিমাণ অতিক্রম কৰিছে বিশ্বকাপে৷