নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাত বিষয়া–কর্মীক সমানেই মাতৃত্বকালীন ছুটী

🔹 দীপাৱলীৰ পূর্বে মোদী চৰকাৰৰ ইংগিত

বিশেষ বাৰ্তা, ৬ নৱেম্বৰ : ভাৰতীয় সশস্ত্র বাহিনীত থকা মহিলাসকলৰ বাবে সমান প্রসূতিকালীন, শিশু যতন আৰু শিশু দত্তক ছুটী প্রদান কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে এই কথা ঘোষণা কৰে৷ সকলো পর্যায়ৰ মহিলা কর্মীয়ে সমান ছুটী লাভ কৰিব মাতৃত্বকালীন অৱস্থাত৷ স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ ক্ষেত্রত এই নিয়ম প্রযোজ্য হ’ব বুলি ঘোষণা কৰিছে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ নিম্ন পর্যায়ৰ সৈনিকৰ পৰা আৰম্ভ কৰি উচ্চ পর্যায়ৰ বিষয়ালৈকে সমান ছুটী লাভ কৰিব ভাৰতীয় সেনাত৷ উল্লেখনীয় যে চৰকাৰৰ এয়া দীপাৱলীৰ উপহাৰ হিচাপে চিহ্ণিত হৈছে মহিলা সৈনিকসকলৰ ক্ষেত্রত৷ পূর্বৰে পৰা এই সন্দর্ভত প্রস্তাৱ আগবঢ়াইছিল বিভিন্ন মহলে৷

You might also like