নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনৰ পাছতো উত্তৰাখণ্ডৰ ভগ্ন সুৰংগতে আবদ্ধ ৪০ শ্রমিক

🔹 দুর্গতক জীৱন্তে উদ্ধাৰ কৰিবলৈ চলিছে বিৰামহীন অভিযান

🔹 পানীৰ পাইপেৰে প্রেৰণ অক্সিজেন–খাদ্য

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰ : দুদিন উকলি গ’ল৷ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ বিপর্যয়ত এতিয়াও আবদ্ধ হৈ আছে ৪০জন শ্রমিক৷ বিৰামহীন গতিত উদ্ধাৰকার্য চলি আছে৷ কিন্তু এই সুৰংগৰ ভিতৰত আবদ্ধ হৈ পৰা শ্রমিকসকলক উদ্ধাৰ কৰিব পৰা নাই এছডিআৰএফ, আৰক্ষীসহ কেইবাটাও বাহিনীয়ে৷ সুৰংগৰ ভিতৰত আবদ্ধ শ্রমিকসকল নিৰাপদে থকা বুলি সংবাদ মাধ্যমক জনাইছে প্রশাসনে৷ আবদ্ধ হৈ পৰা শ্রমিকসকলৰ সৈতে যোগাযোগ কৰাও হৈছে৷ সুৰংগত আবদ্ধ শ্রমিকসকললৈ পানীয় জলৰ পাইপেৰে অক্সিজেন সৰবৰাহ কৰা হৈছে৷ একেইধৰণৰ পাইপেৰে নিশা খাদ্য প্রেৰণ কৰা হৈছে ধ্বংসস্তূপত আবদ্ধ শ্রমিকসকললৈ৷ পৰহি পুৱা উত্তৰকাশী জিলাৰ ব্রহ্মকাল–যমুনোত্রী ৰাষ্ট্রীয় ঘাইপথৰ ওপৰৰ ছিল্কিৱাৰা আৰু ডণ্ডালহগাঁৱৰ মাজত নির্মীয়মাণ সুৰংগ পথৰ একাংশ ভাগি পৰে৷ ইয়াৰ ফলত এই সুৰংগত কর্মৰত ৪০জন শ্রমিক আবদ্ধ হৈ পৰে৷ দীপাৱলীৰ আনন্দৰ মাজতে এই ঘটনাই উদ্বেগ সৃষ্টি কৰে দেশজুৰি৷ কালি ঘটনাস্থলী পৰিদর্শন কৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে৷ পৰিস্থিতি পর্যবেক্ষণ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ উল্লেখনীয় যে এই ঘটনাক লৈ উদ্বেগ প্রকাশ কৰিছে প্রধানমন্ত্রী মোদীয়ে৷ ধামীৰ সৈতে টেলিফোনত বার্তালাপ হয় প্রধানমন্ত্রীৰ৷ উল্লেখনীয় যে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই থকা কেইবাটাও বাহিনীয়ে শ্রমিকসকলক জীৱন্তে উদ্ধাৰ কৰিব পৰা যাব বুলি ঘোষণা কৰিছে৷ বিভিন্ন সংবাদ সূত্রই সদৰী কৰা অনুসৰি সুৰংগ পথত আবদ্ধ হৈ থকা ৪০জন শ্রমিকৰ ১৫জন হৈছে ঝাৰখণ্ডৰ৷ ইয়াৰে আঠজন উত্তৰ প্রদেশ, তিনিজন পশ্চিমবংগৰ আৰু পাঁচজন ওড়িশাৰ বাসিন্দা৷ উত্তৰাখণ্ড আৰু হিমাচল প্রদেশৰ দুজন বাসিন্দাও আছে এই তালিকাত৷ ইফালে, বিহাৰৰ চাৰিজন শ্রমিক থকা বুলিও দাবী কৰা হৈছে৷ লক্ষণীয়ভাৱে ৰাজ্যিক তথা ৰাষ্ট্রীয় দুর্যোগ ব্যৱস্থাপনা বাহিনীৰ জোৱানসকলক উদ্ধাৰকার্যত অধিক মোতায়েন কৰা হৈছে৷ ইফালে, দুদিন উকলি যোৱাৰ পাছত দুর্গত শ্রমিকৰ পৰিয়ালসমূহত সৃষ্টি হোৱা উৎকণ্ঠা অব্যাহত আছে৷ বহু পৰিয়ালত এই ঘটনাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷

You might also like