নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলীত ভোকেল ফৰ লোকেল

শাৰদীয় দুর্গাপূজাৰ পৰাই ভাৰতবর্ষত উছৱৰ বতৰ আৰম্ভ হয় যদিও দেশখনত দীপাৱলীৰ সময়ছোৱাক প্রকৃতার্থত উছৱৰ সময় বুলি কোৱা হয়৷ দুর্গাপূজা মূলতঃ পশ্চিমবংগ, ত্রিপুৰা, অসম, বিহাৰ, ঝাৰখণ্ডসহ কেইখনমান ৰাজ্যত সীমাবদ্ধ হৈ থাকে৷ ইয়াৰ বিপৰীতে প্রায় সমগ্র দেশখনতে পোহৰৰ উৎসৱ দীপান্বিতা উদযাপন কৰা হয়৷ দীপান্বিতাৰ সৈতে ধনতেৰছৰো সম্পর্ক থাকে৷ গোটেই সময়ছোৱাত দেশজুৰি আনন্দ–উছাহৰ পৰিৱেশ থাকে৷ এই সময়ছোৱাত ব্যৱসায়–বাণিজ্যও ভাল হয়৷ কিন্তু উছৱৰ সময়ছোৱাত ব্যৱসায়–বাণিজ্যৰ পৰা ভাৰতবর্ষ নহয়, লাভান্বিত হৈ আহিছে চীন৷ বিগত কেইটামান দশকৰ পৰা ভাৰতৰ উছৱৰ বতৰৰ বজাৰখনৰ পৰা চীনৰ অর্থনীতি টনকিয়াল হৈ আহিছে৷ পৰম্পৰা আৰু আনন্দ উদযাপনৰ নামত দেশবাসীয়ে ব্যয় কৰা কোটি কোটি টকাৰে সমৃদ্ধ হৈছে চিৰবৈৰী ৰাষ্ট্র চীন৷ কথাটো দেশবাসীয়ে নজনা নহয়৷ তদুপৰি নির্ভৰযোগ্যতাৰ প্রশ্ণটোতো উত্তীর্ণ নহয় চীনা সামগ্রী৷ উছৱৰ সময়ত ব্যৱহূত চীনা সামগ্রীৰ মানক লৈ সদায়েই প্রশ্ণ উত্থাপিত হৈ আহিছে৷ তথাপি তুলনামূলকভাৱে সস্তাৰ চীনা সামগ্রী ভাৰতীয় গ্রাহকৰ প্রথম পছন্দ হৈ আহিছে৷ ইয়াৰ দুটা প্রধান কাৰণ হৈছে চৰকাৰী নীতিৰ অভাৱ৷ কেন্দ্রীয় চৰকাৰে দেশখনত কাৰখানা উদ্যোগক উৎসাহিত কৰিবলৈ বিগত সময়ছোৱাত কোনো নীতিয়েই গ্রহণ কৰা নাই বুলি ক’লেও চলে৷ সীমাৰ সিপাৰে থকা ৰাষ্ট্র এখনে কাৰখানা উদ্যোগটোক বিশ্বৰ কমাৰশালত পৰিণত কৰা দেখিও নতুন দিল্লীয়ে শিক্ষা নল’লে৷ আত্মনির্ভৰশীলতা বুলিও যে কথা এষাৰ আছে তালৈ মনেই দিয়া হোৱা নাছিল৷ আত্মনির্ভৰশীলতাৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি বিকাশৰ কথা দেশখনৰ ৰাজনৈতিক নেতৃত্বই বিবেচনাই নকৰিলে৷ চীনা পণ্যৰ বাবে বজাৰ মুকলি কৰি দি দেশখনত থকা সম্ভাৱনাৰো মুদা মাৰি থ’লে৷ নৰেন্দ্র মোদীৰ নেতৃত্বত নতুন দিল্লীত চৰকাৰখন গঠন হোৱাৰ পূর্বে ভাৰতেও যে বিশ্বৰ বজাৰ দখল কৰিব পাৰে, দেশত থলুৱাভাৱে উৎপাদিত সামগ্রীৰ বেহাৰে অর্থনৈতিক বিকাশৰ গুৰি ধৰিব পাৰি, কথাটো গহীনভাৱে লোৱাই হোৱা নাছিল৷ এতিয়া দেশত মেক ইন ইণ্ডিয়াৰ বতাহ চলিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বানত ভোকেল ফৰ লোকেল নীতি চলিছে৷ ইয়াৰে হাতত ধৰি ভাৰতৰ ৰপ্তানি বাণিজ্যই বছৰি নতুন নতুন উচ্চতা চুবলৈ আৰম্ভ কৰিছে৷ প্রতিৰক্ষা সামগ্রী আমদানিৰ ক্ষেত্রত বিশ্বৰ শীর্ষস্থানৰ দেশ ভাৰত এতিয়া অস্ত্র–শস্ত্রৰ লগতে বিভিন্ন প্রতিৰক্ষা উপকৰণ, আনকি যুঁজাৰু বিমানো ৰপ্তানিৰ দিশে অগ্রসৰ হৈছে৷ অৱশ্যে এতিয়াও দেশখনে বহু দূৰ বাট যাবলৈ আছে৷ কিন্তু সুখকৰ কথা যে দেশখনে পূর্বতে নোযোৱা বাট এটাৰে আশা জগাই আগুৱাই গৈ আছে৷
এইবেলিৰ দীপাৱলীৰ সময়ছোৱাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক ভোকেল ফৰ লোকেল নীতি গ্রহণ কৰিবলৈ আহ্বান জনাইছিল৷ ইয়াৰ মূলতে আছে উছৱৰ সময়ছোৱাত দুহাত মেলি ব্যয় কৰা দেশখনৰ জনসাধাৰণে সামগ্রী ক্রয়ৰ সময়ত থলুৱাভাৱে উৎপাদিত সামগ্রীৰ পিনে চকু দিয়ক৷ সন্দেহ নাই যে দীপাৱলীৰ সময়ছোৱাত ব্যৱহূত আমাৰ দেশখনত উৎপাদিত সামগ্রীয়ে দামৰ জোখেৰে চীনা সামগ্রীৰ সৈতে ফেৰ মাৰিব নোৱাৰে৷ বেইজিঙে বিশ্ব বাণিজ্য সংস্থাৰ নীতিলৈ বুঢ়া আঙুলি দেখুৱাই দেশখনৰ ঔদ্যোগিক ক্ষেত্রখনত গোপনে বিভিন্ন ৰেহাই তথা ৰাজসাহায্য দিয়ে৷ তাৰে শক্তিৰে চীনা সামগ্রীয়ে বিশ্বজুৰি দামৰ ক্ষেত্রত এনে ধৰণে একচত্রী সাম্রাজ্য এখন গঢ়ি তুলিছে যে বহু দেশে তাৰ সৈতে প্রতিযোগিতালৈ যোৱাৰ কথাকে ভাবিব নোৱাৰে৷ ভাৰততো কাৰখানা উদ্যোগৰ উৎপাদন ক্ষেত্রখন চীনৰ তুলনাত বহু পিছ পৰি আছে৷ দামেৰে ভাৰতীয় সামগ্রীয়ে চীনা সামগ্রীৰে ফেৰ মাৰিব নোৱাৰে৷ উছৱৰ সময়ছোৱাত ভাৰতৰ গ্রাহকে চীনা সামগ্রীলৈ পিঠি দি দেশতে থলুৱাভাৱে উৎপাদিত সামগ্রী ক্রয় কৰিবলৈ হ’লে অর্থনীতিৰ সূত্র ভাঙিব লাগিব৷ ইয়াৰ বাবে প্রয়োজন হয় জাতীয়তাবাদৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভোকেল ফৰ লোকেল নীতিৰে দেশবাসীৰ মাজত জাতীয়তাবাদৰেই জোৱাৰ তুলিলে৷ সকলোৱে এটা কথা ভালদৰেই জানে যে দীপাৱলীৰ সামগ্রী মানেই মূলতঃ চীনা সামগ্রী৷ চীনা সামগ্রী ক্রয় কৰা মানেই শত্রুৰাষ্ট্র এখনক আর্থিকভাৱে শক্তিশালী কৰা৷ এইটো ভাৰতৰ বাবে কোনো কাৰণতে সুখৰ কথা নহয়৷ ইয়াৰে প্রতিফলন ঘটি এইবেলিৰ দীপাৱলীৰ সময়ছোৱাত ভাৰতীয় বজাৰৰ পৰা একপ্রকাৰ চীনা সামগ্রী উধাও হৈ পৰে৷ বিগত সময়ছোৱাত দীপাৱলীৰ সময়ত ব্যৱহূত বিভিন্ন সামগ্রীৰ সত্তৰ শতাংশই চীনা সামগ্রীৰে দেশখনৰ বজাৰ ভৰি থাকে৷ এইবাৰ ইয়াৰ বিপৰীত ছবি এখন পৰিলক্ষিত হয়৷ দেশৰ জনসাধাৰণে চীনা সামগ্রীলে চকুৱেই নিদিলে৷ কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছৰ তথ্য অনুসৰি এইবেলি দীপাৱলীৰ সময়ছোৱাত ভাৰতীয় গ্রাহকৰ অনীহাৰ বাবে চীনৰ অর্থনীতিয়ে এক লাখ কোটি টকাতকৈও অধিকৰ লোকচান ভৰিবলগীয়া হৈছে৷ গালৱান, অৰুণাচল প্রদেশত বাৰে বাৰে ভাৰতৰ সার্বভৌমত্বক প্রত্যাহ্বান জনাই অহা চীনক এইদৰে অর্থনৈতিক আঘাত দিয়াটো জৰুৰী আছিল৷ চীনক কাবু কৰিবলৈ অর্থনৈতিক অস্ত্রৰ বিকল্প নাই৷ ভাৰতে চীনক আৰু আঘাত দিব লাগিব৷ দেশখনত দ্রুত আন্তঃগাঁথনিৰ বিকাশ ঘটাই চীনৰ পৰা উৎপাদন ক্ষেত্রখন আঁজুৰি আনিব লাগিব৷ এই মুহূর্তত বিশ্ব ভাৰতৰ সৈতে আছে৷ চীনক কোনেও ভৰসা নকৰে৷ ভাৰত সকলোৰে বিশ্বস্ত৷

You might also like