নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যু শিবিৰ গাজাৰ হাস্পতাল

ইজৰাইলী বোমাবর্ষণত ক্ষত–বিক্ষত গাজাৰ হাস্পতাল এতিয়া মৃত্যু শিবিৰত পৰিণত হৈছে৷ হাস্পতালসমূহত তিলতিলকৈ ৰোগীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ উপৰি ইজৰাইলী বোমা আক্রমণত নিহত লোকৰ মৃতদেহবোৰ শাৰী শাৰীকৈ পেলাই থোৱা হৈছে৷ এই ঘটনাক কেন্দ্র কৰি আমেৰিকা তথা পাশ্চাত্যৰ বিশ্বৰ সৈতে আৰব বিশ্বৰ সংঘাত তীব্রতৰ হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি যুদ্ধবিধ্বস্ত গাজাৰ হাস্পতালত সকলো মানৱীয় চর্ত উলংঘা কৰিছে ইজৰাইলে৷ হাস্পতালসমূহত উদ্দেশ্য প্রণোদিতভাৱে বন্ধ কৰি দিয়া হৈছে পানী আৰু বিদ্যুৎ যোগান৷ অস্ত্রোপচাৰ কক্ষসমূহত চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰিছে দুৰাৰোগ্য ৰোগত আক্রান্ত ৰোগী৷ আনকি সদ্যোজাত শিশুবোৰো তিলতিলকৈ মৃত্যুমুখত পৰিছে৷ ইয়াৰ পিছতো ইজৰাইলক যুদ্ধবিৰতিৰ বাবে সৈমান কৰিব পৰা নাই আমেৰিকা তথা ইউৰোপীয় দেশসমূহে৷ চৰম মানৱীয়তা উলংঘাৰ পিছতো ইজৰাইলক হামাছবিৰোধী অভিযানত বিভিন্ন দেশে সমর্থন কৰি আছে৷ গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলে চলোৱা হিংস্র প্রত্যাক্রমণত এতিয়ালৈকে ১২সহস্রাধিক নিৰীহ পেলেস্তাইনী লোক নিহত হৈছে৷ নিহত লোকসকলৰ অধিকসংখ্যকেই শিশু আৰু মহিলা৷ ইয়াৰ উপৰি ঘুণীয়া হৈছে কেইবা হাজাৰো লোক৷ ইফালে যুদ্ধভূমি গাজাত এতিয়া সাধাৰণ মানুহৰ বাবে আশ্রয় ল’বলৈ ঠাই নোহোৱা হৈ পৰিছে৷ গাজাৰ বৃহত্তম হাস্পতাল আল–ছিফা খালী কৰি দিয়াৰ বাবে হুংকাৰ দিছে ইজৰাইলী সেনাই৷ এই হাস্পতালখনৰ চৌহদত ইতিমধ্যে কেইবাশও মৃতদেহ সমাধিস্থ কৰা বুলি হাস্পতাল কর্তৃপক্ষই সদৰী কৰিছে৷ লক্ষণীয়ভাৱে হাস্পতালখনত থকা দুই সহস্রাধিক ৰোগী তথা দুর্গত লোকক তাৎক্ষণিকভাৱে আঁতৰি যাবলৈ ইজৰাইলী সেনাই নির্দেশ দিয়াৰ উপৰি হাস্পতালখনত হামাছৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিব বুলি হুংকাৰ দিছে৷ এই বিষয়টোক লৈ সৰৱ হৈ পৰিছে বিশ্বৰ মানৱ অধিকাৰ সংগঠনসমূহ৷ তথাপি আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে ইজৰাইলৰ এই নৃশংস আচৰণ সত্ত্বেও মৌনতা অৱলম্বন কৰিছে৷ লক্ষণীয়ভাৱে উত্তৰ গাজা ইজৰাইলৰ আক্রমণত বিধ্বস্ত হৈ পৰাৰ পিছত এইবাৰ দক্ষিণ গাজাত আৰম্ভ কৰা হৈছে বোমাবর্ষণ৷ এই বোমাবর্ষণত তাৎক্ষণিকভাৱে ৩২গৰাকী লোক নিহত হোৱা বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ দক্ষিণ গাজাৰ হাস্পতাল সূত্রই সদৰী কৰা অনুসৰি ইজৰাইলী বাহিনীয়ে আক্রমণ চলোৱাৰ ফলত নিৰীহ শিশু আৰু মহিলা নিহত হৈছে৷ পৰিতাপৰ বিষয়টো হৈছে উত্তৰ গাজাৰ দৰে দক্ষিণ গাজাৰ আৱাসিক অঞ্চলসমূহত বোমাবর্ষণ কৰিছে ইজৰাইলে৷
দক্ষিণ গাজাত ইতিমধ্যে কেবাটাও প্রাসাদ ধ্বংসস্তূপত পৰিণত হৈছে৷ ইজৰাইলী সেনাই নৃশংসভাৱে গাজা ভূখণ্ডত আক্রমণ চলাই আছে যদিও নিৰীহ লোকৰ ওপৰত অত্যাচাৰ চলোৱা অভিযোগ অস্বীকাৰ কৰিছে৷ ইজৰাইলৰ এয়া এক চৰম মিথ্যাচাৰ বুলি প্রমাণ হৈছে৷ হামাছৰ গইনা লৈ গাজা ভূখণ্ডত অসামৰিক লোকৰ বসতি অঞ্চলত আক্রমণ কৰাৰ ফলত নিৰীহ পেলেস্তাইনী লোক নিহত হোৱা বুলি আৰব বিশ্বৰ কেইবাখনো দেশে অভিযোগ কৰি থকাৰ সময়তো ইজৰাইলে এই অভিযোগ অস্বীকাৰ কৰি আহিছে৷ পৰিতাপৰ বিষয়টো হৈছে যুদ্ধভূমি গাজাত ইজৰাইলে হামাছৰ পাশৱিকতাৰ প্রতিশোধ ল’বলৈ চলোৱা আক্রমণ নিৰীহৰ বিৰুদ্ধে সন্ত্রাস হিচাপে চিহ্ণিত হোৱাৰ পিছতো বিশ্বৰ বিভিন্ন দেশৰ মানৱ অধিকাৰ প্রসংগত উদ্বেগ প্রকাশ কৰা হোৱাইট হাউছ প্রশাসন নীৰৱে আছে৷ আমেৰিকাৰ এই ভূমিকাই অসন্তুষ্ট কৰি তুলিছে বিভিন্ন দেশক৷ তথাপি আমেৰিকাই ইজৰাইলক যুদ্ধবিৰতিৰ বাবে সৈমান কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ গ্রহণ কৰা নাই৷ বৰঞ্চ হামাছমুক্ত গাজা কাৰ হাতত ৰাখিব তাক লৈ ৰণকৌশল চলাই আছে হোৱাইট হাউছে৷ যুদ্ধভূমি গাজাত এনেদৰে পাইকাৰী হাৰত নিৰীহ লোকক বধ কৰা ঘটনাক লৈ মানৱ অধিকাৰ সংগঠনসমূহে তীব্র ক্ষোভ উজাৰি আছে যদিও বহু দেশে সমগ্র ঘটনাক লৈ দ্বৈত চৰিত্র গ্রহণ কৰিছে৷ এফালে হামাছৰ সন্ত্রাসক লৈ গৰিহণা দিছে, আনফালে কৌশলেৰে পেলেস্তাইনৰ স্বাধীনতাৰ প্রসংগৰ কথা কৈও গাজা ভূখণ্ডত ইজৰাইলক নির্বিচাৰ হত্যালীলা চলোৱাৰ অনুমতি প্রদান কৰিছে৷ এনে পৰিপ্রেক্ষিতত আজি সমগ্র বিশ্ব দুই শিবিৰত বিভক্ত হোৱাৰ আশংকাই দেখা দিছে৷ বিগত ৭০ বছৰতকৈ অধিককাল ধৰি পেলেস্তাইনক চেপি খুন্দি নিঃশেষ কৰিবলৈ চেষ্টা চলোৱা ইজৰাইলৰ বিৰুদ্ধে স্বাভাৱিকতে আৰব বিশ্বত ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ হামাছবিৰোধী অভিযানৰ গইনা লৈ গাজা ভূখণ্ডত পেলেস্তাইনীৰ বিৰুদ্ধে ইজৰাইলে চলোৱা পাশৱিক হত্যালীলাৰ বাবে সমগ্র মধ্যপ্রাচ্যত অশান্তিৰ আশংকা ঘনীভূত হৈছে৷ বিভিন্ন দেশে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দিয়াও পৰিলক্ষিত হৈছে৷ ইফালে, হামাছৰ সমান্তৰালকৈ লেবাননৰ হিজবুল্লা আৰু ৱেষ্ট বেংকৰ ইছলামিক জেহাদেও ইজৰাইলৰ বিৰুদ্ধে আক্রমণ চলাইছে৷ গতিকে মধ্যপ্রাচ্যৰ যুদ্ধ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা তীব্রতৰ হৈছে৷

You might also like