তেলেংগানাৰ ডিজিপিক নিলম্বনৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ
বিশেষ বাৰ্তা, ৩ ডিচেম্বৰঃ তেলেংগানাৰ আৰক্ষী সঞ্চালকপ্ৰধান অঞ্জনী কুমাৰক আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ বাবে নিলম্বন কৰাৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে। সংবাদ সংস্থা পিটিআইয়ে সূত্ৰৰ উদ্ধৃতি দি আজি এই তথ্য প্ৰদান কৰে। সংবাদ সংস্থা এএনআইৰ মতে, তেলেংগানাৰ ডিজিপিয়ে ৰাজ্যিক আৰক্ষীৰ ন’ডেল বিষয়া সঞ্জয় জৈন আৰু ন’ডেল (ব্যয়) বিষয়া মহেশ ভাগৱতৰ সৈতে হায়দৰাবাদত থকা তেওঁৰ বাসগৃহত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তথা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰেৱন্ত ৰেড্ডীক সাক্ষাৎ কৰে। ডিজিপিয়ে তেওঁক এটি ফুলৰ থোপাও উপহাৰ দিছিল। ৰেভান্ত ৰেড্ডীৰ সৈতে ডিজিপিৰ বৈঠকৰ পিছত নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰে। বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ মাজতে ডিজিপিৰ এই বৈঠকৰ পিছতে পোহৰলৈ আহিছে নিৰ্বাচন আয়োগৰ এই কাৰ্য। আজি বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পোৱা ভোট গণনাত মধ্যপ্ৰদেশ, ছত্তিশগড় আৰু ৰাজস্থানত বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছে তেলেংগানাত ডাঙৰ সকাহ পাইছে। কংগ্ৰেছে যেন সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে তেলেংগানাত চৰকাৰ গঠন কৰিছে। বিজয়ৰ সম্ভাৱনাক লৈ ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বীগৰাকীক অভিনন্দন জনাইছে দলৰ সমৰ্থকসকলে। ইফালে ৰেভান্ত ৰেড্ডীৰ সৈতে ডিজিপিৰ বৈঠক লাইমলাইটলৈ আহে। তেলেংগানাৰ ফলাফলত এইবাৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে বি আৰ এছ।
#বাৰ্তা ডেস্ক