ছত্তিশগড়ত ফুলিল বিজেপিৰ পদুম
বিশেষ বাৰ্তা, ৩ ডিচেম্বৰঃ শাসকীয় কংগ্রেছক উৎখাত কৰি ছত্তিশগড়ৰ গাদী দখল বিজেপিৰ৷ আজি ঘোষিত বিধানসভা নির্বাচনৰ ফলাফলত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ বাবে প্রয়োজনীয় মেজিক সংখ্যা অতিক্রম কৰিবলৈ সক্ষম হয়৷ কংগ্রেছক উৎখাট কৰি বিজেপিয়ে ৯০ খন আসনৰ ভিতৰত ৫৪খন আসনত অগ্রগতি লাভ কৰি চৰকাৰ গঠন কৰাটো নিশ্চিত কৰিছে৷ সন্ধিয়া ৭ বজাত নির্বাচন আয়োগে প্রকাশ কৰা তথ্য অনুসৰি ৫৪খন অগ্রগতি লাভ কৰি থকা আসনৰ ভিতৰত ২১খনত জয়লাভ কৰিছে৷ বাকী আসনকেইখনতো প্রতিদ্বন্দ্বী প্রার্থীতকৈ অধিক আগবাঢ়ি আছে৷ আনপিনে শাসকীয় কংগ্রেছে মাত্র ৩৬খন আসনত আগবাঢ়ি আছে৷ ইয়াৰে ১৫খন আসনত জয়লাভ কৰাৰ বিপৰীতে ২১খন অগ্রগতিত আছে৷ সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই আজি ভোটগণনাত শাসকীয় কংগ্রেছক ওফৰাই বিজেপিয়ে ছত্তিশগড় নিজৰ দখললৈ আনিবলৈ সক্ষম হয়৷ উল্লেখ্য যে শাসকীয় কংগ্রেছে শোচনীয় পৰাজয় বৰণ কৰাৰ পাছত মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে ৰাজ্যপালৰ হাতত পদত্যাগপত্র দাখিলৰ প্রস্তুতি চলাইছে৷
#বাৰ্তা ডেস্ক