সম্পাদকীয় : আৰএছএছৰ শতবর্ষ
অহা ২০২৫ চনত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘই শতবর্ষত ভৰি দিব৷ এটা স্বেচ্ছাসেৱী সংগঠনে ইমান সময় অতিক্রম কৰা আৰু প্রতিদিনে সামাজিক গুৰুত্ব বৃদ্ধি কৰি নিয়া কথাটো অকল বিস্ময়কৰেই নহয়, গৱেষণাৰো বিষয়৷ যোৱা কেইটামান দশকত ভাৰতত অনা–চৰকাৰী সংগঠনৰ শ্রীবৃদ্ধি হৈছিল আৰু বহু সংগঠন অকল বিত্তীয় লাভৰ বাবেই কৌশলীভাৱে পৰিচালনা কৰা খবৰো প্রকাশ হৈছিল৷ বিদেশৰ পৰা অহা ধনৰ প্রসংগ আছিল আন এটি সন্দেহজনক ঘটনা৷ এই পৰিৱেশত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘই কেৱল এক ভাৰত শ্রেষ্ঠ ভাৰতৰ আদর্শ আগত লৈ এশ বছৰ অতিক্রম কৰা কথাটো মানৱ সম্পদৰ গৱেষকসকলৰ বাবে গৱেষণাৰ বিষয় হোৱা উচিত৷ ৫০ লাখতকৈ অধিক সক্রিয় সদস্যৰ এই সংঘৰ মানৱ সম্পদ পৰিচালনাৰ বাবে কৰা পৰিকল্পনা আৰু তাৰ কার্যনির্বাহ পদ্ধতি পৰিচালনা বিষয়ৰ পাঠ্যক্রমৰ অংশ হোৱা উচিত৷ এটা বিস্তৃত নেটৱর্ক নির্মাণ কৰি লৈ সংঘই সমাজৰ বৃহত্তৰ মংগলৰ বাবে গণ আন্দোলন সফলতাৰে চলাহ নিছে৷ সামাজিকভাৱে বঞ্চিত ৮ লাখতকৈ অধিক জনজাতীয় ছাত্র–ছাত্রীৰ বাবে সংঘই দুর্গম জনজাতীয় অঞ্চলত ২৭ হাজাৰ একল বিদ্যালয় চলাহ আছে৷ এয়া সংঘৰ সমাজ নির্মাণৰ বহু পদক্ষেপৰ ভিতৰত এটা মাত্র৷ ১৯৬২ চনত চীন–ভাৰত যুদ্ধৰ সময়ত সমাজৰ প্রতি সংঘৰ অৱদান অপৰিসীম আছিল৷ দেশৰ বিভিন্ন প্রান্তৰ পৰা স্বয়ংসেৱকসকলে ভাৰতৰ ডত্তৰ–পূর্বাঞ্চলত একত্রিত হৈ সেহ কষ্টকৰ সময়ত সেনাৰ লগতে স্থানীয় লোককো সহায় কৰিছিল৷ ১৯৬৩ চনৰ ভাৰতীয় গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনাহ তেওঁলোকৰ নিষ্ঠাৱান অৱদানক সমগ্র জাতিটোৱে স্বীকৃতি দিছিল৷ এই কাম কৰা হৈছিল তেতিয়াৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে বিশেষ হংগিতত, অথচ এই নেহৰুৰ নির্দেশতেই সংঘক এসময়ত নিষিদ্ধ কৰা হৈছিল৷ সংঘক মুকলিকৈ সমালোচনা কৰা বিখ্যাত সাংবাদিক খুশৱন্ত সিঙেও স্বীকাৰ কৰিছিল যে ১৯৮৪ চনৰ শিখবিৰোধী ভয়ানক দাংগাত দিল্লীত হত্যাকাৰীয়ে শিখসকলক হত্যা কৰিবলৈ হুলস্থূল কৰাৰ সময়ত সংঘই শিখসকলৰ ওচৰত থিয় হৈছিল, য’ত আনকি চৰকাৰী ব্যৱস্থাও বিকল হৈ পৰিছিল৷
কিন্তু সংঘ আৰম্ভণিৰে পৰা ভুল প্রচাৰৰ বলি হৈ আহিছে৷ জনমানসত এনে এখন ছবি দিবলৈ চেষ্টা কৰি থকা হৈছে যে সংঘ মানেই গোডা হিন্দু, মুছলমানবিৰোধী৷ সংঘৰ শীর্ষ পদাধিকাৰী মোহন ভাগৱতে কৈছিল যে সাধাৰণ মানুহবাদেই, বহু পণ্ডিতেই সংঘৰ বিষয়ে সঠিক কথা নাজানে কাৰণে সংঘৰ বিৰুদ্ধে পৰিকল্পিত মিথ্যা আৰু ভুল দিশ দেখুৱাব পৰা তথ্য প্রচাৰ কৰা হৈ আছে আৰু সংঘই সেইবোৰ কথাৰ বিৰোধিতা কৰি নিজৰ প্রতিক্রিয়া প্রদর্শন কৰা নাই৷ কিন্তু তথ্য–প্রযুক্তিৰ বিস্ফোৰণৰ সময়ত সংঘৰ কথা প্রকাশ হ’বলৈ বাধ্য হ’ল আৰু সঠিক তথ্য প্রচাৰৰ কথা বিবেচনা কৰি সংঘই ১৯৯৪ চনত প্রচাৰ বিভাগৰ আৰম্ভণি কৰে৷ এই বিভাগৰ আৰম্ভণিৰ পৰাই সামাজিকভাৱে সংঘৰ প্রসংগত আলোচিত হ’বলৈ আৰম্ভ কৰা কথাবোৰৰ ৰূপ সলনি হ’বলৈ ধৰিলে৷ সাধাৰণ লোকে সংঘৰ খবৰ পূর্বৰ তুলনাত বেছিকৈ পাবলৈ আৰম্ভ কৰিলে৷ কিন্তু সংঘৰ এই পৰিৱর্তন বিৰোধীসকলৰো চকুত নপৰাকৈ নাথাকিল৷ সংঘ আৰু ভাৰতীয় দর্শনবিৰোধী শক্তিসকলো অধিক আগ্রাসনী ৰূপত আগবাঢ়ি আহিছিল সংঘক বাধা দিয়াৰ উদ্দেশ্য আগত লৈ৷ এয়া সন্মুখ সমৰ নাছিল, আছিল বৌদ্ধিক আক্রমণ৷ সংঘই যেতিয়া এক ভাৰতৰ কথা কয়, তাৰ বিপৰীতে পৰিকল্পিতভাৱে ভাৰতবিৰোধী শ্লোগান দিয়া হয়, সন্ত্রাসবাদীক নায়ক সজোৱা হয় আৰু এনে ধৰণৰ এটা বাক্ধাৰা নির্মাণৰ চেষ্টা চলোৱা হয়৷ সংঘ আৰু বিজেপিক একাকাৰ কৰি বাক্ধাৰা নির্মাণ কৰা হয়৷ কিন্তু শেহতীয়াভাৱে, বিশেষকৈ নতুন প্রজন্মৰ অধ্যয়ন–আগ্রহৰ ফলত সংঘৰ বলিষ্ঠ আদর্শক অধিক মুকলি ঠাইত স্থাপন কৰা হৈছে৷ সংঘই যি ভাৰতীয় জীৱনশৈলীৰ কথা কয়, তাৰ যুক্তি নতুন পুৰুষে উপলব্ধি কৰিছে আৰু তাৰ ফলতেই সংবাদ আৰু সাহিত্যত ইয়াৰ প্রতিফলন ঘটিছে৷ শ শ বছৰ ধৰি বিদেশীৰ অধীনত থাকি আৰু তাৰ পিছতো বিদেশী ধাৰণাৰ মোহত পৰি নিজ দেশক অৱমাননা কৰিবলৈ একোটা প্রজন্মক প্রলোভিত কৰাৰ যি মানসিকতা চলি আহিছিল, সংঘই সেই বাক্ধাৰাৰ মায়াৱী আভৰণ আঁতৰাবলৈ সক্ষম হৈছে৷ সংঘৰ শতবর্ষ এই ধৰণে নতুন চিন্তাৰ প্রকাশেৰে উদ্যাপিত হ’লে সংঘই বিচৰা সামাজিক ৰূপান্তৰৰ কাম সহজ হৈ উঠিব৷