সম্পাদকীয় : পল লিন্সৰ বুকাৰ বিজয়ী উপন্যাস ‘প্রফেট ছং’
আইৰিছ লেখক পল লিন্সৰ ‘প্রফেট ছঙে’ ২০২৩ চনৰ সন্মানজনক বুকাৰ বঁটা অর্জন কৰিলে৷ লণ্ডনৰ ভাৰতীয় বংশোদ্ভুত লেখিকা চেতনা মাৰুৰ প্রথম উপন্যাস ‘ৱেষ্টার্ন লেন’ক অতিক্রম কৰি আঁজুৰি নিয়ে এই বঁটা৷ ৪৬ বছৰীয়া লিন্সে তেওঁৰ উপন্যাস ‘প্রফেট ছং’ত আয়াৰলেণ্ডৰ এটি অস্থিৰ সময়ৰ দৃষ্টিভংগী উপস্থাপন কৰিছে৷ এই দৃষ্টিভংগীক ঔপন্যাসিকগৰাকীয়ে মৌলিক সহানুভূতিৰ প্রচেষ্টাৰূপে বর্ণনা কৰিছে৷ ডাবলিনৰ প্রেক্ষাপটত ৰচনা কৰা ‘প্রফেট ছং’ত এখন ভয়াৱহ নতুন জগতৰ সৈতে যুঁজ দিয়া এটা পৰিয়ালৰ কাহিনী উপস্থাপন কৰিছে৷ লণ্ডনৰ অ’ল্ড বিল্ডিংছগেটত আয়োজিত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত ‘দ্য ছেভেন মুনছ অৱ মালি আলমেইডাৰ’ৰ বাবে যোৱাবছৰৰ বুকাৰ বঁটা বিজয়ী শ্রীলংকান লেখক ছেহান কৰুণাতিলকাৰ হাতৰ পৰা এই সন্মানীয় পুৰস্কাৰ গ্রহণ কৰে লিন্সে৷ লণ্ডনৰ এই বিশেষ অনুষ্ঠানত পল লিন্সৰ উপৰি আন পাঁচগৰাকী ঔপন্যাসিকা উপস্থিত আছিল৷ পুৰস্কাৰ বিজয়ীৰ সংক্ষিপ্ত তালিকাত তেওঁলোকৰ নামো অন্তর্ভুক্ত হৈছিল৷ মন কৰিবলগীয়া যে বুকাৰ সন্মান লাভ কৰা পল লিন্স হৈছে পঞ্চমগৰাকী আইৰিছ লেখক৷ ইয়াৰ পূর্বে এই সন্মান লাভ কৰিছে ছলমান ৰুশ্বডি, মার্গাৰেট এটউড আৰু হিলাৰী মেণ্টেলে৷ এই গ্রন্থখন লিখা যে বৰ সহজ নাছিল, সেই কথা বুকাৰ বঁটা গ্রহণ কৰি সদৰী কৰিছে লিন্সে৷ বুকাৰ বঁটা জয় কৰি লিন্সে অর্জন কৰে ৫০ হাজাৰ ইউৰো৷ এই বঁটা অর্জনৰ পিছতে লেখকগৰাকীৰ সন্মান, খ্যাতি, পৰিচিতি সকলো নিশাৰ ভিতৰতে আকাশলংঘী হৈ পৰিছে৷ লিন্সৰ এই গ্রন্থখনত পৰিস্ফুট হৈ পৰিছে ডাবলিনৰ আগন্তুক দিনত ঘটিবলগীয়া বহু ঘটনা৷ উপন্যাসখনৰ কাহিনীত প্রতিফলিত হৈছে এগৰাকী মাতৃৰ কাহিনী, যিগৰাকী মাতৃয়ে তেওঁৰ চাৰি সন্তানক একনায়কত্ববাদী চৰকাৰৰ পৰা ৰক্ষা কৰিব বিচাৰিছে৷ আমোদজনক বিষয়টো হ’ল– গ্রন্থখনত নাই কোনো দফা৷ এয়াই গ্রন্থখন আৰু লেখকৰ বিশেষত্ব৷ লিন্সৰ এইখন পঞ্চম গ্রন্থ৷ গ্রন্থখন সম্পর্কত লেখক পল লিন্সে কয়– মই গ্রন্থখন লিখি থকা সময়ত মোৰ বিবেকে বাৰে বাৰে কৈছিল মই এইখন লিখি কেৰিয়াৰ নষ্টকৰিছোঁ৷ তথাপি গ্রন্থখন ৰচনাৰ পৰা মই বিৰত থাকিব পৰা নাছিলোঁ৷ মই কেৱল জানিছিলোঁ যে গ্রন্থখন যিকোনো প্রকাৰে লিখিবই লাগিব৷ এই গ্রন্থখনত সামাজিক আৰু ৰাজনৈতিক টনা–আঁজোৰা সুন্দৰভাৱে ধৰা পৰা বুলিও লেখকে জানিবলৈ দিছে৷ বুকাৰ বঁটাৰ বিচাৰকমণ্ডলীৰ অন্যতম বিচাৰক তথা কানাডিয়ান লেখক এচি এডুগানে কয়– উপন্যাসখন পঢ়ি গৈ থাকোঁতে পাঠকসকল ইমানেই মোহিত হৈ পৰিব যে এয়া বাস্তৱ বুলি তেওঁলোকে ধাৰণা কৰিব৷ আনকি ইয়াত যি সতর্কবাণী দিয়া হৈছে সেই কথাও তেওঁলোকে পাহৰি যাব৷
মন কৰিবলগীয়া যে বিশ্ব সাহিত্যৰ অন্যতম মর্যাদাসম্পন্ন পুৰস্কাৰ হিচাপে বিবেচিত হৈ আহিছে বুকাৰ বঁটা৷ প্রতিবছৰে বিগত এটা বছৰত প্রকাশিত শ্রেষ্ঠ পূর্ণদৈর্ঘ্যৰ উপন্যাসৰ বাবে এই বঁটা আগবঢ়োৱা হয়৷ অৱশ্যে গ্রন্থৰ লেখক কমনৱেল্থ, জিম্বাব’ৱে অথবা আয়াৰলেণ্ডৰ নাগৰিক হ’ব লাগিব৷ তদুপৰি উপন্যাসখন ৰচিত হ’ব লাগিব ইংৰাজী ভাষাত৷ এইবাৰ বুকাৰ পুৰস্কাৰ লাভ কৰা আইৰিছ লেখক পল লিন্স তেওঁৰ কাব্যিক, গীতিশৈলী আৰু জটিল বিষয়বস্তু অন্বেষণৰ বাবে পৰিচিত৷ ইতিমধ্যে তেওঁৰ পাঁচখন উপন্যাস প্রকাশ হৈছে আৰু গ্রন্থসমূহে কেৰি গ্রুপ আইৰিছ ফিকচনসহ ভালেসংখ্যক পুৰস্কাৰ লাভ কৰিছে৷ কিন্তু পঞ্চমখন উপন্যাস ‘প্রফেট ছং’ৰ বাবে লাভ কৰা বুকাৰ পুৰস্কাৰে তেওঁক সমগ্র বিশ্ব সাহিত্যত অধিক পৰিচিতি প্রদান কৰে৷ ১৯৭৭ চনৰ ৯ মে’ত আয়াৰলেণ্ডৰ লিমেৰিকত তেওঁৰ জন্ম হয়৷ ২০১৪ চনত প্রকাশ পায় লিন্সৰ ‘দ্য ব্লেক স্ন’’, ২০১৭ত প্রকাশিত ‘গ্রেছ’, ‘বিয়ণ্ড দ্য ছি (২০১৯), ‘ৰেড স্কাই ইন মর্নিং’ (২০১৩) তেওঁৰ অন্যতম সৃষ্টি৷ তেওঁ ২০১৬ চনত প্রিক্স লিব্র’আ নউছ, ২০১৮ চনত কেৰি গ্রুপ আইৰিছ ন’ভেল অৱ দ্য ইয়েৰ আৰু ২০২৩ চনত বুকাৰ পুৰস্কাৰ লাভ কৰে৷ লিন্সৰ ৯ মাহ বয়সতে তেওঁৰ পিতৃ–মাতৃ আয়াৰলেণ্ডৰ উত্তৰ প্রদেশ আলষ্টাৰৰ কাউণ্টী ডোনেগালৰ উত্তৰ দিশলৈ গুচি যায়৷ তাতেই তেওঁ শৈশৱ অতিবাহিত কৰে৷ তেওঁৰ পিতৃ–মাতৃয়ে আলষ্টাৰৰ উত্তৰ উপকূল ৰেখাৰ এটি উপদ্বীপ ইনিছ’ভেনৰ উত্তৰে বসতি স্থাপন কৰে৷ তাতেই শৈশৱ আৰু কৈশোৰ অতিবাহিত কৰাৰ পিছত তেওঁ ইনিছ’ভেন আৰু ১৯৯৫ চনৰ পৰা কাউণ্টী ডোনেগালত থাকিবলৈ লয়৷ লিন্সৰ উপন্যাসসমূহত সাধাৰণতে মানৱ আত্মাৰ বিচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়৷ তেওঁৰ সৃষ্টিকর্মক ‘ৱ’ল্ড, গ্রেণ্ডি’জ, মেছমেৰিক’ হিচাপে বর্ণনা কৰা হৈছে৷ সাহিত্যিকগৰাকীৰ লেখাবোৰক মেকার্থি, উইলিয়াম ফকনাৰ, হাৰমেন মেলভিল, ছিমাছ হেনি আৰু ছেমুৱেল বেকেটৰ দৰে উচ্চ পর্যায়ৰ সাহিত্যিকৰ সৈতে তুলনা কৰা হয়৷ কাব্যিক ভাষাক তীব্র বাস্তৱবাদৰ সৈতে মিশ্রিত কৰাৰ ক্ষমতা লিন্সৰ আছে আৰু মানুহৰ অৱস্থাৰ বিষয়ে তেওঁৰ অন্তর্দৃষ্টি অপৰিসীম৷ তদুপৰি লিন্সক তেওঁৰ প্রজন্মৰ শীর্ষস্থানীয় আইৰিছ লেখকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়৷ তেওঁৰ প্রথম উপন্যাস ‘ৰেড স্কাই ইন মর্নিং’–এ মার্কিন যুক্তৰাষ্ট্র আৰু ফ্রান্সতো সমাদৰ লাভ কৰিছিল৷ উপন্যাসখন তেওঁ ফিলাডেলফিয়াৰ নিকটৱর্তী ডাফিছ কার্যৰ খনন সম্পর্কীয় এখন তথ্যচিত্রৰ দ্বাৰা অনুপ্রাণিত হৈ লিখিছিল৷ যি স্থানত মূলতঃ অলষ্টাৰৰ পৰা অহা আইৰিছ অভিভাসীসকলৰ এটি গণকবৰ আৱিষৃকত হৈছিল৷ এই উপন্যাসখনৰ বিষয় হৈছে দেশ ত্যাগ, বর্ণবাদ আৰু নৃশংসতা৷ লিন্সৰ দ্বিতীয়খন উপন্যাস ‘দ্য ব্লেক স্ন’ হৈছে এগৰাকী আইৰিছ প্রব্রজনকাৰীৰ কাউণ্টী ডোনেগাললৈ প্রত্যাৱর্তনৰ কৰুণ কাহিনী৷ এই উপন্যাসখন অসংখ্য বঁটাৰ বাবে নির্বাচিত হৈছিল আৰু ফ্রান্সৰ ‘প্রিঁ লিব্রা নউছ পুৰস্কাৰ লাভ কৰিছিল৷ এই পুৰস্কাৰ শ্রেষ্ঠ বিদেশী উপন্যাসৰ বাবে প্রদান কৰা হয়৷ তেওঁৰ তৃতীয় উপন্যাস ‘গ্রেছ’ আৰু চতুর্থ উপন্যাস বহু আগশাৰীৰ পুৰস্কাৰৰ বাবে বিবেচনালৈ আহিছিল৷ লিন্সৰ পঞ্চমখন উপন্যাস ‘প্রফেট ছঙে’ সন্মানীয় বুকাৰ জয় কৰি তেওঁৰ সাহিত্য সৃষ্টিক অধিক জনমুখী কৰিলে৷