ৰাহুলক ট্ৰ’ল কৰিলে মনত মই বহুত কষ্ট পাওঁ : সুনীল ছেট্টী
বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ চলিত বৰ্ষৰ জানুৱাৰী মাহত টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন কে এল ৰাহুলৰ সৈতে বিবাহপাশত আবদ্ধ হয় সুনীল ছেট্টীৰ দুহিতা আথিয়া শ্বেট্টীৰ। আথিয়াৰ লগতে সুনীল ছেট্টীয়েও জোঁৱাইক বিৰাট ভাল পায়। শহুৰেক আৰু জোঁৱাইৰ মাজত বহুত ভাল বন্ধন আছে। এতিয়া তেওঁ ইয়াৰ প্ৰমাণো দিছে। জোঁৱাইক লৈ উদ্বেগ প্ৰকাশ কৰি সুনীল ছেট্টীয়ে কয় যে কোনোবাই ৰাহুলক ট্ৰ’ল কৰিলে তেওঁৰ বৰ বেয়া লাগে। হয়, শেহতীয়াকৈ এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে ‘কোনোবাই ৰাহুলৰ বিষয়ে বেয়াকৈ ক’লে ৰাহুল আৰু আথিয়াতকৈ বেছি কষ্ট অনুভৱ কৰো। কিন্তু ৰাহুলে মোক সদায় বুজাই কয় যে পাপা এই সকলো কথা হৃদয়ত নল’বা। মোৰ বেটে পিছত সকলো কথা ক’ব। সুনীল ছেট্টীয়ে আৰু কয় যে মই ক্ৰিকেটৰ বিষয়ে অতি ছুপাৰ এক্সপাৰ্ট। যেতিয়াই ৰাহুল খেলপথাৰত আহে, মই বৰ অস্থিৰ হৈ পৰো। কাৰণ সি মোৰ সন্তান। মই সদায় বিচাৰিম যে তেওঁ জয়ী হওক। তেওঁৰ চকুলৈ চালেই বুজি পাওঁ এইটো কিমান ডাঙৰ কথা। অভিনেতাজনে কয় যে ‘যদি আপোনাৰ সন্তানে ভাল প্ৰদৰ্শন কৰিব নোৱাৰে তেন্তে ভিতৰি ভিতৰি চিন্তাত পৰে। মই জানো যে ৰাহুল সমগ্ৰ বিশ্বৰ বাবে এজন ডাঙৰ খেলুৱৈ কিন্তু মই তেওঁক মোৰ সন্তান হিচাপে দেখিছোঁ।
#বাৰ্তা ডেস্ক