নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বৰ্ষত চৰ্চিত কেইখনমান ষ্টাৰ ক্ৰিকেটাৰৰ বিয়া

বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰঃ ২০২৩ চনত বহু ক্ৰিকেটাৰে জীৱনৰ দ্বিতীয় ইনিংছ মুকলি কৰিলে। নিজৰ সংগী বিচাৰি বিয়া পাতিলে। ২০২৩ চন আছিল ক্ৰিকেটাৰৰ বিয়াৰ বছৰ। সমগ্ৰ বিশ্বৰ বহু তাৰকা ক্ৰিকেটাৰে নিজৰ সংগীক নিজৰ কৰি লয়। তেওঁলোকৰ ভিতৰত অন্যতম ভাৰতৰ কে এল ৰাহুল। ভাৰতীয় দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলে বছৰৰ প্ৰথম মাহত অৰ্থাৎ ২০২৩ চনৰ জানুৱাৰী মাহত বলীউডৰ অভিনেত্ৰী আথিয়া শ্বেটীক বিয়া কৰায়। বলীউডৰ অভিনেতা সুনীল শ্বেট্টীৰ কন্যা আথিয়া। তাৰ পিছত ভাৰতৰে শাৰ্দুল ঠাকুৰ। ভাৰতীয় বেগী বলাৰ শাৰ্দুল ঠাকুৰেও ২০২৩ চনৰ জানুৱাৰী মাহত বিবাহপাশত আবদ্ধ হৈছিল। শাৰ্দুলে মিতালী পাৰুলকাৰৰ লগত বিবাহপাশত আবদ্ধ হয়। বিয়াৰ দুবছৰমান আগতে শাৰ্দুল ঠাকুৰৰ বাগ্দান হৈছিল। তাৰ পিছতে অক্ষৰ পেটেল। ভাৰতীয় দলৰ তাৰকা অল ৰাউণ্ডাৰ অক্ষৰ পেটেলে ২০২৩ চনৰ প্ৰথম মাহত অৰ্থাৎ জানুৱাৰী মাহত বিবাহপাশত আবদ্ধ হয়। অক্ষৰে তেওঁৰ প্ৰেমিকা মেহা পেটেলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তাৰ পিছতে মুকেশ কুমাৰ। ভাৰতীয় বেগী বলাৰ মুকেশ কুমাৰে শেহতীয়াকৈ ২৮ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাৰ সময়ত বিবাহপাশত আবদ্ধ হয়। মুকেশে বিবাহৰ বাবে ছিৰিজৰ এখন মেচৰ পৰা ছুটী লৈছিল আৰু তাৰ পিছত পৰৱৰ্তী মেচত কামবেক কৰিছিল। তাৰ পিছতে ৰুতুৰাজ গাইকোৱাড। চলিত বৰ্ষৰ জুন মাহত টীম ইণ্ডিয়াৰ অ’পেনাৰ ৰুতুৰাজ গাইকোৱাড বিবাহপাশত আবদ্ধ হৈছিল। মহাৰাষ্ট্ৰ মহিলা দলৰ হৈ ঘৰুৱা ক্ৰিকেট খেলা ক্ৰিকেটাৰ উৎকৰ্ষ পাৱাৰৰ সৈতে বিবাহত বহে গাইকোৱাড। তাৰ পিছত ইমাম উল হক। পাকিস্তানৰ অ’পেনাৰ বেটছমেন ইমাম উল হকেও এইবাৰ বিবাহপাশত আবদ্ধ হয়। নৱেম্বৰ মাহত ইমামে বন্ধু আনমোল মেহমুদৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তাৰ পিছতে ছাদাব খান। পাকিস্তান ক্ৰিকেট দলৰ তাৰকা অলৰাউণ্ডাৰ ছাদাব খানেও এইবাৰ বিবাহপাশত আবদ্ধ হয়। ছাদাবে জানুৱাৰী মাহত পাকিস্তানী স্পিনাৰ ছাকলাইন মুস্তাকৰ কন্যাক বিয়া কৰাইছিল। তাৰ পিছতে জেৰাল্ড কোটজি। দক্ষিণ আফ্ৰিকাৰ যুৱ বেগী বলাৰ জেৰাল্ড কোটজীয়েও শেহতীয়াকৈ বিবাহপাশত আবদ্ধ হয়। ২৩ বছৰীয়া কীটজীয়ে ডিচেম্বৰ মাহতে বিয়া পাতিছিল। ২০২৩ চনৰ বিশ্বকাপত তেওঁৰ উজ্জ্বল প্ৰদৰ্শনৰ পিছতে লাইমলাইটলৈ আহে কোট্জী। তাৰ পিছতে প্ৰসিদ্ধ কৃষ্ণ। ওখ ভাৰতীয় বেগী বলাৰ প্ৰসিদ্ধ কৃষ্ণয়ো এইবাৰ বিবাহপাশত আবদ্ধ হয়। জুন মাহত কৃষ্ণই ৰচ্নাৰ লগত বিবাহপাশত আবদ্ধ হয়। তাৰ পিছতে নৱদীপ ছাইনী। আন এগৰাকী ভাৰতীয় বেগী বলাৰ নৱদীপ ছাইনীয়েও এইবাৰ বিবাহপাশত আবদ্ধ হয়। নৱেম্বৰ মাহত নৱদীপে বিবাহ অনুষ্ঠান সম্পন্ন কৰে। প্ৰেয়সী স্বাতী আস্থানাক বিয়া কৰাইছিল তেওঁ।

#বাৰ্তা ডেস্ক

You might also like