নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত গণৰাজ্য দিৱসৰ মুখ্য অতিথি ইমানুৱেল মেক্রন

বাৰ্তা ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰঃ ২০২৪ চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনক আমন্ত্রণ জনোৱা হৈছে৷ দেশৰ ৰাজধানী নতুন দিল্লীৰ লালকিল্লাত আয়োজিত গণৰাজ্য দিৱসৰ কার্যসূচীত ফ্রান্সৰ ৰাষ্ট্রপতি মেক্রনে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব বুলি কেন্দ্রীয় চৰকাৰৰ তথ্যত প্রকাশ পাইছে৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনক গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছিল যদিও বিশেষ নির্ধাৰিত কার্যসূচীৰ বাবে মার্কিন ৰাষ্ট্রপতি বাইডেন এই গণৰাজ্য দিৱসৰ উদ্যাপনত অংশ ল’ব নোৱাৰিব বুলি নিশ্চিত হোৱাৰ পিছতে ফ্রান্সৰ ৰাষ্ট্রপতিগৰাকীক আমন্ত্রণ জনোৱা হৈছে৷ মন কৰিবলগীয়া যে ২০২৪ চনৰ গণৰাজ্য দিৱসত ফ্রান্সৰ ৰাষ্ট্রপতি মেক্রনে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ পূর্বে ৫গৰাকী ফ্রান্সৰ মুৰব্বীয়ে এই কার্যসূচীত অংশগ্রহণ কৰিছিল৷ ৰাষ্ট্রপতি মেক্রন হ’ব দেশখনৰ ষষ্ঠগৰাকী নেতা৷ ইয়াৰ পূর্বে ১৯৭৬ আৰু ১৯৯৮ চনত ফ্রান্সৰ প্রাক্তন ৰাষ্ট্রপতি জেক চিৰাক, ১৯৮০ চনত তদানীন্তন ৰাষ্ট্রপতি ভেলাৰী গিছকার্ড ডি’এষ্টিং, ২০০৮ চনত নিকোলাছ ছার্কোজী আৰু ২০১৬ চনত ফ্রাংক’ইছ হ’লাণ্ডে মুখ্য অতিথিৰ আসন শুৱনি কৰিছে৷ উল্লেখ্য যে চলিত বর্ষৰ জুলাই মাহত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ফ্রান্সৰ বেষ্টিল ডে’ পেৰেডত অংশগ্রহণ কৰিছিল৷ এই অনুষ্ঠানটোত ৰাষ্ট্রপতি মেক্রনৰ আমন্ত্রণমর্মে প্রধানমন্ত্রী মোদীয়ে মুখ্য অতিথি হিচাপে অংশ লৈছিল৷

You might also like