সম্পাদকীয় : এখন শান্তি চুক্তিৰ উকমুকনিত
নতুন দিল্লীত এখন শান্তি চুক্তিয়ে এঙামুৰি দিছে৷ বছৰটোৱে বাগৰ সলোৱাৰ পূর্বেই চুক্তিখন স্বাক্ষৰ হ’ব পাৰে৷ অসমৰ বাবে আহিব পাৰে বহু আশা আৰু প্রতিশ্রুতিৰ বতৰা৷ চুক্তিখন আলফাৰ আলোচনাপন্থী গোট, কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সম্পন্ন হ’ব৷ তাত কি কি কথা, কি কি প্রতিশ্রুতি থাকিব অথবা সিয়ে অসমক কিদৰে কিমানখিনি ডপকৃত কৰিব, সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই৷ চৰকাৰ অথবা আলফাৰ তৰফৰ পৰাও একো স্পষ্ট কৰি দিয়া হোৱা নাই৷ বিষয়টোক লৈ ৰাজ্যখনত একধৰণৰ নীৰৱতা বিৰাজমান৷ অৱশ্যে কৌতূহল এটা সকলোৰে মাজত লাহে লাহে শিপাইছে৷ সম্ভৱতঃ সংবাদ মাধ্যমৰ তৎপৰতাৰ বাবে৷ তথাপি কিন্তু ডছাহৰ পৰিৱেশ ৰাজ্যখনৰ কোনো অংশতে পৰিলক্ষিত হোৱা নাই৷ সকলোৱে সতর্কতাৰে অপেক্ষাহে কৰা দেখা গৈছে৷ ইয়াৰ কাৰণ এইটোৱেই নেকি যে আলোচনা প্রক্রিয়াত পৰেশ বৰুৱা চামিল হোৱা নাই৷ অর্থাৎ কাংক্ষিত শান্তিলৈ এতিয়াও বহু দূৰ৷ নে আলফাৰ প্রতি অসমৰ জনসাধাৰণে আগ্রহ হেৰুৱাইছে? এখন চুক্তিৰ প্রাক্ ক্ষণত কাংক্ষিত–বাঞ্ছিত ছবিখন এই মুহূর্তলৈ অসমত পৰিলক্ষিত হোৱা নাই৷ কিন্তু কিয়? দেশে স্বাধীনতা লাভৰ পিছত বর্তমানলৈ অব্যাহত থকা আলফাৰ তথাকথিত সশস্ত্র সংগ্রামখনৰ সমান কোনো এটা সংগঠনৰ নেতৃত্বত চলা সংগ্রামে অসমত ইমান প্রভাৱ পেলাব পৰা নাছিল বা নাই৷ ১৯৭৯ চনৰ ৭ এপ্রিলত ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা যাত্রাৰম্ভ কৰা আলফাই বিগত প্রায় ৪৫ বছৰত অসমৰ সমাজ জীৱন, অর্থনীতি, ৰাজনীতিকে ধৰি প্রায় সকলো ক্ষেত্রতে ৰাজ্যখনত মচিব নোৱৰাকৈ দাগ কাটি দিছে৷ বাহিৰৰ জগততো অসমৰ পৰিচয় সলনি কৰি দিছে ডগ্রপন্থী সংগঠনটোৱে৷ ইয়াৰ পূর্বে অসম আন্দোলনৰ প্রদেশ হিচাপে জনাজাত হ’লেও বন্দুক–বাৰুদৰ সৈতে এই ভূ–খণ্ডৰ জনসাধাৰণৰ আন্দোলন অথবা সংগ্রামৰ কোনো সম্পর্ক নাছিল৷ অসমৰ জনসাধাৰণে অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ আদর্শকে অনুসৰণ কৰি প্রাপ্যৰ দাবী কৰি আহিছিল৷ সাফল্য বা বিফলতাই জনগণক বিচলিত কৰিব পৰা নাছিল৷ অসমৰ জনসাধাৰণৰ প্রথম দৃষ্টি কাঢ়িছিল সম্ভৱতঃ আলফাৰ তদানীন্তন প্রচাৰ সচিব সুনীল নাথ ওৰফে সিদ্ধার্থ ফুকনৰ ডত্তেজনাপূর্ণ, আৱেগঘন বিবৃতিসমূহে৷ তেতিয়ালৈকে ঐতিহাসিক অসম আন্দোলন সমাপ্ত হৈছিল, অসম চুক্তি স্বাক্ষৰ হৈছিল আৰু ৰাজ্যখনৰ লাখ লাখ লোকৰ আশা–ভৰসাৰ প্রতীক হৈ প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদে দিছপুৰত চৰকৰো গঠন কৰিছিল৷ আলফাৰ বিবৃতি যুদ্ধৰ আৰম্ভণিৰ সময়ছোৱাত অগপ চৰকাৰৰ ব্যর্থতা আৰু প্রতাৰণাৰ ছবিখনো নির্দয়ভাৱে ডন্মোচিত হৈ পৰিছিল৷
আলফাৰ বিবৃতিসমূহে ঔপনিৱেশিক শাসন, ৰাষ্ট্রযন্ত্রৰ শোষণ, বন্দুকৰ নলীত স্বাধীনতা আদিৰ দৰে শব্দ, বাক্যাংশৰ জৰিয়তে সেই সময়ৰ নৱপ্রজন্মক এখন বেলেগ জগতলৈ লৈ গৈছিল৷ ইয়াত সংযোজন ঘটিছিল সুৰামত্তক ৰাজপথত চুলি কাটি দিয়া, দুই–এক দুর্নীতিগ্রস্তক শাস্তি দিয়াৰ দৰে কিছুমান পূর্বে নঘটা বা সাধাৰণতে নঘটা সমাজ সংস্কাৰমূলক কাম–কাজৰ৷ এটা আন্দোলনৰ ব্যর্থতাক আদর্শৰ ভেটিত বিচাৰ কৰি নোযোৱা বাট এটাৰে গুচি গৈছিল অসমৰ হাজাৰ হাজাৰ যুৱক–যুৱতী৷ ঘৰৰ পৰা ওলাই যোৱা যুৱক–যুৱতীসকলৰ্ বহুতৰে যে স্বদেশ আৰু স্বজাতিৰ প্রেমত কোনো ভেজাল মিহলি হৈ নাছিল, সেইটো সেই সময়ত চৰম ত্যাগেৰে তেওঁলোকে বুজাই দিছিল৷ কিন্তু কথাবোৰ যুক্তিৰ তুলাচনীত তুলি নোলোৱাকৈ পর্বতসম আৱেগেৰে যুঁজিবলৈ গৈ আৰম্ভণিৰ পৰাই আলফাই অসমৰ বাবে দুর্ভাগ্যৰ যি নর্দমা এটা কাটিলে, তাৰে আজিও গেলা পানীৰ প্রবাহেেটা আজিও বৈ থাকিল৷ সময়ে অসমৰ জনসাধাৰণক বৰকৈ ডপহাস কৰিলে৷ এদিন অসমৰ সমস্যাক লৈ সংগ্রামৰ কঠিন পথত খোজ দিয়া আলফা লাহে লাহে নিজেই অসমবাসীৰ বাবে সমস্যাত পৰিণত হ’বলৈ ধৰিলে৷ শত্রুপক্ষ ৰূপে চিহ্ণিত কৰি দেশৰ মানচিত্র ফালি দিয়াৰ হুংকাৰ দিয়া আলফা নেতৃত্বই এটা অবাস্তৱ দাবীত সশস্ত্র সংগ্রামৰ পাতনি মেলি অনিচ্ছুক অসমবাসীক জালখনৰ মাজত সুমুৱাই ল’লে৷ কেৱল এইটোৱেই নহয়, আলফাৰ নেতৃত্বৰ শক্তিশালী প্রতিপক্ষৰ সৈতে সামৰিকভাৱে যুঁজিবলৈ দক্ষতাৰো চূডান্ত অভাৱ আছিল৷ সেয়াই নহয়, কূটনৈতিক আৰু মানসিক শক্তি তথা দৃঢ়তাৰ দিশতো তেওঁলোক আছিল তেনেই নিশকতীয়া, অদক্ষ আৰু অপৰিপক্ব৷ সেয়ে সহজেই প্রতিপক্ষৰ জালত ভৰি দিবলৈ আৰম্ভ কৰিছিল৷ সংগঠনটোত কেইবাবাৰো বিভাজন ঘটিল, ফান্দত ভৰি দি অনেকে নিজৰ নিজৰ জীৱন হেৰুৱালে৷ ভুল পথেৰে যোৱাত অসমত সন্ত্রাস আৰু ধ্বংসলীলাৰ নতুন ইতিহাস ৰচনা হ’ল৷ লাহে লাহে আলফা এটা আতংকৰো নাম হৈ পৰিল৷ নিৰীহৰ তেজেৰ ফাকু খেলা ধেমাজিৰ বিস্ফোৰণৰ কথা কোনো পাহৰিব পাৰে? অসমৰ জনসাধাৰণে আলফাৰ পৰা একো নিবিচৰা হ’ল৷ অর্থাৎ একো আশা নকৰা হ’ল৷ যেনে তেনে আলোচনাৰ মেজলৈ আহক আৰু অসমবাসীক হিংসাৰ পৰা মুক্ত কৰি স্বস্তিৰ ডশাহ ল’বলৈ বতাহৰ বাবে মুকলি ঠাই এৰি দিয়ক, এইটোৱেই অসমবাসীৰ কামনা হৈ পৰিল৷ এইখন ৰাজ্যই এখনব্যর্থ সংগ্রামৰ বাবে আৰু নিজৰ সন্তানৰ বলি দিব নোৱাৰে৷ কথাটো যিমান সোনকালে পৰেশ বৰুৱাই বুজি পায়, অসমৰ বাবে সিমানেই মংগল৷ তেওঁৰ বাবেও মংগল৷ সামূহিক ঘৃণা এটাই কিন্তু তেওঁক লাহে লাহে খেদি ফুৰিছে৷