নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ আত্মঘাতী সিদ্ধান্ত

বিৰোধিতাৰ বাবে বিৰোধিতা কৰি বিজেপিক শ’লঠেকত পেলাবলৈ গৈ বিগত সময়ছোৱাত নিজেই কেইবাবাৰো সংকটত পৰিছে দেশৰ প্রধান বিৰোধী ৰাজনৈতিক দল কংগ্রেছ৷ কেৱল সেয়াই নহয়, ইয়াৰ বাবে দলটোৰ ভাবমূর্তিতো চৰম আঘাত পৰিছে৷ আচলতে বিজেপিৰ কৌশলী ৰাজনীতি আৰু ধাৰাবাহিক নির্বাচনী ব্যর্থতাৰ বাবে গভীৰ আত্মবিশ্বাসহীনতাত ভোগা দলটোৰ নেতৃত্বই বহু গুৰুত্বপূর্ণ বিষয়ত মাথোঁ বিৰোধিতাৰ বাবে চৰকাৰ তথা মূল শাসক দলটোৰ বিৰোধিতা কৰি নিজৰেই বিপদ মাতি আনে৷ এয়া মূলতঃ নেতৃত্বৰ আত্মবিশ্বাসহীনতাৰ লগতে অপৰিপক্বতাৰ প্রতিফলন৷ এটা শক্তিশালী প্রতিপক্ষৰ সন্মুখত এইদৰে দুর্বল পক্ষ এটাই ভুল কৰে৷ সমর্থন কৰিলে অথবা কৌশলগত নীৰৱতা অৱলম্বন কৰিলে শক্তিশালী পক্ষটোৱে জনসমর্থন ঢাহি–মুহি লৈ যাব বুলি আতংকত ভুগি বিৰোধিতা কৰিবলৈ লয়৷ দেশখনৰ সেনাই পাকিস্তানৰ ভূমিত ছার্জিকেল ষ্ট্রাইক চলাওঁতেও কংগ্রেছ নেতৃত্বই দেশৰ সম্পূর্ণ জনসমর্থন বিজেপিৰ পক্ষলৈ যাব বুলি ত্রস্তমান হৈ সমালোচনাৰ নীতি হাতত লৈছিল৷ এক কথাত সেয়া আছিল বিৰোধিতাৰ বাবে কৰা বিৰোধিতা৷ বিষয়টো কিন্তু বিৰোধিতাৰ নাছিল৷ ভাৰত ভূমিত সন্ত্রাসবাদী আক্রমণ চলোৱা পাকিস্তানী জেহাদী অপশক্তিৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্রহণ কৰাটো আৱশ্যক আছিল৷ তদুপৰি ভাৰত ভূমিত পাকিস্তানী জেহাদী–সন্ত্রাসবাদী অপশক্তিসমূহৰ সেয়া প্রথম কূটাঘাতো নাছিল৷ বছৰৰ পিছত বছৰ ধৰি অপশক্তিসমূহে ভাৰতৰ মাটি নিৰীহৰ তেজেৰে ৰাঙলী কৰি আহিছে৷ ব্যৱস্থা গ্রহণ কৰিব লাগে, সিদ্ধান্তটো মাথোঁ চৰকাৰে লৈছিল৷ দাবী আছিল দেশৰ জনসাধাৰণৰ৷ তাক কার্যকৰীকৰণৰ দায়িত্ব ন্যস্ত হৈছিল সেনাৰ ওপৰত৷ কংগ্রেছ নেতৃত্বই দেশৰ নিৰাপত্তা আৰু সার্বভৌমত্বৰ সৈতে প্রত্যক্ষভাৱে সম্পর্কিত বিষয় এটাত চৰকাৰী সিদ্ধান্তৰ সমর্থন নকৰি দায়িত্বশীল বিৰোধী দলৰ ভূমিকাৰ পৰা নিজকে আঁতৰাই ৰাখি দেশবাসীৰ নজৰত নিজকে দায়িত্বজ্ঞানহীন দলৰ ভাবমূর্তি গঢ়ি তুলিলে৷ তদুপৰি বিৰোধিতাৰ বাবে বিৰোধিতা কৰিবলৈ গৈ দেশৰ নিৰাপত্তাৰ বাবে নিষ্ঠা আৰু দৃঢ়তাৰে সেৱা কৰা সেনাৰ পৰাক্রমৰ ওপৰতো প্রশ্ণ তুলিলে৷ অথচ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ শাসনকালত হোৱা দুয়োটা ছার্জিকেল ষ্ট্রাইক আছিল ভাৰতীয় সেনাৰ বীৰত্ব, পৰাক্রমৰ একোটা উল্লেখনীয় গাথা৷ সি হ’ব লাগিছিল গৌৰৱৰ কাৰণ৷ কিন্তু চৰম আত্মবিশ্বাসহীনতাৰ চিকাৰ কংগ্রেছ নেতৃত্বই বিৰোধিতাৰ নীতিটোকে আঁকোৱালি লৈ নিজকে দেশৰ শত্রুপক্ষৰ শাৰীটোলৈ লৈ গ’ল৷ ইয়াৰ কুফলো দলটোৱে বিগত সময়ছোৱাত ধাৰাবাহিক নির্বাচনী ব্যর্থতাৰে লাভ কৰি আহিছে৷
দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দল হিচাপে কংগ্রেছৰ দেশে–বিদেশে নাম এটা আছে৷ শাসনত থাকক অথবা বিৰোধী পক্ষত, কংগ্রেছ নেতৃত্বৰ পৰা দায়িত্বশীল আচৰণ কামনা কৰা লোকৰ সংখ্যা কিছু বছৰ আগলৈকে যথেষ্ট আছিল৷ কিন্তু একেৰাহে দুটা কার্যকাল দেশ শাসনৰ পিছত ২০১৪ চনত ক্ষমতা হেৰুৱাই দলটোৰ নেতৃত্বই ধাৰাবাহিকভাৱে প্রদর্শন কৰি অহা চৰম দায়িত্বজ্ঞানহীন আচৰণৰ বাবে আজিৰ তাৰিখত সংখ্যাটো শূন্যৰ আশে–পাশে উপস্থিত হৈছে৷ এতিয়া আৰু কংগ্রেছ নেতৃত্বৰ পৰা মানুহে বৰ বিশেষ আশা নকৰা হ’ল৷ বহু বিষয়ত দলটোৰ শীর্ষ নেতৃত্বই প্রকাশ কৰা অপৰিপক্ব প্রতিক্রিয়াক দেশৰ জনসাধাৰণে স্বাভাৱিক বুলিয়েই ধৰি লোৱা হ’ল৷ কংগ্রেছত নেতৃত্বৰ এনে দৈন্যদশা পূর্বতে হোৱা নাছিল৷ যোগ্যতাৰ প্রশ্ণক একাষৰীয়া কৰি ৰাখি এটা বিশেষ পৰিয়ালক সর্বোপৰি কৰি ৰাখিলে সেয়াই হয়৷ শেহতীয়াকৈ ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠাৰ অনুষ্ঠানটোক লৈ দলটোৰ শীর্ষ নেতৃত্বই গ্রহণ কৰা সিদ্ধান্তটোও বিৰোধিতাৰ বাবে বিৰোধিতাৰ নীতিৰ আধাৰত লোৱা সিদ্ধান্ত বুলি ক’ব পাৰি৷ তদুপৰি সিদ্ধান্তটো সময়ৰ বিচাৰত আত্মঘাতীহে হৈ পৰিব বুলিও ক’ব পৰা যায়৷ এ আই চি চিৰ শীর্ষ নেতৃত্ব মল্লিকার্জুন খার্গে, ছোনিয়া গান্ধী আদিক অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্রাণ প্রতিষ্ঠা অনুষ্ঠানটোলৈ আনুষ্ঠানিকভাৱে নিমন্ত্রণ জনোৱা হৈছে৷ দলটোৰ নেতৃত্বই ইয়াক প্রত্যাখ্যান কৰিছে এইবুলি যে অনুষ্ঠানটো বিজেপি–আৰ এছ এছৰ৷ ৰাম মন্দিৰ আন্দোলনৰ সৈতে বিজেপি–আৰ এছ এছৰ সম্পর্ক এটা আছে৷ আন্দোলনটোৰ বিৰোধী পক্ষত কংগ্রেছৰ অৱস্থান পুৰণি৷ এই কথাও দেশবাসীয়ে জানে৷ কিন্তু নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা দেশৰ ৰাজনীতি সলনি হৈছে৷ নতুন ৰাজনৈতিক প্রবাহটোৰে কংগ্রেছ নেতৃত্বকো চলা পৰিলক্ষিত হৈছে৷ কিন্তু দেশৰ কোটি কোটি আস্থাৰ সৈতে জড়িত ৰাম মন্দিৰৰ অনুষ্ঠানটো বর্জন কৰি কংগ্রেছে পুনৰবাৰ প্রতিপন্ন কৰিলে যে দলটো ৰাম মন্দিৰৰ পক্ষত নাই৷ মর্যাদা পুৰুষ ৰামৰ সৈতে কংগ্রেছৰ আস্থা–বিশ্বাসৰ কোনো সম্পর্ক নাই৷ কিবা যদি সম্পর্ক আছে, ৰাম মন্দিৰৰ বিৰোধিতা কৰা পক্ষটোৰ অর্থাৎ বাবৰি মছজিদ পক্ষৰ সৈতেহে৷ এইটোত কাৰোৱেই বুজাত অসুবিধা নহয় যে আঁৰৰ ৰাজনীতি তুষ্টিকৰণ৷ কংগ্রেছৰ এইটোৱেই সমস্যা আৰু সংকটৰ মূল কাৰণ৷ আশী শতাংশৰ আস্থা আৰু বিশ্বাসক দলটোৰ নেতৃত্বই সদায়েই অপমান কৰি আহিছে৷

You might also like