নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী : এনডিএত পুনৰ চামিল নীতিশ কুমাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ বিহাৰৰ নতুন এন ডি এ চৰকাৰৰ মন্ত্রীৰ নাম প্রথমে প্রকাশ পাইছে৷ মুঠ ৯টা নাম অনুমোদন কৰা হৈছে। এই মিত্ৰতাত মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ। বিজেপিৰ ফালৰ পৰা সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। নতুন মন্ত্ৰীসভাৰ তালিকাত বিজেপিৰ পৰা ড০ প্ৰেম কুমাৰ, বিজয় কুমাৰ চৌধাৰী, শ্ৰৱণ কুমাৰ, জেডিইউৰ পৰা বিজেন্দ্ৰ যাদৱ, নিৰ্দলীয়ৰ পৰা সুমিত কুমাৰ সিং আৰু ‘হুম’ৰ পৰা সন্তোষ কুমাৰ সুমনৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। বিহাৰৰ ৰাজনীতিয়ে আকৌ এবাৰ নতুন ৰূপ লৈছে। এন ডি এত যোগদান কৰিলে নীতিশ কুমাৰে। ইয়াৰ লগে লগে এতিয়া যেন সকলো স্পষ্ট হৈ পৰিছে। আজি সন্ধিয়া শপত গ্ৰহণ কৰিব এই নতুন চৰকাৰতো কেবিনেট ঘোষণা কৰা হৈছে। এই মন্ত্ৰীসভাৰ নতুন সমীকৰণত নীতিশৰ বাহিৰে জেডিইউৰ তিনিজন মন্ত্ৰী আৰু বিজেপিয়ে তিনিজন মন্ত্ৰী পাইছে। ইয়াৰ উপৰি এন ডি এত অন্তৰ্ভুক্ত হোৱা ‘হুম’ইও স্থান লাভ কৰিছে আৰু একমাত্ৰ নিৰ্দলীয় সুমিত কুমাৰ সিঙক কেবিনেটত স্থান দিয়া হৈছে। আজি সন্ধিয়া ৫ বজাত ৰাজভৱনত নীতিশকে ধৰি মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াৰ সন্দৰ্ভত প্ৰস্তুতিও আৰম্ভ কৰা হৈছে। নিমন্ত্ৰণী পত্ৰ দিয়াতো আৰম্ভ হৈছে। কেবিনেটত থকা সকলো নেতাক নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে। তেওঁৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি সম্ৰাট চৌধুৰী আৰু বিৰোধী দলৰ প্ৰাক্তন নেতা বিজয় কুমাৰ সিনহায়ো মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। একে সময়তে বিহাৰত এই পৰিৱৰ্তন সন্দৰ্ভত বাক্যবাণ তীব্ৰতৰ হৈ পৰিছে।

You might also like