ডিক’ডিং জীৱন : মিছাৰ সঁচা
ড০ পার্থসাৰথি মহন্ত
‘ক’ত আছা? ইমান দেৰি হ’ল ঘৰ পোৱাহিয়ে নাই যে’ ৰাতি ন বজালৈ বন্ধুবর্গৰ সৈতে আড্ডা মাৰি থকা পতিলৈ পত্নীৰ ফোন৷ ‘ওলাইছোঁ আৰু অফিচৰ পৰা–আজি কাম শেষ নোহোৱাই হ’ল৷’ পতিৰ উত্তৰ৷
পুৱাও আৰম্ভ হয় এটা মিছাৰেই৷ ‘গুড মর্নিং কি খবৰ?’ উত্তৰ–‘বঢ়িয়া’৷
মিছা৷ পুৱাৰ পৰা শোৱালৈকে মিছা৷ নিজেও কৈ আছোঁ, আনেও কৈ আছে৷ কিয়, কেতিয়া, কি পৰিস্থিতিত, কিহৰ তাড়নাত আমি মিছা কওঁ মানুহ বাধ্য হৈ গ’ল মিছাক অধ্যয়ন কৰিবলৈ, বুজিবলৈ, গৱেষণা কৰিবলৈ৷
ৰঞ্জক কথাটো হ’ল, বেছিভাগ অধ্যয়নতে অংশগ্রহণকাৰীসকল্ সোধা হয় বিগত দিনকেইটাত, সপ্তাহকেইটাত বা মাহকেইটাত কিমান মিছা মাতিলে নিজেই কৈ দিয়ক৷ মিছা মতা মানুহে কিমান সঁচা ক’ব সেয়া আকৌ আন এটা প্রশ্ন।
যি নহওক, নব্বৈৰ দশকত ভার্জিনিয়া বিশ্ববিদ্যালয়ে কৰা এটা অধ্যয়নত ভাগ লৈছিল ছাত্র–ছাত্রীসকলে আৰু বিশ্ববিদ্যালয়ৰ কাষৰীয়া অঞ্চলৰ মানুহখিনিয়ে৷ দেখা গ’ল, এই মানুহখিনিয়ে গড়ে দৈনিক এটাকৈ মিছা কথা কয়৷ কিন্তু ছাত্র–ছাত্রীসকলে দুটাকৈ৷
ইয়াৰে কিছুমান দৈনন্দিন মিছা৷ আমি সচৰাচৰ দৈনন্দিন পাই থকা পৰিস্থিতিবোৰত কিছুমান মিছা কওঁ৷ এইটোৰ ওপৰতো এটা গৱেষণা হ’ল৷ দৈনন্দিন মিছাবোৰ পৰিয়ালৰ লোকতকৈ আনক বেছি কোৱা হয়৷ ‘তোমাক ইমান ধুনীয়া লাগিছে’, ‘চাহকাপ বৰ ভাল হৈছে’, ‘তেখেত ঢুকোৱা খবৰটো শুনি ইমান দুখ লাগিল’৷ ইত্যাদি ইত্যাদি৷ এনেধৰণৰ মিছাৰ দহ শতাংশহে পৰিয়ালৰ লোকক কোৱা হয়৷ কিন্তু গুৰুতৰ মিছাৰ ক্ষেত্রত ছবিখন সম্পূর্ণ ওলোটা৷ গুৰুতৰ মিছা পৰিয়ালৰ লোককহে বেছিকৈ কোৱা হয়৷ উদাহৰণ স্বৰূপে, কাৰোবাৰ সৈতে কিবা সম্পর্ক গঢ় লৈ উঠিছে৷ ‘নাই’ বুলি মিছা উত্তৰটো পৰিয়ালৰ লোককেই দিয়া হয়৷ যুৱচামৰ মাজত এনে মিছা কোৱাৰ প্রৱণতা বেছি৷ সমীক্ষাত ওলাইছে, কাৰণো নথকা নহয়৷ তেওঁলোকৰ বাবে সত্যতকৈ ঘনিষ্ঠজনৰ লগত সম্পর্ক অটুট ৰখাটো বেছি গুৰুত্বপূর্ণ৷ মিছা কৈ যদি পৰিয়ালটো ৰক্ষা কৰিব পাৰি তেওঁলোকে সেইটো কৰিব৷
অৱশ্যে এটা কথা৷ মিছা কথাৰ ক্ষেত্রত আৰু অধিক গভীৰ অধ্যয়নৰ প্রয়োজন আছে৷ এতিয়ালৈকে হোৱা গৱেষণাবোৰৰ অধিকাংশই আমেৰিকা আৰু ইউৰোপৰ৷ অর্থাৎ পশ্চিমীয়া সমাজ–সংস্কৃতিত৷ আন আন সমাজ–সংস্কৃতিতো এই গৱেষণাৰ প্রয়োজন আছে৷ লগতে বয়স, লিংগ, ধর্ম–বিশ্বাস, ৰাজনৈতিক মতাদর্শকো এই গৱেষণাৰ আওতালৈ আনিব লাগিব৷
তথাপিও কিছুমান ইণ্টাৰেষ্টিং তথ্য পোহৰলৈ আহিছে৷ চাৰি বছৰ বয়সতে আমি মিছা ক’বলৈ শিকোঁ৷ ওঠৰ বছৰ হোৱাৰ পাছত প্রায় প্রতিজন মানুহেই দহ মিনিটৰ এটা কথোপকথনত এবাৰ হ’লেও মিছা কথা এটা কয়৷ পিতৃ–মাতৃৰ অৱস্থা আটাইতকৈ দুখ লগা৷ ছয়াশী শতাংশ মিছাই মাক–দেউতাকক কোৱা হয়৷ এটা বিশেষ তথ্য বিশ্বাস কৰিবলৈ অতি টান৷ পঁয়সত্তৰ শতাংশ মিছা কোৱা হয় বন্ধুবর্গক৷ মিছাৰ ভুক্তভোগীৰ তৃতীয় স্থানত আছে সহোদৰ৷ ভাই–ককাই, বাই–ভনী৷ তেসত্তৰ শতাংশ মিছা কোৱা হয় তেওঁলোকক৷ তেনেদৰে পতি–পত্নীয়ে পৰস্পৰক কিমান মিছা কয়? ঊনসত্তৰ শতাংশ৷ এয়া হ’ল অফলাইন মিছা৷ অনলাইন মিছা অফলাইনতকৈ বহু ওপৰত৷ সর্বাধিক মিছা কোৱা হয় ডেটিং ছাইটত৷ নব্বৈ শতাংশ৷ মানুহে আনকি ডাক্তৰকো মিছা কথা কয়৷ তেৰ শতাংশ৷ চিগাৰেট, ধঁপাত, মদ কিমান খায় বুলি যে ডাক্তৰে সোধে, কোনেও সম্পূর্ণ সঁচা কথা নকয়৷ আৰু এটা ইণ্টাৰেষ্টিং তথ্য৷ মহিলাতকৈ পুৰুষে বেছি মিছা কথা কয়৷ সমীক্ষাত ওলাইছে৷ মহিলাই দিনটোত গড়ে তিনিবাৰ মিছা কোৱাৰ বিপৰীতে পুৰুষে ছবাৰ মিছা কথা কয়৷ মানুহে মিছা কথা কোৱাৰ গড় দৈনিক চাৰি বুলিও যদি আমি ধৰোঁ, বছৰটোত এজন মানুহৰে মিছাৰ সংখ্যা হয়গৈ এহেজাৰ চাৰিশ ষাঠিটা৷
মিছা কথা কোৱাটো দৰাচলতে এটা জটিল সামাজিক আচৰণ৷ মিছা কথাটো নিৰীহ, নিমাখিত হ’ব পাৰে, নতুবা ধ্বংসাত্মকো হ’ব পাৰে৷ সেই কাৰণেই মিছা কথাটো কোৱাৰ উদ্দেশ্য আৰু প্রসংগ জনাটো দৰকাৰী৷ বহু মনস্তত্ত্ববিদে সেয়েহে মিছাক দুভাগত ভগাব খোজে৷ এটা হ’ল সম্পর্ক বচাবলৈ কোৱা মিছা আৰু আনটো নিজক বচাবলৈ কোৱা মিছা৷ কিছুমানে আকৌ ভাগ কৰিছে সামাজিক আৰু অসামাজিক মিছা বুলি৷ আন কিছুৱে আকৌ ভাগ কৰিছে আনৰ কাৰণে কোৱা মিছা আৰু নিজৰ কাৰণে কোৱা মিছা বুলি৷ নাম যিয়েই নহওক সাধাৰণভাৱে ক’বলৈ গ’লে কিছুমান মিছাই সম্পর্কক সহায় কৰে, কিছুমানে দুখ দিয়ে৷
সেয়া যিয়ে নহওক, কোনোবাই আমাক মিছা কোৱা বুলি গম পালে আমাৰ দুখ লাগে৷ আমাক বিশ্বাসঘাতকতা কৰা যেন লাগে৷ বিশেষজ্ঞসকলৰ মতে কিন্তু আমি পতকৈ তেনেকুৱা এটা সিদ্ধান্তলৈ আহিব নালাগে৷
কোনোবাই আমাক মিছা কথা কৈছে বুলি অনুভৱ হ’লে আমি প্রথমতে ভাবিব লাগে সেই মানুহজন কোন তেওঁ আমাৰ কাৰণে কিমান গুৰুত্বপূর্ণ? তেওঁ আমাৰ কিমান সুহূদ? কেতিয়াৰ পৰা? এই প্রশ্নবোৰৰ উত্তৰ হয় আৰু নহয় হোৱাৰ ওপৰত নির্ভৰ কৰিব আমাৰ প্রতিক্রিয়া৷ এই উত্তৰবোৰে সিদ্ধান্ত ল’ব আমাৰ প্রতিক্রিয়া কি হোৱা উচিত৷
লগতে আমি ভাবিব লাগিব মোক যদি সঁচা কথা কৈ দিলেহেঁতেন তেতিয়া কি হ’লহেঁতেন? গ্রহণ কৰিব পাৰিলোঁহেঁতেননে? সহ্য কৰিব পাৰিলোঁহেঁতেননে? বেছি ডাঙৰ উদাহৰণ নালাগেই৷ কোনোবাই আমাক পেট কিয় ওলাইছে বুলি সুধিলেও দেখোন আমাৰ বহুতৰে খং উঠে৷ অথচ কথাটো সঁচাও৷ তাতকৈ ডাঙৰ কথাত কি হ’ব? আপোনাক যদি কোনোবাই কিবা ক’লেই, সুধিলেই আপোনাৰ খং উঠে, আপুনি খাটাং হৈ থাকক আপোনাক মানুহে মিছা কথা ক’বলৈ আৰম্ভ কৰি দিব৷
সেয়েহে কোনোবাই মিছা কৈছে যেন লাগিলেই গৈ ধৰিবগৈ নালাগে, সুধিবলৈ নালাগে– কিয় মিছা কথা ক’লি? লগতে চিন্তা কৰিব লাগিব তুমি যদি তেওঁৰ ঠাইত থাকিলাহেঁতেন তুমি কি কৰিলাহেঁতেন তুমি সঁচা কথা ক’লাহেঁতেননে?
আৱেগ কাবু কৰি ৰাখি আমাৰ চিন্তাৰ ভাৰসাম্য ৰক্ষা কৰাটো সেয়েহে অতি জৰুৰী৷ আমি হয়তো কেতিয়াবা মানুহজনক এটা সুযোগ দিয়াও উচিত– হেৰোৱা বিশ্বাস পুনৰ উদ্ধাৰ কৰিবলৈ৷
অর্থাৎ আমি বাস্তৱধর্মী হ’ব লাগিব, বস্তুনিষ্ঠ হ’ব লাগিব৷
মহামান্য আদালততো লিখা থাকে– ‘যি ক’ম সঁচা ক’ম, কোনো কথা গোপন নকৰোঁ৷’ এইক্ষেত্রত অৱশ্যে এতিয়ালৈকে কোনো গৱেষণা–সমীক্ষা সম্ভৱতঃ হোৱা নাই৷
ফোনঃ ৯৪৩৫০–৪৮৪৮০