আন্দোলন–প্রতিবাদৰ নামত ধ্বংসলীলা বন্ধৰ প্রয়াস
দর্খাস্ত, আবেদন–নিবেদনক চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই ডাষ্টবিনলৈ নিক্ষেপ কৰিলে সমস্যা সমাধানৰ স্বার্থত আন্দোলনৰ দাবী উঠিব পাৰে৷ ৰাজপথত আন্দোলন হ’বও পাৰে৷ গণতান্ত্রিক ৰাষ্ট্র হিচাপে এয়া কোনো সংবিধানবিৰুদ্ধ কথা নহয়৷ দেশৰ সংবিধানে সংবিধানৰ পৰিধিৰ ভিতৰত থাকি কৰা আন্দোলনক স্বীকাৰ কৰি লয় বা মান্যতা দিয়ে৷ কিন্তু মুখত গণতন্ত্রৰ নাম লৈ ৰাজপথত ইয়াৰ বিপৰীত আচৰণ কৰিলে চৰকাৰ নীৰৱ দর্শক হৈ থাকিব নোৱাৰে৷ মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বার্থতে চৰকাৰে আইনৰ শাসন বাহাল ৰাখিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলগীয়া হয়৷ শেহতীয়াকৈ দেশখনত গণতান্ত্রিক আন্দোলন আৰু প্রতিবাদৰ নামত ৰাজহুৱা সম্পত্তি ধ্বংস কৰা বা বিনষ্ট কৰা, জনসাধাৰণৰ জীৱন যাত্রা দুর্বিসহ কৰাটো সাধাৰাণ কথাত পৰিণত হ’বলৈ ধৰিছে৷ এইটো কোনো কাৰণে সুখকৰ কথা হ’ব নোৱাৰে৷ আন্দোলন–প্রতিবাদৰ জুইকুৰাত সাধাৰণ লোকৰ অধিকাৰ আৰু সেৱা তথা জীৱন আৰু সম্পত্তি ধ্বংস হ’বলৈ দিব নোৱাৰি৷ কিন্তু এইক্ষেত্রত দেশখনৰ প্রচলিত আইন–কানুন বৰ বিশেষ কঠোৰ নহয়৷ কঠোৰ নোহোৱা হেতু ৰাজপথৰ আন্দোলন–প্রতিবাদ আদি দিনকদিনে বেপৰোৱা, লেকামহীন হৈ পৰিছে৷ গণতন্ত্রৰ প্রতি ন্যূনতম শ্রদ্ধা নথকা লোকে সুযোগ পাইছে৷ তেওঁলোকক যেন একপ্রকাৰে ব্যক্তিগত আৰু ৰাজহুৱা সম্পত্তি ধ্বংসৰ কৰাৰ অনুজ্ঞা–পত্রহে দিয়া হৈছে৷ অসমতো কিছু বছৰ পূর্বলৈকে আন্দোলন–প্রতিবাদ, বিক্ষোভ আদিৰ নামত ৰাজহুৱা সম্পত্তি ধ্বংস সাধাৰণ ঘটনাত পৰিণত হৈছিল৷ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চৰকাৰখন গঠন হোৱাৰে পিছৰ পৰা ৰাজ্যখনত আন্দোলন–প্রতিবাদ সীমিত হৈ পৰিছে৷ পিছে ইয়াৰ সমান্তৰালকৈ মানুহে ঘৰৰ পৰা ওলাব নোৱৰা ভয়াৱহ আশংকাময় পৰিৱেশো লাহে লাহে অতীত হোৱাৰ দিশে আগবাঢ়িছে৷ নহ’লে কোন সংগঠনে কেতিয়া বন্ধ, পথ বন্ধ, পথ অৱৰোধ ঘোষণা কৰে, তাৰ কোনো ঠিকনা নাথাকে৷ তেনে আহূত আন্দোলনৰ সময়ত ঘৰৰ পৰা ওলাই যোৱা বহু লোক বিপদত পৰাৰ নজিৰ আছে৷ কোনো কোনো লোকক যাত্রা কৰা গাড়ীৰে সৈতে জ্বলাই দিয়াৰ দৰে ঘটনাও ঘটিছে৷ চৰকাৰী তথা ব্যক্তিগত সম্পত্তি নষ্ট হৈছে, ধ্বংসপ্রাপ্ত হৈছে৷
‘কা’বিৰোধী আন্দোলনৰ সময়ত আন্দোলনকাৰীৰ মাজত সংগোপনে প্রৱেশ কৰি এচাম ন্যস্তস্বার্থজড়িত লোক তথা চক্রই ৰাজ্যখনত নজিৰবিহীনভাৱে ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছিল৷ গুৱাহাটীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত চলোৱা তাণ্ডৱক জানো এটা আন্দোলনৰ অংশ বুলিব পাৰি? নতুন দিল্লীত কৃষক আন্দোলনৰ সময়ত ট্ৰেক্টৰ সমদলৰ নামত যিদৰে গণতান্ত্রিক আন্দোলনক উপলুঙা কৰা হৈছিল, সেয়া নজিৰবিহীন৷ চৰকাৰ এখনৰ বর্তমানত, গণতান্ত্রিক বিধি–ব্যৱস্থাৰে চলি থকা দেশ এখনত তেনে ধৰণৰ চূডান্ত অৰাজকতা, বিশৃংখলাক কোনেও গ্রহণ কৰিব নোৱাৰে৷ সভ্য সমাজ নীৰৱে থাকিব নোৱাৰে৷ কেন্দ্রীয় চৰকাৰে তেনে ধৰণৰ গণতন্ত্র হত্যাকাৰী তথাকথিত আন্দোলন–প্রতিবাদৰ পৰা দেশখনক মুক্ত কৰি ৰাখিবলৈ কঠোৰ আইনী ব্যৱস্থা হাতত লোৱাৰ পোষকতা কৰিছে৷ এইক্ষেত্রত আইন আয়োগে শেহতীয়াকৈ চৰকাৰক কেতবোৰ প্রস্তাৱ তথা পৰামর্শ আগবঢ়াইছে যে যোৱা ২ ফেব্রুৱাৰীত আইন আয়োগৰ পৰামর্শাৱলী সন্নিৱিষ্ট প্রতিবেদন লোকসভাত পৰিৱেশন কৰা হৈছে৷ ইয়াৰ জৰিয়তে আন্দোলন–প্রতিবাদৰ নামত ৰাজহুৱা তথা ব্যক্তিগত সম্পত্তিৰ ধ্বংস ৰোধ কৰিবলৈ প্রয়াস কৰা হৈছে৷ আইন আয়োগে এইক্ষেত্রত আন্দোলন–বিক্ষোভ–প্রতিবাদ আদিৰ আহ্বান সংগঠন তথা সংগঠনৰ নেতৃত্বক জবাবদিহি কৰাৰ লক্ষ্য কৰি লৈছে৷ প্রথমেই ৰাজহুৱা সম্পত্তি ধ্বংস, বিনাশ অথবা নষ্টৰ গোচৰত গ্রেপ্তাৰ হোৱা লোকৰ জামিন লাভৰ পথ কঠিন কৰাৰ পৰামর্শ দিয়া হৈছে৷ জামিনৰ পূর্বে জৰিমনা বিহাৰ প্রস্তাৱ দিয়া হৈছে৷ এইক্ষেত্রত আন্দোলনৰ আহ্বান জনোৱা সংগঠন আৰু সংগঠনৰ নেতৃত্বক প্রথমেই লক্ষ্য কৰি লোৱা হৈছে৷ তেওঁলোকৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি নষ্টত উচটনি যোগোৱাৰ অভিযোগত গোচৰ চলিব৷ ভৰিবলগীয়া জৰিমনা নষ্ট হোৱা সম্পত্তিৰ সমান কৰাৰ পৰামর্শ দিয়া হৈছে৷ অৱশ্যে জৰিমনাৰ পৰিমাণ নির্ধাৰণ কৰাৰ কর্তৃত্ব আদালতক দিয়া হৈছে৷ চৰকাৰে বিষয়টোত কেৰালা চৰকাৰৰ দৰে সুকীয়া আইন প্রণয়নো কৰিব পাৰি বুলি প্রতিবেদনখনত কোৱা হৈছে৷ মূলতঃ আন্দোলন–প্রতিবাদ–বিক্ষোভৰ নামত দেশখনক ধ্বংস আৰু অৰাজকতাৰ পৰা মুক্ত কৰি ৰাখিবলৈ চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷