🔹 ভোটৰ বিনিময়ত টকা : উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
বিশেষ বাৰ্তা, ৫ মার্চ : ‘ভোটৰ বিনিময়ত নোট’ গোচৰত কোনো সাংসদ অথবা বিধায়কে উৎকোচ লোৱাৰ অভিযোগ উঠিলে তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ ৰক্ষাকৱচ অবিহনে আইনী পদক্ষেপ গ্রহণ কৰা হ’ব৷ কালি এক ঐতিহাসিক ৰায়দানৰ সময়ত এই কথা ঘোষণা কৰিলে উচ্চতম ন্যায়ালয়ে৷ দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন ৭ বিচাৰপতিৰ বিচাৰপীঠে এই ৰায়দান কৰাৰ পাছতে বিভিন্ন মহলে বিষয়টোক আদৰণি জনাইছে৷ আনকি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই ঐতিহাসিক ৰায়ক আদৰণি জনোৱা পৰিলক্ষিত হৈছে৷ ১৯৯৮ চনত ৫ ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে সাংসদ আৰু বিধায়কসকলে ধন লৈ ভাষণ দিয়া বা ভোট দিয়াৰ অভিযোগ উঠিলে তেওঁলোকক ৰক্ষাকৱচ প্রদান কৰিছিল৷ কালি এই নির্দেশ খাৰিজ কৰি দিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন ৭জনীয়া ন্যায়াধীশৰ বিচাৰপীঠে৷ ১৯৯৮ চনৰ ৰায় ভাৰতীয় সংবিধানৰ ১০৫ আৰু ১৯৪ অনুচ্ছেদৰ পৰিপন্থী বুলি কালি স্পষ্ট কৰি দিছে দেশৰ শীর্ষ আদালতখনে৷ এনে অনুচ্ছেদৰ পৰিপন্থী কোনো ৰক্ষাকৱচ সাংসদ বা বিধায়কসকলে লাভ কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে৷ অর্থাৎ শীর্ষ আদালতখনৰ ৰায়ত কালি স্পষ্ট হৈছে সংসদেই হওক বা বিধানসভাই হওক দেশৰ আইন প্রণেতাসকলে উৎকোচ লোৱাৰ অভিযোগ উঠিলে এতিয়াৰে পৰা ৰক্ষা নাপাব৷ তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি পদক্ষেপ গ্রহণ কৰা হ’ব৷ ডি ৱাই চন্দ্রচূড়ৰ উপৰি ৭ ন্যায়াধীশৰ বিচাৰপীঠত আছিল এছ বোপান্না, এম এম সুন্দ্রেশ, টি এছ নৰসিংহ, জে বি পার্ডিৱালা, সঞ্জয় কুমাৰ আৰু মনোজ মিশ্র৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে বিভিন্ন সময়ত সাহসী পদক্ষেপ গ্রহণ কৰি গুৰুত্বপূর্ণ ৰায়দান কৰি অহা দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে এই ৰায়দানৰ সময়ত ‘আইন প্রণেতাসকলৰ দুর্নীতি আৰু উৎকোচ গ্রহণে ভাৰতীয় সংসদীয় গণতন্ত্রৰ গাঁথনিটোক ভাঙি পেলাইছে’ বুলি মন্তব্য কৰে৷ মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে এই কথাও উল্লেখ কৰে যে পি ভি নৰসিংহ ৰাওৰ গোচৰৰ সময়ত ১৯৯৩ চনত এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হয়, য’ত কোনো আইন প্রণেতাই উৎকোচ লৈ ভোট দিছে অথচ তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হোৱা নাই৷ কিন্তু সমান্তৰালকৈ উৎকোচ নিদিয়াকৈ ভোট দিয়া আইন প্রণেতাৰ বিৰুদ্ধে অভিযোগ অনা হৈছিল৷ লক্ষণীয়ভাৱে উৎকোচ লৈ ৰাজ্যসভাৰ নির্বাচনত ভোট দিলেও কোনো বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব, আজি উচ্চতম ন্যায়ালয়ৰ ৭ ন্যায়াধীশৰ বিচাৰপীঠে স্পষ্ট কৰি দিছে৷ পি ভি নৰসিংহ ৰাও গোচৰ উল্লেখ কৰিবলৈ গ’লে উভতি যাব লাগিব ১৯৯৩ চনলৈ৷ সেই বছৰৰ জুলাই মাহত নৰসিংহ ৰাও চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ অনা হৈছিল৷ অতি কম ভোটৰ ব্যৱধানত ৰক্ষা পৰিছিল নৰসিংহ ৰাও নেতৃত্বাধীন কংগ্রেছ চৰকাৰ৷ চৰকাৰৰ পক্ষত ২৬৫গৰাকী সাংসদে ভোটদান কৰাৰ বিপৰীতে বিপক্ষক ভোট দিছিল ২৫১গৰাকী সাংসদে৷ সেইবাৰ কোনোমতে ৰক্ষা পৰিছিল নৰসিংহ ৰাও চৰকাৰ৷ ইয়াৰ পাছতে অভিযোগ উঠিছিল যে ৰাওৰ চৰকাৰ ৰক্ষা কৰিবলৈ ভোট ক্রয় কৰা হৈছে৷ অভিযোগ অনুসৰি ঝাৰখণ্ড মুক্তি মর্চাৰ নেতাই ধন লৈ নৰসিংহ চৰকাৰৰ পক্ষত ভোট দিছিল৷ এই বিষয়টো ১৯৯৮ চনৰ উচ্চতম ন্যায়ালয়ৰ এক ৰায়ত উল্লেখ কৰা হয় যে সংসদৰ ভিতৰত সাংসদসকলৰ বিৰুদ্ধে ধনৰ বিনিময়ত ভোট বা উৎকোচৰ বিনিময়ত ভাষণ দিয়াৰ অভিযোগ থাকিলেও তেওঁলোকে ৰক্ষাকৱচ পাব আৰু তেওঁলোকৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া আৰম্ভ কৰিব পৰা নাযাব৷ আইন প্রণেতাসকলৰ পক্ষত থকা সেই ৰক্ষাকৱচ এইবাৰ উচ্চতম ন্যায়ালয়ে নতুন ৰায়ৰ জৰিয়তে প্রত্যাহাৰ কৰি দিলে৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই ৰায়ক লৈ উৎসাহী হৈ নিজৰ এক্স হেণ্ডেলত উল্লেখ কৰিছে যে দেশৰ শীর্ষ আদালতৰ ৰায় দুর্দান্ত৷ ইয়াৰ ফলত ৰাজনীতিৰ পৰিচ্ছন্নতা নিশ্চিত কৰিব পৰা যাব৷ ইয়াৰ লগতে ৰাজনীতিৰ প্রতি জনসাধাৰণৰ বিশ্বাস আৰু আস্থাও বৃদ্ধি পাব৷