নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত ট্রাম্প হাৰিলে আমেৰিকাত ৰক্তস্নান !

🔹 জনসভাত প্রাক্তন ৰাষ্ট্রপতিৰ হুংকাৰক লৈ বিশ্বজুৰি প্রতিক্রিয়া

বিশেষ বাৰ্তা, ১৮ মার্চ : আগন্তুক নৱেম্বৰ মাহত বিশ্বৰ মহা পৰাক্রমী ৰাষ্ট্র আমেৰিকাত ৰাষ্ট্রপতি নির্বাচন৷ ৰিপাব্লিকান দলৰ ৰাষ্ট্রপতি পদৰ প্রার্থী দেশৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে শেহতীয়াকৈ কৰা মন্তব্যক লৈ সমগ্র দেশখনত সৃষ্টি হৈছে বিতর্ক৷ আগন্তুক নির্বাচনত ড’নাল্ড ট্রাম্প হাৰি গ’লে আমেৰিকাত হেনো ৰক্তস্নান হ’ব৷ আমেৰিকাত গণতন্ত্র ভাগি পৰিব৷ ট্রাম্পৰ এই ভৱিষ্যদ্বাণীক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনৰ লগতে সমগ্র বিশ্বত৷ ৰিপাব্লিকান এক প্রার্থীৰ সমর্থনত ভোট বিচাৰি অহিঅ’ত এক সমাৱেশত ভাষণ দিছিল ট্রাম্পে৷ তেতিয়াই ট্রাম্পে এই মন্তব্য কৰে৷ লক্ষণীয়ভাৱে ট্রাম্পে এই বুলিও হুংকাৰ দিয়ে যে আগন্তুক নির্বাচনত তেওঁ পৰাজিত হ’লে আমেৰিকাত হয়তো কেতিয়াও নির্বাচন অনুষ্ঠিত নহ’ব৷ ইফালে, ট্রাম্পৰ এনে মন্তব্যৰ কঠোৰ সমালোচনা কৰিছে ৰাষ্ট্রপতি জ’ বাইডেনে৷ হোৱাইট হাউছৰ পৰা এক বিবৃতিত বাইডেনে উল্লেখ কৰিছে যে ট্রাম্পৰ প্রতিহিংসাপৰায়ণতা, হিংসাৰ প্রতি আগ্রহ আৰু চৰমপন্থী আগ্রাসী নীতি আমেৰিকাবাসীৰ বাবে গ্রহণযোগ্য নহয়৷ বাইডেনে এই কথাও উল্লেখ কৰে যে ট্রাম্পৰ প্রকৃত ৰূপটো তেওঁৰ বক্তব্যৰ মাজেৰে প্রকট হৈ পৰিছে৷ ট্রাম্পে এতিয়াও ভুলৰ শুধৰণি কৰা নাই বুলিও উল্লেখ কৰে বাইডেনে৷

You might also like