সম্পাদকীয় : গোলকীয় খাদ্যৰ প্রতি ভাবুকি
বিশ্বত দ্রুত গতিত জনসংখ্যা বৃদ্ধি পাইছে৷ বিস্ফোৰিত জনসংখ্যাৰ অনুপাতে খাদ্যৰ চাহিদা বাঢ়িছে৷ ২০৫০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ১০ বিলিয়ন অর্থাৎ ১,০০০ কোটি স্পর্শ কৰিব৷ এই জনসংখ্যাৰ খাদ্যৰ প্রয়োজনীয়তাক প্রকৃতিয়ে যোগান ধৰিব পাৰে নে নোৱাৰে তাক লৈ বিজ্ঞানী–গৱেষক মহল উদ্বিগ্ণ হৈ পৰিছে৷ ইতিমধ্যে প্রায় ৮০০ কোটি জনসংখ্যাৰ আৱশ্যক খাদ্যৰ নাটনি আৰম্ভ হৈছে৷ এনে ক্ষেত্রত ১,০০০ কোটিৰ প্রয়োজন পূৰণ হ’বনে খাদ্যৰ কাৰণে পৰিৱেশৰ জৈৱ–বৈচিত্র্য সু–ৰূপত বর্তি থকাটো জৰুৰী৷ কিয়নো আমাৰ খাদ্য ব্যৱস্থাৰ সকলো পর্যায়তে জৈৱ–বৈচিত্র্যৰ প্রাধান্য আছে৷ ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ অধ্যয়ন মতে পৰিৱেশত জৈৱ–বৈচিত্র্যৰ বিনাশ ঘটি থকা বাবেই গোলকীয় খাদ্যৰ উৎপাদনৰ প্রতি ভাবুকি আহিছে৷ খাদ্য উৎপাদন আৰু পৰিৱেশৰ প্রতি ভয়াৱহ ভাবুকি অহাটো ভৱিষ্যৎ পৃথিৱীবাসীৰ বাবে অশনি সংকেত৷ ফাওৰ সকীয়নি মতে এবাৰ গছ, প্রাণী আৰু ক্ষুদ্র জৈৱ প্রজাতি হেৰুৱাই গ’লে, সেয়াই আমাৰ খাদ্য ব্যৱস্থাৰ সংকট, কিয়নো তাক উদ্ধাৰ কৰিব পৰা নাযাব৷ ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্রথমবাৰৰ বাবে ৯১ দেশৰ তথ্য সংগ্রহ কৰি উলিওৱা প্রতিবেদনত জৈৱ–বৈচিত্র্যৰ হ্রাস গোলকীয় খাদ্যৰ প্রতি ভাবুকি, তাক প্রকাশ কৰিছে৷ গছ–গছনি, প্রাণী আৰু ক্ষুদ্র জীৱৰ বৈচিত্র্য, বন্য আৰু ঘৰচীয় উভয়ে পৃথিৱীবাসীক খাদ্য, ইন্ধন আৰু আঁহ (ফাইবাৰ) যোগান ধৰে৷ এনে ক্ষুদ্র জীৱ আছে বিশেষকৈ মৌ আৰু আন পৰাগযোগ ঘটক কেঁচু, বোকাৰ উদ্ভিদ, সাগৰীয় তৃণ আৰু শেলুৱৈ, যিবোৰে মাটিক উর্বৰ আৰু বায়ু–পানীক বিশুদ্ধ কৰি ৰাখে৷ বর্ধিত জনসংখ্যাৰ বাবে কিয় আহিব পাৰে খাদ্য সংকট৷ সম্প্রতি অতি কমসংখ্যক খাদ্য উৎপাদনকাৰীৰ ওপৰতে পৃথিৱী নির্ভৰশীল৷ খাদ্যৰ কাৰণে ৬,০০০ গছৰ প্রজাতিৰ খেতি কৰা হয় যদিও তাৰে মাত্র ৯ প্রজাতিয়ে মুঠ শস্য উৎপাদনৰ ৬৬ শতাংশক প্রতিনিধিত্ব কৰি আহিছে৷ তেনেদৰে বিশ্বৰ পশুধন উৎপাদন নির্ভৰ কৰে ৪০ প্রজাতিৰ ওপৰত, য’ৰ পৰা অধিকাংশ মাংস, গাখীৰ আৰু কণী উৎপাদন হয়৷ কিন্তু পৰিতাপৰ বিষয় যে এই প্রজাতিসমূহ, যিবোৰে খাদ্য আৰু কৃষিক সমর্থন কৰে, সেইবোৰ হ্রাস পাইছে অথবা ভাবুকি আহিছে৷ প্রায় হেজাৰ বন্য খাদ্য প্রজাতিৰ প্রধানত গছ–গছনি, মাছ আৰু স্তন্যপায়ী দ্রুতগতিত হ্রাস পাইছে৷ কার্যতঃ প্রায় বিলুপ্তিৰ দিশে আগবাঢ়িছে৷ এইক্ষেত্রত জৈৱ–বৈচিত্র্যৰ বিনাশেই প্রধান কাৰক৷
ফাওৰ সঞ্চালকপ্রধান যোছে গ্রেজিয়ানো দ্য ছিলভাই প্রতিবেদনত উল্লেখ কৰা মতে গোলকীয় খাদ্য সুৰক্ষাৰ সুৰক্ষিত কৰি ৰখাৰ বাবে জৈৱ–বৈচিত্র্যই প্রধান৷ ইয়ে সবল আৰু পুষ্টিকৰ আহাৰৰ লগতে গ্রামাঞ্চলৰ জীৱিকা আৰু জনতা আৰু সম্প্রদায়ৰ সক্ষমতা বৃদ্ধি কৰে৷ জৈৱ–বৈচিত্র্য হ্রাস অথবা বিনাশৰ কেইবাটাও কাৰণ আছে৷ ভূমিক সাল–সলনি (পৰিৱর্তন), পানীৰ ব্যৱহাৰ আৰু ব্যৱস্থাপনাৰ লগতে প্রদূষণ, জলবায়ু পৰিৱর্তন, জনসংখ্যা বৃদ্ধি আৰু চহৰীকৰণ (নগৰীকৰণ), অতিমাত্রা খনন আৰু অতিমাত্রা শস্য উৎপাদন আদি প্রধান কাৰণ৷ লক্ষণীয় যে কৃষিভূমি গঢ়াৰ বাবে ২০১০ চনৰ পৰা ২০১৫ চনলৈকে পৃথিৱীত ৪০ শতাংশ বনাঞ্চল বিনাশ হৈছে৷ ইয়ে জৈৱ–বৈচিত্র্যৰ ওপৰত প্রচণ্ড আঘাত হানিছে৷ ফলত এনে পৰিস্থিতি উদ্ভৱ হৈছে যে বৃহৎ পৰিমাণত বন্য খাদ্য হেৰাই গৈছে আৰু তেনে খাদ্যৰ ওপৰত নির্ভৰশীল সম্প্রদায়সমূহে উদ্যোগত সংশোধিত খাদ্য গ্রহণ কৰিবলগীয়াত পৰিছে৷ জৈৱ–বৈচিত্র্যৰ অভাৱত খাদ্য উৎপাদনত নেতিবাচক প্রভাৱ পৰিছে৷ ৰোগ আৰু অনিষ্টকাৰী পতংগই গা কৰি উঠি খাদ্য শস্যৰ উৎপাদন হ্রাস কৰিছে৷ এই সন্দর্ভত গৱেষণাৰ প্রতিবেদনত ১৮৪০ চনৰ আইৰিছ আলু দুর্ভিক্ষৰ প্রসংগ উল্লেখ কৰা হৈছে৷ কিদৰে আলু খেতিৰ ওপৰত নির্ভৰশীল নিযুত লোক দুর্ভিক্ষ আৰু ৰোগত আক্রান্ত হৈ মৃত্যুমুখত পৰিছিল৷ ভেঁকুৰৰ পৰা সৃষ্ট ৰোগে আলুৰ খেতি বছৰ বছৰ ধৰি ধ্বংস কৰিছিল আৰু সিয়ে খেতিয়কসকলক জীৱনলৈ দুর্বিষহ যাতনা নমাই আনিছিল৷ তেনেদৰে আয়াৰলেণ্ড, নৰৱে, পোলেণ্ড আৰু ছুইজাৰলেণ্ডকে ধৰি অনেক দেশত বৰ মৌ প্রজাতিৰ বিনাশ ঘটাত শস্যৰ বাবে ভয়াৱহ সংকট নমাই আনিছে৷ আনহাতে, তাপমাত্র বৃদ্ধিয়ে পৰাগ যোগকাৰীৰ সংখ্যা হ্রাস কৰাত ওমানত বন্য খাদ্যৰ নাটনি হৈছে৷ জয়বায়ু পৰিৱর্তৰ বাবে ওমানত ডিমক (ফিগ) আৰু সৰু ফলৰ প্রজাতিৰ ওপৰত নেতিবাচক প্রভাৱ পৰিছে৷ ভৌগোলিকভাৱে জৈৱ–বৈচিত্র্যত অতিকে সমৃদ্ধিশালী লেটিন আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জসমূহতো বন্য খাদ্য প্রজাতিসমূহৰ প্রতি প্রচণ্ড ভাবুকি আনিছে৷ ইয়াৰ ভিতৰত প্রধানতঃ খোলাৰে আবৃত জীৱ–উদ্ভিদ, মাছ আৰু পতংগলৈ বিনাশ নামি আহিছে৷ জলবায়ু পৰিৱর্তন, প্রদূষণ আৰু অপ্রয়োজনীয় ব্যৱহাৰৰ ফলত আহিব পৰা জৈৱ–বৈচিত্র্যৰ বিনাশক কার্যক প্রতিৰোধ কৰিবলৈ বিশ্বৰ দেশসমূহ আগ্রহী হ’ব লাগিব৷ বিশ্বৰ দেশসমূহে কার্য সম্পাদন কৰাৰ ক্ষেত্রত যথাসম্ভৱ জৈৱ–বৈচিত্র্য বন্ধুত্বমূলক ধাৰণাক অগ্রাধিকাৰ দিব লাগিব৷ বিকাশ আৰু উন্নয়নৰ যিকোনো নির্মাণৰ পূর্বে জৈৱ–বৈচিত্র্যৰ যাতে অনাহকত বিনাশ নঘটে তাৰ প্রতি সজাগ–সচেতন হ’ব লাগিব৷