নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানসিক স্বাস্থ্যলৈ শংকা

জলবায়ু পৰিৱর্তনে আমি বাস কৰা গ্রহ পৃথিৱীলৈ ক্ষণে ক্ষণে ভয়াৱহতা নমাই আনিছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপ্রেক্ষিতত দ্রুতগতিত সংঘটিত জলবায়ু পৰিৱর্তনৰ ফলত পৃথিৱীৰ পাৰিপার্শ্বিক ভাৰসাম্যৰ ওপৰত প্রচণ্ড প্রভাৱ পৰিছে৷ প্রধানতঃ মানৱসৃষ্ট কাৰণৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে আৰু ইয়ে জলবায়ু পৰিৱর্তনৰ কাৰক হৈ উঠিছে৷ বায়ুমণ্ডলত সেউজগৃহ গেছৰ মাত্রা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত পৃথিৱীখন প্রদূষিত হৈ পৰিছে আৰু সম্প্রতি বিশ্বৰ প্রান্তে প্রান্তে গ্রীষ্ম আৰু শীতৰ অস্বাভাৱিক পৰিৱর্তন ঘটিছে৷ গ্রীষ্মপ্রধান অঞ্চলত মাত্রাধিক গ্রীষ্মপ্রৱাহ আৰু শীতপ্রধান অঞ্চলত শীতৰ প্রকোপ বৃদ্ধি পাইছে৷ বিশ্বৰ প্রান্তে প্রান্তে প্রাকৃতিক দুর্যোগ বৃদ্ধি পাইছে৷ প্রধানতঃ জলবায়ু পৰিৱর্তনৰ বাবে অতিমাত্রা বৃষ্টিপাতে অভাৱনীয় বানৰ সৃষ্টি কৰিছে৷ সঘনাই ডাৱৰ বিস্ফোৰণ ঘটি পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলনকে ধৰি বিভিন্ন ধৰণৰ প্রাকৃতিক বিপর্যয় সংঘটিত হৈছে৷ জলবায়ু পৰিৱর্তন মানৱ জাতিৰ বাবে এতিয়া প্রত্যাহ্বান হৈ উঠিছে৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ স’তে মোকাবিলা কৰিবলৈ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ দ্বাৰা জলবায়ু চুক্তি স্বাক্ষৰিত কৰা হৈছে যদিও পেৰিছ চুক্তিৰ পৰা এতিয়ালৈকে হোৱা ৰাষ্ট্রসংঘৰ চুক্তি কার্যকৰী হোৱা নাই৷ ফলশ্রুতিত গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰা চুক্তিসমূহ প্রহসনত পৰিণত হৈছে৷ পৃথিৱীৰ পাৰিপার্শ্বিক ভাৰসাম্যত গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনে ভয়াৱহ প্রভাৱ পেলাইছে৷ মানৱ জাতিও এই ভয়াৱহতাৰ পৰা হাত সাৰি যাব পৰা নাই৷ প্রাকৃতিক বিপর্যয়ৰ পৰা বিভিন্ন অনাহূত পৰিস্থিতিৰ সন্মুখীন হোৱা মানৱ জাতিৰ বাবে জলবায়ু পৰিৱর্তনে শৰীৰৰ ক্ষেত্রতো শংকা নমাই আনিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াভাৱে প্রকাশ কৰা প্রতিবেদনত জলবায়ু পৰিৱর্তনে মানৱীয় স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্য আৰু মনস্তাত্ত্বিক ক্ষেত্রখনত প্রচণ্ড প্রভাৱ পেলাইছে৷ অর্থাৎ জলবায়ু পৰিৱর্তনৰ বাবে মানুহৰ মানসিক স্বাস্থ্যলৈ শংকা নামি আহিছে৷
বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ–পূব এছিয়াৰ আঞ্চলিক সঞ্চালকে প্রকাশ কৰা মতে, জলবায়ু পৰিৱর্তনৰ ফলত ২৬০ নিযুত লোকৰ মানসিক স্বাস্থ্যৰ স্থিতি দুর্বল হৈছে আৰু ইয়াৰ পৰিণতিত প্রতিবছৰে ২ লাখতকৈ অধিক লোকে আত্মহননৰ পথ বাছি ল’বলগীয়া হৈছে৷ ক্রমাগতভাৱে জলবায়ু পৰিৱর্তনে মানৱীয় স্বাস্থ্যলৈ প্রত্যাহ্বান জনোৱা সন্দর্ভত প্রতিবেদনত কোৱা হৈছে যে দক্ষিণ–পূব এছিয়া অঞ্চলত মানসিক স্বাস্থ্যৰ প্রতি নামি অহা শংকা আঁতৰ কৰিবলৈ সদস্য ৰাষ্ট্রসমূহে শক্তিশালী পদক্ষেপ গ্রহণ কৰিব লাগিব৷ মানসিক স্বাস্থ্যৰ ওপৰত জলবায়ু পৰিৱর্তনৰ প্রভাৱক লৈ দেশসমূহে সক্ষমতা শক্তিশালীকৰণ শীর্ষক আলোচনাত দক্ষিণ–পূব এছিয়াৰ বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালকে এই সন্দর্ভত উদ্বিগ্ণতা প্রকাশ কৰি অঞ্চলটোত জলবায়ু পৰিৱর্তনে মানসিক স্বাস্থ্যৰ ওপৰত পেলাই থকা প্রচণ্ড প্রভাৱৰ পৰা মুক্ত হ’বলৈ শক্তিশালী নীতি গ্রহণ কৰাৰ পোষকতা কৰিছে৷ মানসিক স্বাস্থ্য ব্যৱস্থা আৰু সেৱাৰ ক্ষেত্রত উপলব্ধতা আৰু সক্ষমতাৰ মাজত বৃহৎ ব্যৱধান দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ মাজত চলি আছে বুলি উদ্বিগ্ণতা প্রকাশ কৰিছে আঞ্চলিক সঞ্চালকগৰাকীয়ে৷ মানৱ স্বাস্থ্যত জলবায়ু পৰিৱর্তনে বিৰূপ প্রভাৱ পেলোৱা মানসিক স্বাস্থ্য আৰু মনস্তাত্ত্বিক সমস্যা দেশসমূহৰ বাবে এতিয়া অতিৰিক্ত বোজা হৈ উঠিছে৷ মানসিক স্বাস্থ্যৰ ওপৰত জলবায়ু পৰিৱর্তনৰ প্রভাৱত জ্ঞান আৰু সজাগতাৰ মাজত বৃহৎ ব্যৱধান আছে৷ এনেক্ষেত্রত অঞ্চলটোৰ দেশসমূহে জলবায়ু পৰিৱর্তনৰ প্রভাৱৰ পৰা মানসিক স্বাস্থ্য কিদৰে নিৰাপদে ৰাখিব পাৰে সেই সন্দর্ভত নীতি গ্রহণ কৰিব লাগিব৷ অঞ্চলটোৰ জলবায়ু পৰিৱর্তনে মানসিক স্বাস্থ্যৰ ওপৰত যি প্রভাৱ পেলাইছে তাৰ সৈতে মোকাবিলা কৰিবলৈ কঠোৰ আৰু ফলপ্রসূ নীতি গ্রহণ কৰাৰ বাদে আন কোনো উপায় নাই৷ সেই কথা বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ–পূব এছিয়াৰ আঞ্চলিক সঞ্চালকৰ প্রতিবেদনত স্পষ্ট ৰূপত প্রতিফলিত হৈছে৷ প্রতিবেদনত আগবঢ়োৱা পৰামর্শ অনুসৰি মানসিক স্বাস্থ্যৰ কাৰণে সু–নীতি বলৱৎ কৰিবই লাগিব৷ জলবায়ু পৰিৱর্তন আৰু স্বাস্থ্যৰ মাজত হোৱা সমস্যাক আঁতৰ কৰিবলৈ কার্যসূচী প্রস্তুত কৰিব লাগিব৷ আন্তর্জাতিক সমুদায়ৰ সৈতে আলোচনা কৰি নীতি নির্ধাৰণত গুৰুত্ব দিব লাগিব৷ মানসিক স্বাস্থ্যলৈ নামি অহা শংকা আঁতৰ কৰাৰ বাবে দেশে নীতি প্রস্তুত কৰাৰ অত্যন্ত প্রয়োজন হৈ পৰিছে৷

You might also like