নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন আইএএছ বিষয়াৰ ঘৰত জব্দ ১২ কোটি টকাৰ হীৰা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ ছেপ্টেম্বৰঃ উত্তৰ প্রদেশৰ প্রাক্তন আমোলাৰ বাসগৃহত ‘হীৰাৰ ভাণ্ডাৰ’ৰ সন্ধান পোৱা গ’ল৷ অকল সেয়াই নহয়, কোটি কোটি টকাৰ সোণো উদ্ধাৰ হৈছে৷ ‘লোটাছ ৩০০ প্রকল্প’ৰ গোচৰত দেশৰ বিভিন্ন স্থানত তালাচী অভিযান চলাই আছে ইডিয়ে৷ ইয়াৰ ভিতৰত দিল্লী, নয়দা, মীৰাট আৰু চণ্ডীগড় আছে৷ তালাচীৰ সময়ত প্রাক্তন আমোলা মহিন্দৰ বাসগৃহত প্রচুৰ হীৰা আৰু সোণ উদ্ধাৰ কৰিছে ইডিয়ে৷ প্রাক্তন আইএএছ বিষয়াগৰাকীৰ বাসগৃহৰ পৰা ১২ কোটি টকাৰ হীৰা আৰু সাত কোটি টকাৰ সোণ উদ্ধাৰ হৈছে৷ মহিন্দৰ ১৯৭৭ চনৰ উত্তৰ প্রদেশ কেডাৰৰ আইএএছ বিষয়া আছিল৷ মায়াৱতী উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী হৈ থকা সময়ত বিভিন্ন দুর্নীতিত জড়িত হৈ পৰিছিল মহিন্দৰ৷ নয়দা ডেভেলপমেণ্ট অথ’ৰিটী, ছুপাৰটেক আৰু আম্রপালি বিল্লাৰ দুর্নীতিত জড়িত হৈছিল মহিন্দৰ৷ উল্লেখনীয় যে এই গোচৰত ১১জনৰ বিৰুদ্ধে অভিযোগ অনা হৈছিল৷ ইয়াৰ ভিতৰত অন্যতম আছিল মহিন্দৰ৷

You might also like