অসমীয়া চলচ্চিত্রৰ নতুন জীৱন
বিগত কিছুদিনৰ পৰা অসমীয়া চিনেমাৰ দুখীয়া অৱস্থাৰ ছবিখন অদৃশ্য হৈ গৈছে আৰু ই ছবি জগতলৈ এক আনন্দৰ বতৰা কঢ়িয়াই আনিছে৷ এটা সময়ত চৰকাৰে আদায় দিয়া আমোদ কৰৰ সমপৰিমাণৰ ধনখিনিয়েই অসমীয়া চিনেমাৰ লাভৰ উৎস আছিল৷ ছবি কৰিলে হাতৰ পৰা টকা যাব বুলি বহুজন নিশ্চিত আছিল আৰু সেই মনোভাবেৰেই চিনেমা নির্মাণলৈ ওলাই আহিছিল৷ এতিয়া সেই দিন নাই৷ কোটিটকীয়া বাজেটত ছবি নির্মাণ হৈছে আৰু তেনে অধিকাংশ ছবিয়েই সফল হৈছে৷ কিন্তু এটা কথা ঠিক যে অকল বাজেটেই ছবি এখন সফল কৰিব নোৱাৰে, নির্মাতাৰ দক্ষতাও থাকিব লাগিব৷ অসমীয়া ছবিৰ এই সফল অৱস্থা নিঃসন্দেহে আনন্দৰ কাৰণ৷ কিন্তু অকল ছবিঘৰৰ সফলতাই ছবি একোখনৰ সামগ্রিক সফলতাৰ কথা নির্ধাৰণ নকৰে আৰু ছবিৰ ঐতিহ্যৰ ধাৰাত সংযোজনো নঘটায়৷ এই দিশৰ পৰা চালে দেখা যায় যে অসমীয়া চলচ্চিত্র শিল্পৰ সামগ্রিক ছবিখন আজি এটি সংকটৰ মুহূর্তত উপস্থিত হৈছে৷ জ্যোতিপ্রসাদ আগৰৱালা, ব্রজেন বৰুৱা আৰু ভবেন্দ্র নাথ শইকীয়াৰ দৰে কেইগৰাকীমান শিল্পীৰ নেতৃত্বত থকা অসমীয়া চলচ্চিত্রই এক গৌৰৱময় সময়ৰ পৰিচয় দিছিল, যিয়ে অসমৰ সমৃদ্ধ পৰম্পৰা, কাহিনী আৰু কলাত্মক প্রতিভাক প্রতিফলিত কৰিছিল৷ এই কীর্তিমান অতীতৰ উজ্জ্বলতা যোৱা কেইবছৰমানত ম্লান পৰি আহিছে৷ ৰাষ্ট্রীয় চলচ্চিত্র প্রতিযোগিতাত পুৰস্কাৰ লাভ কৰাটো নিশ্চয় উৎকৃষ্টতাৰ পৰিচয়, কিন্তু সেই পুৰস্কাৰ আঞ্চলিক ভাষাৰ ছবিৰ বাবে দিয়া পুৰস্কাৰত বা সীমিত পৰিচয়ৰ ভাষাৰ ছবিৰ বাবে দিয়া ‘কোটা’ৰ পুৰস্কাৰত সীমাবদ্ধ হৈ নাথাকি সর্বভাৰতীয় স্তৰৰ প্রতিযোগিতাবোৰত লাভ কৰিব পাৰিলেহে সর্বভাৰতীয় পর্যায়ত সন্মান লাভ কৰা বুলি ক’ব পাৰি৷ ঠিক তেনেদৰে পৃথিৱীৰ বহু ঠাইত হৈ থকা বিভিন্ন চলচ্চিত্র মহোৎসৱত অসমীয়া ছবিয়ে স্থান পোৱাৰ সংবাদো বাঢ়ি আহিছে৷ আন্তর্জাতিক বুলি লিখি দিয়া সকলো মহোৎসৱেই সমমানৰ নহয়, সকলো মহোৎসৱেই ছবি একোখনৰ সন্মান বৃদ্ধি কৰিব নোৱাৰে৷
অসমীয়া চিনেমাক বাণিজ্যসফল কৰি তুলিবলৈ কৰা চেষ্টাত মূল অস্ত্র হৈছে মুম্বাইৰ হিন্দী আৰু দক্ষিণ ভাৰতৰ জনপ্রিয় তামিল বা তেলুগু ছবিৰ পৰা ধাৰ কৰা অলংকাৰ৷ এনে ছবিয়ে ব্যৱসায় হয়তো ঠিকেই কৰিছে, কিন্তু এইবোৰত অসমীয়া বুলিবলৈ সংলাপৰ বাহিৰে একো নাথাকে৷ কিন্তু দর্শকে যেতিয়া এই চিনেমাকে অসমীয়া চিনেমা বুলি মানি লৈ গ্রহণ কৰিছে, তেনে অৱস্থাত ক’বলৈ একো নাথাকে৷ ব্যৱসায়ত উপার্জনেই মূল সত্য৷ অকল ব্যৱসায়েই শেষ কথা হ’লে সেই উৎপাদনবোৰে পণ্য দ্রব্যৰ শাৰীত থকাই ভাল, সেইবোৰৰ লগত সংস্কৃতি, শিল্প আদি শব্দবোৰ মিহলাই দিয়া উচিত নহয়৷ চিনেমাৰ জগতখন নিজৰ জোৰত চলি থাকিবলৈ ব্যৱসায়-সফল ছবিৰ অতি প্রয়োজন৷ অসমত হিন্দী ছবি এখন ব্যৱসায়িকভাৱে সফল হ’লে চিত্রগৃহৰ মালিকৰ লাভ হ’ব পাৰে, কিন্তু অসমীয়া চিনেমাৰ একো লাভ নহয়৷ অসমীয়া চিনেমা এখনৰ উপার্জনে প্রযোজকক লাভৱান কৰিব পাৰে, কিন্তু চিনেমাক সামগ্রিকভাৱে লাভৱান কৰিবলৈ হ’লে চিনেমা জগতখনত তাৰ সুদূৰপ্রসাৰী প্রভাৱ থাকিবই লাগিব৷ ব্রজেন বৰুৱাৰ ড০ বেজবৰুৱা, ভবেন্দ্র নাথ শইকীয়াৰ সন্ধ্যাৰাগ, দ্বিবন বৰুৱাৰ তৰামাই, শিৱ ঠাকুৰৰ ফাগুনী, ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ আদি ছবিয়ে ব্যৱসায়ৰ দিশত সফল হোৱাৰ লগতে ছবিৰ ঐতিহ্যৰ ধাৰাবাহিকতাত সফল সংযোজন ঘটাইছে৷ অসমীয়া ছবি নির্মাতাসকলে এই কথাটোত মনোযোগ দিয়াটো ভাল৷ কিন্তু কথা হ’ল– দর্শকৰ সমর্থন আৰু সহযোগহে চিনেমাৰ গতি নির্ধাৰণ কৰাৰ প্রধান কাৰক৷ কিন্তু দর্শকৰ পৰা কম সমর্থন পোৱা কিন্তু কলাৰ দিশৰ পৰা উত্তীর্ণ ছবিবোৰক চৰকাৰে সহায় কৰা উচিত আৰু চৰকাৰৰ যোগ্য সহায়েহে এই চিত্রনির্মাতাসকলক উৎসাহ যোগাব৷