নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকীয় প্রাকৃতিক দুর্যোগ

গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱর্তনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ইয়াৰ প্রভাৱতে এতিয়া বিশ্বৰ বিভিন্ন স্থানত অতিবৃষ্টি আৰু খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ হিমালয়ান ৰাষ্ট্র নেপালত মুষলধাৰ বৰষুণে যি বানৰ তাণ্ডৱ সৃষ্টি কৰিছে তাৰ দ্বাৰা দেশখন ভয়াৱহ বিপর্যয়ৰ সন্মুখীন হৈছে৷ বান, ভূমিস্খলনৰ ফলত নেপালত দুই শতাধিক লোকৰ মৃত্যু হোৱাৰ উপৰি বহু লোক সন্ধানহীন হৈ আছে৷ লক্ষণীয়ভাৱে এই ভয়াৱহ প্রাকৃতিক দুর্যোগত দেশখনত বিস্তৰ সম্পদৰ ক্ষতিসাধন হৈছে৷ বহু দলং উটি গৈছে বানত৷ বহু বাসগৃহ তথা ৰাজহুৱা প্রতিষ্ঠান মুহূর্তৰ ভিতৰতে ধ্বংস হৈছে৷ দেশখনৰ ইতিহাসত ২০১৫ চনৰ প্রলয়ংকৰী ভূমিকম্পৰ পাছত এই বান অতি ভয়াৱহ প্রাকৃতিক দুর্যোগ হিচাপে চিহ্ণিত হৈছে৷ লক্ষণীয়ভাৱে নেপালৰ এই অতিবৃষ্টিৰ কাৰণ জলবায়ু বিজ্ঞানীসকলে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রভাৱ বুলি উল্লেখ কৰিছে৷ শেহতীয়াকৈ প্রশান্ত মহাসাগৰত চলি থকা এল নিন’ৰ প্রভাৱেও বিভিন্ন দেশত বান আৰু অনাবৃষ্টিৰ সৃষ্টি কৰা বুলি বিজ্ঞানীসকলে দাবী কৰিছে৷ অকল সেয়াই নহয়, এই গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে এতিয়া পৃথিৱীৰ বৰফীয়া আচ্ছাদন গলি আহিছে৷ বিভিন্ন প্রান্তত থকা হিমবাহৰ গলনৰ ফলত মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে৷ ইয়াৰ ফলতো বিভিন্ন প্রাকৃতিক দুর্যোগে দেশে দেশে সৃষ্টি কৰিছে তাণ্ডৱ৷ শেহতীয়াকৈ বিশ্বৰ বিভিন্ন প্রান্তত বৃদ্ধি পাইছে সামুদ্রিক ধুমুহা৷ এই সামুদ্রিক ধুমুহা উৎপত্তিৰো মূল কাৰণ হিচাপে চিহ্ণিত কৰা হৈছে গোলকীয় উষ্ণতা বৃদ্ধি৷ চলিত বর্ষত এছিয়াৰ ফিলিপাইনছ, ভিয়েটনামসহ কেইবাখনো দেশত সামুদ্রিক ধুমুহাই সৃষ্টি কৰা তাণ্ডৱৰ ফলত কেইবাশ লোকৰ মৃত্যু হৈছে৷ এই দেশসমূহত সামুদ্রিক ধুমুহাই ধ্বংসলীলাৰ সৃষ্টি কৰি গৈছে৷ শেহতীয়াকৈ আমেৰিকাত কেটেগৰী–৪ সামুদ্রিক ধুমুহা হেলেনে সৃষ্টি কৰিছে ধ্বংসলীলা৷ এই ধ্বংসলীলাত এতিয়ালৈকে ১৬০গৰাকীতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ উপৰি কেইবাশও সন্ধানহীন হৈ আছে৷ আমেৰিকাৰ ছখন প্রদেশত হেলেনে ২১ শতিকাৰ আটাইতকৈ ভয়াৱহ বিপর্যয় সৃষ্টি কৰা বুলি দেশখনৰ চৰকাৰে ঘোষণা কৰিছে৷ আমেৰিকাত এই সামুদ্রিক ধুমুহা আৰু বানৰ পাছত সাহায্য অভিযান ক্ষিপ্রতৰ কৰি তোলা হৈছে৷ লক্ষণীয়ভাৱে মার্কিন প্রশাসনে ঘোষণা কৰা অনুসৰি হেলেনে ধ্বংসস্তূপত পৰিণত কৰা প্রাসাদবোৰ আঁতৰ কৰিবলৈ কেইবা বছৰো লাগিব৷
গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱর্তনৰ শেহতীয়া ভয়াৱহ প্রভাৱ দেখিবলৈ পোৱা গৈছে ইউৰোপত৷ ইউৰোপত আল্পছ পর্বতমালাত থকা হিমবাহবোৰ দ্রুতগতিত গলি থকাৰ ফলত বিভিন্ন দেশত সীমা সমস্যাৰ সৃষ্টি হৈছে৷ ইটালী আৰু ছুইজাৰলেণ্ডত অত্যধিক হাৰত হিমবাহৰ গলনৰ ফলত দেশ দুখনৰ সীমা বিলুপ্ত হৈছে৷ পৰিণতিত দুয়োখন দেশে আল্পছ পর্বতমালাজুৰি থকা সীমাৰেখা পুনৰ অংকন কৰিবলগীয়া হৈছে৷ ইতিমধ্যে দেশ দুখনে নতুন সীমাৰেখা অংকন কৰাৰ বাবে কেইবালানিও আলোচনা কৰিছে৷ বিগত তিনি বছৰত ছুইজাৰলেণ্ড আৰু ইটালীৰ মাজত থকা সীমান্ত বিলুপ্ত হৈছে একমাত্র হিমবাহৰ গলনৰ বাবে৷ দুয়োখন দেশৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে যি হাৰত হিমবাহৰ গলন চলি আছে সেয়া অব্যাহত থাকিলে সমগ্র আল্পছ পর্বতমালাত সৃষ্টি হ’ব দুর্যোগ৷ আনকি ইউৰোপৰ বহু জনপ্রিয় স্কি ৰিজ’ৰ্ট ধ্বংস হৈ পৰিছে৷ অর্থাৎ ইউৰোপীয় দেশসমূহৰ পর্যটন অর্থনীতিলৈ নামি আহিব পাৰে সংকট৷ আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে ৰাষ্ট্রসংঘৰ জলবায়ু সন্মিলনবোৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ মোকাবিলা কৰিবলৈ বিভিন্ন সিদ্ধান্ত গ্রহণ কৰি অহা হৈছে যদিও তাক আজিলৈকে কার্যকৰী কৰিবলৈ কোনো দেশে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা নাই৷ গোলকীয় উষ্ণতা বৃদ্ধিত ইন্ধন যোগাই অহা গ্রীন হাউছ গেছ নি:সৰণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত কোনো দেশেই কার্যতঃ পদক্ষেপ গ্রহণ কৰা নাই৷ পৰিণতিত কিয়টো প্রট’কলৰ পৰা আৰম্ভ কৰি পেৰিছ জলবায়ু সন্মিলনত গ্রহণ কৰা সিদ্ধান্তবোৰলৈকে সকলো অসাৰ হৈ আছে৷ এনে পৰিস্থিতিত পৃথিৱীত জীৱকুলৰ অস্তিত্ব ৰক্ষা কৰিবলৈ মানৱ জাতিয়ে শীঘ্রে কার্যকৰী ব্যৱস্থা গ্রহণ নকৰিলে পৃথিৱীৰ ভৱিষ্যতলৈয়ে নামি আহিব আশংকা৷

You might also like