নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : দেৱালীৰ প্রাক্মুহূর্তত

পৰম্পৰাৰ প্রতি সন্মান, ধর্মবিশ্বাস আৰু সর্বোপৰি পোহৰৰ আকাংক্ষা– এইবোৰেই দেৱালীৰ আকর্ষণ৷ ‘তমসো মা জ্যোতির্গময়’– মোক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া– এই আৱাহনী মন্ত্র ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ মূল ভেটি৷ এই মন্ত্রৰ বাহ্যিক উদ্যাপনেই দেৱালী, দীপাৱলী, দীপান্বিতা৷ এই উৎসৱ পালনৰ বাবে কোনোবা কাহানিবা কোনোবাই এটি দিন নির্বাচন কৰিছিল, তাত এটা কাৰণ সংযোগ কৰিছিল, সেই কাৰণৰ উৎস নজনাকৈয়েও ভাৰতৰ মানুহে দীপাৱলী পালন কৰি আহিছে৷ ৰাম বনবাসৰ পৰা উভতি অহাৰ দিনা দীপাৱলী পালন কৰা হয় বুলি বিশ্বাস আছে৷ আন কোনোবাই কয় যে ৰাৱণ বধৰ লগতহে দীপাৱলীৰ সম্বন্ধ৷ এই কাৰণবোৰ যিয়েই নহওক কিয়, এহ দীপাৱলী উৎসৱ পৰিয়ালৰ উদ্যাপনৰ সময়, একতাৰ বান্ধোনৰ সময়, এটা আধ্যাত্মিক পৰিৱেশ অনুভৱৰ সময় আৰু সামাজিক আনন্দৰ সময়সূচী৷ ভাৰতীয় পৰম্পৰাত সকলো উৎসৱেই সামাজিক, মুকলি আৰু ধর্মৰ প্রসংগ থাকিলেও সি ধর্মৰ বান্ধোনৰ দ্বাৰা সীমিত নহয়৷ দুর্গাপূজাৰ লগত ধর্মৰ সম্বন্ধ আছে যদিও সেই উৎসৱত অংশগ্রহণ কৰাৰ বাবে ধর্মীয় পৰিচয় পত্রৰ প্রয়োজন নহয়৷ দেৱালী যদিও হিন্দুৰ উৎসৱ, ইয়াৰ লগত ধর্মৰ বিশেষ একো সম্বন্ধ নাই, এই উৎসৱৰ সেই মুকলি বৈশিষ্ট্যৰ বাবে দেৱালী এক ধর্মনিৰপেক্ষ সামাজিক অনুষ্ঠান৷ এই চৰিত্রৰ বাবেই দীপাৱলীৰ আয়োজন আৰু উদ্যাপনৰ স্বৰূপ সময়ৰ লগে লগে সলনি হৈ গৈ আছে, সময়ৰ লগত ই মিলি গৈ আছে৷ জনসংখ্যাৰ বর্ধন আৰু সামাজিক পৰিৱেশৰ পৰিৱর্তনে মানুহৰ জীৱনধাৰালৈ পৰিৱর্তন আনে, পৰম্পৰাগত ডদ্যাপন পদ্ধতিও সলনি হৈ যায়৷ এই পৰিৱর্তনৰ লগত উৎসৱক খাপ খুৱাই লৈ যাব পৰাটো এটা প্রত্যাহ্বান৷ আধুনিক প্রযুক্তিবিদ্যাৰ উপহাৰে এই উৎসৱবোৰত প্রভাৱ বিস্তাৰ কৰে মূলতঃ উদ্যাপনটিক অধিক আকর্ষণীয় কৰি তোলাৰ স্বার্থত৷ এই নতুন সংযোজনেই বহু ক্ষেত্রত চিন্তাৰ কাৰণ হৈ থিয় দিয়ে৷
চাকি জ্বলাই দীপাৱলীত পোহৰৰ আনন্দ উদ্যাপন কৰা হয়৷ সেই পৰম্পৰাগত মাটিৰ চাকিৰ লগত প্রযুক্তিবিদ্যাৰ উপহাৰ ইলেক্ট্রিক লাইটৰ সংযোজন ঘটিছে৷ উৎসৱৰ মূল আদর্শৰ একো হানি–বিঘিনি নোহোৱাকৈ কৰা এই সংযোজনে আয়োজনটিক আধুনিক পৰিৱেশৰ লগত খাপ খুৱাই দিছে৷ কিন্তু শেহতীয়াকৈ সংযোজিত হোৱা এলইডি লাইটৰ অত্যধিক প্রকোপে পোহৰ প্রদূষণৰ সৃষ্টি কৰিছে আৰু ই বিপজ্জনক অৱস্থালৈ গতি কৰিছে৷ দীপাৱলীৰ সময়ত আতংকৰ দৰে হৈ উঠা এটা দিশ হ’ল ফট্কা বা আতচবাজীৰ মাত্রাধিক্যতা৷ আতচবাজী শিল্প পৰম্পৰাৰ অংশ৷ এটা সময়ত জনসমাগমৰ পৰা নিলগত, মুকলি ঠাইত সীমিত সময়ত এই আতচবাজীৰ আনন্দ লোৱা হৈছিল৷ কিন্তু এতিয়া ৰাসায়নিক দ্রব্যৰ দ্বাৰা প্রস্তুত কৰা ফট্কাৰ ব্যাপক ব্যৱহাৰে নাগৰিক জীৱনত আতংকৰ সৃষ্টি কৰিছে৷ ফট্কাৰ শব্দ এতিয়া আনন্দৰ ৰূপ হৈ থকা নাই, ই আতংকৰ প্রকাশ যেন হৈ পৰিছে৷ ফট্কাই শব্দ প্রদূষণৰো সৃষ্টি কৰিছে আৰু ইয়াৰ ৰাসায়নিক বিক্রিয়াই মানুহ আৰু জীৱ–জন্তুৰ শৰীৰত ঋণাত্মক প্রভাৱ পেলাইছে৷ দীপাৱলীৰ ফট্কা আৰু আতচবাজীয়ে কেহমুহূর্তমানৰ বাবে সমগ্র আকাশখন পোহৰাহ তুলি আনন্দ দিয়ে সঁচা, কিন্তু আমাৰ পৰিৱেশ আৰু স্বাস্থ্যৰ ওপৰত ভয়ংকৰ প্রভাৱ পেলায়৷ ফট্কা জ্বলোৱাৰ পিছত বতাহত ধূলি আৰু প্রদূষকৰ ঘনত্ব বৃদ্ধি হয়৷ ছালফাৰ, জিংক, তাম আৰু ছডিয়াম আদি ৰাসায়নিক পদার্থৰে ভৰপূৰ ধূলি আৰু প্রদূষক পদার্থই মুকলি অঞ্চলত থিতাপি লয় আৰু এই প্রদূষণবোৰে আমাৰ পৰিৱেশ ধবংস কৰিবলৈ আৰম্ভ কৰে, সহজেহ আমাৰ স্বাস্থ্যক বিপদত পেলাবলৈ আগবাঢ়ে৷ ফট্কাৰ প্রচণ্ড শব্দহ মানুহক প্রত্যক্ষভাৱে প্রভাৱিত কৰিব পাৰে৷ শ্বাসৰুদ্ধকৰ ডচ্চ শব্দই বৃদ্ধ লোকসকলৰ হূদযন্ত্রত ভয়াৱহ প্রভাৱ পেলোৱাৰ সম্ভাৱনা সৃষ্টি কৰে৷ ফট্কাৰ ধোঁৱাই ডশাহ–নিশাহৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ দীপাৱলীৰ আনন্দ উদ্যাপন কৰা সময়ত এনেবোৰ কথাৰ প্রতি মনোযোগ দিয়াটো উচিত আৰু এখন কল্যাণকামী ৰাজ্যৰ চৰকাৰে এই পৰিৱেশগত সমস্যা নিয়ন্ত্রণৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰিব লাগে৷

You might also like