নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৭০ ধাৰা বাতিলক লৈ উত্তপ্ত বিধানসভা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ নৱেম্বৰঃ প্রায় ১০ বছৰ পিছত বিধানসভা নির্বাচন সম্পন্ন হৈছে জম্মু–কাশ্মীৰত৷ নির্বাচনত জয়লাভ কৰি চৰকাৰ গঠন কৰিছে নেচনেল কনফাৰেঞ্চ (এনচি)–এ৷ মুখ্যমন্ত্রী হৈছে ওমৰ আব্দুল্লা৷ ৬ বছৰ পিছত জম্মু–কাশ্মীৰ বিধানসভাৰ অধিৱেশন বহিছিল৷ অধিৱেশনৰ প্রথম দিনতেই ৩৭০ ধাৰা বাতিলক লৈ বিধানসভাত তীব্র উত্তেজনাৰ সৃষ্টি হ’ল৷ মেহবুবা মুফতিৰ দল পিপলছ ডেম’ক্রেটিক পার্টী (পিডিপি)ৰ বিধায়ক ৱাহিদ পাৰৰাই ৩৭০ ধাৰা বাতিলৰ বিৰুদ্ধে প্রস্তাৱ দাখিল কৰে৷ ইয়াৰ বিৰোধিতা আৰম্ভ কৰে বিজেপি বিধায়কসকলে৷বিধানসভাৰ অধ্যক্ষয়ো এই প্রস্তাৱৰ বিৰোধিতা কৰে৷ বিষয়টোক লৈ উত্তেজনা চৰম পর্যায় পায়গৈ৷  সমগ্র অধিৱেশনেই আছিল ৩৭০ ধাৰা বাতিল সম্পর্কীয়৷ আৰম্ভণিতে জম্মু–কাশ্মীৰৰ উপ–ৰাজ্যপাল মনোজ সিন্হাই লিখিত ভাষণ পাঠ কৰে৷ উপ–ৰাজ্যপালগৰাকীয়্ সংকল্প গ্রহণ কৰে যে জম্মু–কাশ্মীৰৰ পূর্ণ ৰাজ্যৰ মর্যাদা ওভতাই পাবলৈ তেওঁৰ চৰকাৰে সকলো ধৰণৰ চেষ্টা কৰিব৷ উল্লেখনীয় যে কাশ্মীৰৰ নতুন মন্ত্রীসভায়ো ৩৭০ ধাৰা বাতিল কৰি ৰাজ্যৰ মর্যাদা পুনৰ উদ্ধাৰৰ প্রস্তাৱ গৃহীত কৰিছে৷ উপ–ৰাজ্যপালৰ বক্তব্যতো সেই প্রসংগ উত্থাপন হ’ল৷ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই কয় যে ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ ধাৰা বাতিলৰ যি সিদ্ধান্ত লোৱা হৈছিল, তাক জম্মু–কাশ্মীৰৰ মানুহে পছন্দ কৰা নাই৷ ইফালে, অধিৱেশনৰ আৰম্ভণিতেই আজি ধ্বনি ভোটত অধ্যক্ষ মনোনীত হয় নেচনেল কনফাৰেঞ্চৰ বিধায়ক ৰহিম ৰাঠেদাৰ৷ অধ্যক্ষ নির্বাচিত হোৱাৰ পিছতে ৰাঠেদাৰক শুভেচ্ছা জনায় জম্মু–কাশ্মীৰ বিধানসভাত বিৰোধী দলনেতা তথা বিজেপি বিধায়ক সুনীল শর্মাই৷ উল্লেখনীয় যে ৯০ আসনৰ জম্মু–কাশ্মীৰ বিধানসভাত নেচনেল কনফাৰেঞ্চে জয়লাভ কৰিছে ৪২খন আসনত৷ বিজেপি জয়ী হৈছে ২৯খন আসনত৷ মাত্র তিনিখন আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছে মেহবুবা মুফতিৰ পিডিপি৷ জম্মু–কাশ্মীৰত ওমৰ আব্দুল্লা চৰকাৰক বাহিৰৰ পৰা সমর্থন দিছে কংগ্রেছে৷

You might also like