নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশীক অনুপ্রৱেশৰ সুযোগ দিছে ছোৰেন চৰকাৰে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ নৱেম্বৰঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পিছত এইবাৰ ঝাৰখণ্ড বিধানসভা নির্বাচনৰ প্রচাৰত অংশগ্রহণ কৰি বাংলাদেশী অনুপ্রৱেশক লৈ বিৰোধী দলসমূহক আক্রমণৰ লক্ষ্য হিচাপে বাছি ল’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প’লামু অঞ্চলৰ গঢ়ৱাত বিজেপিৰ সভাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঝাৰখণ্ড মুক্তি মর্চা, কংগ্রেছ আৰু আৰজেডিৰ মিত্রজোঁট চৰকাৰক কঠোৰ সমালোচনা কৰিলে৷ মোদীয়ে উল্লেখ কৰে যে তোষণৰ ৰাজনীতি চূড়ান্ত পর্যায়লৈ লৈ গৈছে ঝাৰখণ্ড মুক্তি মর্চা, কংগ্রেছ আৰু আৰজেডিয়ে৷ এই তিনিটা দলেই অনুপ্রৱেশকাৰীসকল সমর্থন কৰে বুলিও মোদীয়ে উল্লেখ কৰে৷ বাংলাদেশী অনুপ্রৱেশকাৰীসকল ভোট পাবলৈ সমগ্র ঝাৰখণ্ডতে বাংলাদেশীসকলক বসবাসৰ সুযোগ এই তিনিটা দলে দিয়া বুলিও অভিযোগ কৰে প্রধানমন্ত্রীয়ে৷ অকল সেয়াই নহয়, ঝাৰখণ্ডৰ পৰিস্থিতি এতিয়া অধিক ভয়াৱহ বুলি উল্লেখ কৰি মোদীয়ে কয় যে সৰস্বতী বন্দনাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ইয়াৰ দ্বাৰাই বিপদ কিমান গুৰুতৰ, সেয়া বুজিব পৰা যায় বুলিও মোদীয়ে মন্তব্য কৰে৷ আনকি যুৱতীসকলৰ সৈতে বিয়াৰ নাম কৰি ঝাৰখণ্ডত বাংলাদেশী অনুপ্রৱেশকাৰীয়ে চূড়ান্ত প্রতাৰণা চলাই থকা বুলি অভিযোগ কৰে মোদীয়ে৷ স্মর্তব্য যে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত প্রচাৰত অংশ লৈ ৰাজ্যখনৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনক বাংলাদেশী অনুপ্রৱেশকাৰীৰ বিষয়টোক লৈ ক্ষুৰধাৰ সমালোচনা কৰিছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ প্রধানমন্ত্রী মোদী পুনৰ একেটা বিষয়ক লৈ সৰৱ হোৱা দেখা গ’ল৷

You might also like