নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংগবন্ধু মুজিবুৰ ৰহমান-হাছিনাৰ স্মৃতি বিলুপ্ত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ নৱেম্বৰঃ বাংলাদেশৰ ৰাষ্ট্রীয় দিৱসৰ তালিকাৰ পৰা পূর্বেই বাদ পৰিছে আঠটা দিন৷ এই দিনবোৰৰ সিংহভাগেই আছিল প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ পৰিয়ালৰ সদস্যসকলৰ স্মৃতি৷ এইবাৰ বাংলাদেশৰ ১৪খন হাস্পতালৰ নাম সলনি কৰিলে মহম্মদ ইউনুছৰ অন্তর্ৱর্তী চৰকাৰে৷ এইক্ষেত্রতো জড়িত হৈ আছে শ্বেখ হাছিনাৰ প্রয়াত পিতৃ বংগবন্ধু মুজিবুৰ ৰহমানৰ নাম নাইবা হাছিনাৰ নাম৷ বাংলাদেশৰ স্বাস্থ্য মন্ত্রণালয়ৰ পৰা এক বিবৃতিত ১৪খন হাস্পতালৰ নাম সলনি কৰা বুলি ঘোষণা কৰা হৈছে৷ নতুন পৰিচয় পোৱা হাস্পতালবোৰৰ তালিকাত আছে ৰাজধানী ঢাকাৰ শ্বেখ হাছিনা ৰাষ্ট্রীয় বার্ন এণ্ড প্লাষ্টিক ছার্জাৰী ইনষ্টিটিউটো৷ এই হাস্পতালখনৰ নতুন নাম দিয়া হৈছে নেচনেল ইনষ্টিটিউট অৱ বার্ন এণ্ড প্লাষ্টিক ছার্জাৰী৷ টাংগাইল মেডিকেল কলেজৰ সৈতেও হাছিনাৰ নাম জড়িত হৈ আছিল৷ এতিয়া কেৱল মেডিকেল কলেজখনক টাংগাইল মেডিকেল কলেজ হিচাপে নামকৰণ কৰা হৈছিল৷ ফৰিদপুৰত অৱস্থিত বংগবন্ধু শ্বেখ মুজিবুৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ নামৰ পৰাও মচি পেলোৱা হৈছে বংগবন্ধু স্মৃতি৷ নতুন নাম ৰখা হৈছে ফৰিদপুৰ মেডিকেল কলেজ এণ্ড হাস্পতাল৷ গোপালগঞ্জত থকা হাছিনাৰ মাতৃ শ্বেখ ফজিলাতুন্নেছা মুজিবুৰৰ নামত এখন চকু হাস্পতাল আছিল৷ এই হাস্পতালৰ নামো সলনি কৰিছে বাংলাদেশৰ অন্তর্ৱর্তী চৰকাৰে৷ হাছিনাৰ ভাতৃ শ্বেখ ৰাছেলৰ নামত ৰাজধানী ঢাকাত এখন হাস্পতাল আছিল৷ শ্বেখ ৰাছেল নেচনেল গেষ্ট্রোলিভাৰ ইনষ্টিটিউট এণ্ড হাস্পতাল৷ এই হাস্পতালখনৰ নাম দিয়া হৈছে নেচনেল গেষ্ট্রোলিভাৰ ইনষ্টিটিউট৷ লক্ষণীয়ভাৱে মুজিবুৰ ৰহমানৰ পিতৃ শ্বেখ লুটফুৰ ৰহমানৰ নামত থকা গোপালগঞ্জৰ দন্ত হাস্পতালৰ নামো সলনি কৰিছে দেশখনৰ অন্তৱর্তী চৰকাৰে৷ এই হাস্পতালখনৰ নাম ৰখা হৈছে গোপালগঞ্জ ডেণ্টেল কলেজ এণ্ড হস্পিতাল৷ আটাইতকৈ লক্ষণীয় বিষয়টো হৈছে দেশখনৰ স্বাধীনতা সংগ্রামী মুজিবুৰ ৰহমানৰ পৰিয়ালৰ স্মৃতি বিজড়িত সকলো নাম সলনি কৰিবলৈ লৈছে অন্তৱর্তী চৰকাৰে৷

You might also like