হোৱাইট হাউছত পুনৰ ট্রাম্প
জনমত সমীক্ষাক ভুল প্রমাণিত কৰি আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্প বিজয়ী হৈছে৷ প্রচাৰৰ অন্তিম মুহূর্তলৈ বিভিন্ন সমীক্ষাত উপ–ৰাষ্ট্রপতি তথা ডেম’ক্রেটিক প্রার্থী কমলা হেৰিছ ট্রাম্পতকৈ আগবাঢ়ি থকা বুলি প্রকাশ পাইছিল৷ কিন্তু ভোটগণনাৰ আৰম্ভণিৰ লগে লগে স্পষ্ট হৈ পৰে যে বিভিন্ন সংস্থাই যি সমীক্ষা চলাইছিল, তাৰ বিপৰীত ফলাফল ওলাবলৈ গৈ আছে৷ ইতিমধ্যে দেশখনৰ ৰাষ্ট্রপতি নির্বাচনত জয়লাভৰ পিছতে আমেৰিকাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণ দিছিল ড’নাল্ড ট্রাম্পে৷ পূর্বৰ এটা কার্যকাল ৰাষ্ট্রপতিৰ দায়িত্বত থকাৰ পিছত বিগত নির্বাচনত জ’ বাইডেনৰ হাতত ট্রাম্প পৰাভূত হৈছিল যদিও পুনৰ দ্বিতীয়বাৰৰ বাবে নেতাগৰাকীয়ে হোৱাইট হাউছৰ শীর্ষ পদত অধিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰিলে৷ এই বিপুল জয়ৰ বাবে দেশবাসীক ধন্যবাদ জনোৱাৰ লগতে সমালোচকসকলক ভুল প্রমাণিত কৰি বিজয়ী হোৱা বুলি ঘোষণা কৰিছে নেতাগৰাকীয়ে৷ আমেৰিকাৰ এই ৰায় অভূতপূর্ব আৰু শক্তিশালী বুলিও অভিহিত কৰিছে ট্রাম্পে৷ লক্ষণীয়ভাৱে আমেৰিকাৰ নির্বাচনত ভোটাৰসকলে প্রত্যক্ষভাৱে ভোটদান কৰিছে যদিও অকল ভোটাৰৰ ভোটেই এই নির্বাচনত জয়–পৰাজয় নির্ণয় কৰা নাই৷ আমেৰিকাৰ একোখন প্রদেশত জয়–পৰাজয়ৰ জৰিয়তেহে এই ফলাফল নির্ণয় হৈছে৷ দেশখনৰ ৫০খন প্রদেশৰ প্রতিখনতে আছিল ইলেক্ট’ৰেল কলেজ ভোট৷ এই ইলেক্ট’ৰেল কলেজ ভোটৰ সংখ্যা ৫৩৮৷ অর্থাৎ কোনো এখন প্রদেশত এগৰাকী প্রার্থীয়ে জয়লাভ কৰা মানেই সেই প্রদেশখনৰ সকলো ইলেক্ট’ৰেল কলেজ ভোট প্রার্থীগৰাকীয়ে লাভ কৰে৷ এনেদৰে ট্রাম্পে অধিকসংখ্যক প্রদেশত বিজয় সাব্যস্ত কৰি মুঠ ২৭৭টা ইলেক্ট’ৰেল কলেজ ভোট লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, কমলা হেৰিছে লাভ কৰিছে ২২৬টা ইলেক্ট’ৰেল কলেজ ভোট৷ এই ইলেক্ট’ৰেল কলেজ ভোটৰ বাবেই ৭খন প্রদেশক অতি গুৰুত্বপূর্ণ বুলি ধৰি লোৱা হৈছে৷ আমেৰিকাৰ এই ৭খন প্রদেশত ৰিপাব্লিকান বা ডেম’ক্রেটিকৰ প্রভাৱ নাছিল৷ গতিকে, এই প্রদেশকেইখনক নিৰপেক্ষ প্রদেশ হিচাপে চিহ্ণিত কৰিছিল নির্বাচনী পর্যবেক্ষকসকলে৷ এই প্রদেশকেইখন আছিল– জর্জিয়া, পেন্সিলভেনিয়া, উত্তৰ কেৰোলিনা, মিচিগান, নেভাডা, আৰিজ’না আৰু উইচকনছিন৷ অন্তিম মুহূর্তত এই প্রদেশকেইখনে কমলা হেৰিছক হোৱাইট হাউছলৈ যাত্রাৰ পথ সুগম কৰি দিব বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে ধাৰণা কৰিছিল যদিও সকলো পূর্ব ধাৰণা তথা সমীক্ষাক ভুল প্রমাণিত কৰি নির্বাচনৰ মূল যুদ্ধক্ষেত্র হিচাপে চিহ্ণিত এই প্রদেশসমূহত ট্রাম্পে কমলাক ধৰাশায়ী কৰিছে৷ গতিকে, ট্রাম্পৰ বিজয় এই প্রদেশকেইখনে নিশ্চিত কৰি তোলে৷
অকল ৰাষ্ট্রপতি নির্বাচনত ৰিপাব্লিকান প্রার্থীয়েই যে বিজয় সাব্যস্ত কৰিছে তেনে নহয়, আমেৰিকাৰ কংগ্রেছৰ উচ্চ সদন ছিনেটতো সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ৰিপাব্লিকান প্রার্থীয়ে৷ ছিনেটৰ পিছত নিম্ন সদন হাউছ অৱ ৰিপ্রেজেনটেটিভো এইবাৰ ৰিপাব্লিকান পার্টীৰ দখললৈ গৈছে৷ গতিকে, ভৱিষ্যৎ দিনত আমেৰিকাত বিভিন্ন আইন প্রণয়নৰ ক্ষেত্রত অপ্রতিৰোধ্য হৈ পৰিল ৰিপাব্লিকান পার্টী৷ অর্থাৎ ট্রাম্পে নির্বাচনৰ পূর্বে যিবোৰ প্রতিশ্রুতি দিছিল, প্রব্রজনৰ বিৰুদ্ধে যি নীতি গ্রহণ কৰিব বুলি সংকল্প লৈছিল, সেয়া কার্যকৰী হোৱাটো নিশ্চিত হৈ পৰিব৷ এতিয়া প্রশ্ণটো হৈছে ৰাজনৈতিক বিশেষজ্ঞসকলৰ পূর্ব ধাৰণা তথা বিভিন্ন জনমত সমীক্ষাক ভুল প্রমাণিত কৰি কেনেদৰে ট্রাম্পে কমলা হেৰিছক পৰাভূত কৰি এই নির্বাচনত বিজয় সাব্যস্ত কৰিলে৷ লক্ষণীয়ভাৱে এইবাৰ পপুলাৰ ভোটৰ ক্ষেত্রতো ৰিপাব্লিকান প্রার্থী ট্রাম্পে ডেম’ক্রেটিক প্রার্থী কমলা হেৰিছতকৈ বহু আগবাঢ়িবলৈ সক্ষম হৈছিল৷ ইতিমধ্যে ড’নাল্ড ট্রাম্পক অভিনন্দন জ্ঞাপন কৰিছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আগন্তুক দিনত ঐক্যবদ্ধভাৱে ভাৰত–আমেৰিকাই কাম কৰি যাব বুলিও মোদীয়ে ট্রাম্পক জনোৱা অভিনন্দন বার্তাত উল্লেখ কৰিছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ট্রাম্প বিজয়ী হোৱাৰ লগে লগে আন্তর্জাতিক বিষয়ে নতুন ৰূপ লাভ কৰিব পাৰে৷ বিশেষকৈ মধ্যপ্রাচ্যৰ সংঘাতে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে৷ ইতিমধ্যে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে ট্রাম্পৰ এই বিজয়ত সুখী বুলি মন্তব্য কৰিছে৷