নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৰ ইঞ্জিন-দবাৰ মাজৰ কাপলিং খুলিবলৈ গৈ কৰুণ মৃত্যু যুৱকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ নৱেম্বৰঃ বিহাৰৰ বেগুচৰাইত মর্মান্তিক দুর্ঘটনা চহৰখনৰ বাৰাউনি ষ্টেচনত কালি ৰে’ল ইঞ্জিন আৰু দবাৰ মাজৰ কাপলিং খুলিবলৈ গৈ মৃত্যু হৈছে ২৫ বছৰৰ এজন যুৱক৷ ৰে’ল কর্মী যুৱকজনৰ নাম অমৰ কুমাৰ৷ অমৰ ৰে’লৰ পইণ্টছমেন আছিল৷ ইঞ্জিন আৰু দবাৰ মাজৰ কাপলিং খোলাই তেওঁৰ কাম৷ কালিও তেওঁ এই কাম কৰিবলৈ গৈছিল৷ কিন্তু কাপলিং খোলাৰ বাবে যেতিয়া তেওঁ ইঞ্জিন আৰু দবাৰ মাজৰ খালী স্থানত প্রৱেশ কৰিছে, সেই সময়তে ইঞ্জিনটোৱে পিছফালৰ পৰা তেওঁক হেঁচি ধৰে৷ ফলত দবাৰ সৈতে ৰে’ল কর্মীজনৰ দেহ থেতেলা হৈ যায়৷ প্রাথমিকভাৱে ৰে’লৰ ৫গৰাকী বিষয়াই এই ঘটনাৰ তদন্ত কৰিছে৷ তদন্ত অনুসৰি ২ সহকর্মীৰ ভুল বুজাবুজিৰ বাবে তৃতীয় কর্মী অমৰৰ মৃত্যু হৈছে৷ ইতিমধ্যে এই ঘটনাৰ আলোকচিত্রই দেশজুৰি শিহৰণৰ সৃষ্টি কৰিছে৷ এই ঘটনাক লৈ উচ্চ পর্যায়ৰ তদন্তৰ নির্দেশ দিছে ৰে’ল বিভাগে৷

You might also like