নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিংসা-সংঘর্ষত উত্তপ্ত মণিপুৰৰ ছয় নতুন অঞ্চলত আফস্পা প্রয়োগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ নৱেম্বৰঃ পুনৰ অগ্নিগর্ভ হৈ পৰিছে গোষ্ঠী সংঘর্ষত জর্জৰিত মণিপুৰৰ পৰিস্থিতি৷ শেহতীয়াকৈ উত্তৰ–পূবৰ ৰাজ্যখনত বিভিন্ন স্থানত সৃষ্টি হৈছে সংঘর্ষ৷ গতিকে অশান্ত ৰাজ্যখনৰ ছখন আৰক্ষী থানাৰ অধীনস্থ অঞ্চলত নতুনকৈ জাৰি কৰা হৈছে সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা)৷ এই নতুন অঞ্চলসমূহৰ ভিতৰত জিৰিবামো আছে৷ উল্লেখনীয় যে শেহতীয়াকৈ জিৰিবামত সংঘর্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ যোৱা সোমবাৰে জিৰিবামত নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত হৈছিল ১০জন কুকি উগ্রপন্থী৷ অঞ্চলটোৰ পৰা তিনিগৰাকী মহিলা আৰু তিনিটি শিশুক উগ্রপন্থীয়ে অপহৰণ কৰিও নিছিল৷ মেইটেই সম্প্রদায়ৰ এই মহিলা আৰু শিশুসকলক অপহৰণ কৰি নিয়াৰ পাছত উগ্রপন্থীৰ বিৰুদ্ধে অভিযান চলাই আছে অর্ধসেনা আৰু আৰক্ষীয়ে৷ আফস্পা নতুনকৈ প্রয়োগ হোৱা অঞ্চলসমূহত সামৰিক বাহিনীয়ে মুক্তভাৱে অভিযান চলাব পাৰিব৷ অশান্ত অঞ্চল ঘোষণা কৰা এই স্থানসমূহত কেন্দ্রীয় চৰকাৰৰ অনুমতি অবিহনে সামৰিক বাহিনীৰ কর্মীৰ বিৰুদ্ধে কোনোধৰণৰ বিচাৰ প্রক্রিয়া চলাব নোৱাৰিব৷ স্মর্তব্য যে ইয়াৰ পূর্বে ৰাজ্যখনৰ ১৯খন আৰক্ষী থানাৰ অধীনস্থ অঞ্চলক শান্তিপূর্ণ অঞ্চল ঘোষণা কৰি সেই অঞ্চলসমূহৰ পৰা আফস্পা প্রত্যাহাৰ কৰা হৈছিল৷ শেহতীয়া সংঘর্ষৰ পাছত পুনৰ অর্ধসামৰিক বাহিনীৰ অধিক কোম্পানী মণিপুৰলৈ প্রেৰণ কৰা হৈছে৷

You might also like