শিহৰণকাৰী ঘটনা, টাটু কৰাই ৬৮ মহিলা এইচআইভি আক্রান্ত
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ নৱেম্বৰঃ উত্তৰ প্রদেশত পুনৰ শিহৰণকাৰী ঘটনা৷ ৬৮গৰাকীতকৈ অধিক মহিলা এইচআইভিত আক্রান্ত হৈছে৷ ইতিমধ্যে এই ৰোগৰ চিকিৎসা প্রদান কৰা হৈছে মহিলাসকলক৷ ৰাজ্যখনৰ এখন জিলা মহিলা হাস্পতালত স্বাস্থ্য পৰীক্ষাৰ সময়ত মহিলাসকল এইচআইভিত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে৷ আশ্চর্যজনক বিষয়টো হৈছে এই মহিলাসকলৰ ২০গৰাকীয়ে শৰীৰত টাটু কৰাৰ ফলত এইচআইভিত আক্রান্ত হোৱা বুলি ধাৰণা কৰা হৈছে৷ পথৰ দাঁতিৰ টাটু শিল্পীৰ জৰিয়তে এই মহিলাসকলে শৰীৰত টাটু কৰাইছিল৷ টাটু কৰাৰ পাছতে শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে মহিলাসকলৰ৷ ইয়াৰ পাছতে এইচআইভিৰ লক্ষণ দেখিবলৈ পোৱা যায় মহিলাসকলৰ শৰীৰত৷ মহিলাসকলে অভিযোগ কৰা অনুসৰি টাটু শিল্পীয়ে একেটা বেজীৰে বহুসংখ্যক মহিলাৰ শৰীৰত টাটু কৰিছিল৷ ইয়াৰ ফলতে মাৰণ ৰোগত আক্রান্ত হ’বলগীয়া হৈছে মহিলাসকল৷ লক্ষণীয়ভাৱে এই ৬৮গৰাকী মহিলাৰ আটাইকেইগৰাকীয়ে শৰীৰত টাটু কৰাইছে৷ ইফালে হাস্পতালখনৰ এইচআইভি কাউঞ্চেলৰ উমা সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি প্রতিবছৰ হাস্পতালখনত ১৫ৰ পৰা ২০গৰাকী মহিলা এইচআইভি প’জিটিভ ওলায়৷ এই ৬৮গৰাকী মহিলা অৱশ্যে একেটা বর্ষতে এইচআইভিত আক্রান্ত হোৱা নাই৷ হাস্পতালখনৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ অলকা শর্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি এইচআইভি সন্দর্ভত বহু সজাগতা অভিযান সত্ত্বেও মহিলাসকলে শৰীৰত পথৰ দাঁতিত টাটু কৰাব যোৱাটো আশ্চর্যৰ বিষয়৷ কোনো এইচআইভি আক্রান্ত লোকৰ শৰীৰত টাটুৰ সময়ত ব্যৱহূত বেজী পুনৰ ব্যৱহাৰৰ ফলতে বহু মানুহৰ দেহলৈ এইচআইভিৰ সংক্রমণ ঘটিব পাৰে বুলিও চিকিৎসকগৰাকীয়ে কয়৷