নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ চেপাত নৃশংস হত্যাকাণ্ড, ৩জনৰ মৃত্যু, আহত ৬

বাৰ্তা ব্যুৰ’, তেজপুৰ, ১৫ নৱেম্বৰ : এক লোমহৰ্ষক হত্যাকাণ্ড। অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চেপাত এজন ৪০ বছৰীয়া ব্যক্তিয়ে জধেমধে ৯জন লোকক চোকা দাৰে আক্ৰমণ কৰে। আৰক্ষীৰ তথ্য মতে ৩জন লোকৰ ইতিমধ্যে মৃত্যু হয় আৰু ৬জন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে। চেপাৰ অসামৰিক চিকিৎসালয়ত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। কালি দিনৰ প্ৰায় ১১.৩০ বজাত নিকাম সংবিয়া নামৰ লোকজনে চিকিৎসালয়ত প্ৰৱেশ কৰি দাৰে এফালৰ পৰা ঘপিয়াই যায়। চেপাৰ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি, প্ৰায় ৪০ বছৰীয়া লোকজনে চৰকাৰী চিকিৎসালয়ত প্ৰৱেশ কৰি প্ৰথমে চিকিৎসাধীন হৈ থকা তেওঁৰ ভন্টিক দাৰে ঘপিয়ায়। ইয়াৰ পিছত উপৰ্যুপৰি সন্মুখত থকা সকলোকে লক্ষ্য কৰি দাৰে আক্ৰমণ কৰে। তেওঁ কয় এই আক্ৰমণত সদৰ আৰক্ষী বিষয়া মিনলি গেই গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক উন্নত চিকিৎসাৰ বাবে ৰাজধানী ইটানগৰলৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী বিষয়া মিনলি গেই চিকিৎসালয়খনৰ লোকক আক্ৰমণৰ পৰা বচাবলৈ যাওঁতে তেওঁৰ এখন হাত দাৰ ঘাপত ওলমি যায় বুলি জানিব দিয়ে আৰক্ষী অধীক্ষক সিকমে।

প্ৰেৰক পুলক কুমাৰ ডেকা

You might also like