ষ্টেচনৰ পৰা ‘সন্ধানহীন’ শতাব্দী এক্সপ্রেছৰ দবা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ নৱেম্বৰঃ দেশৰ ৰাজধানী দিল্লীৰ ষ্টেচনৰ পৰা ‘সন্ধানহীন’ হ’ল ৰে’লৰ এটা দবা এই দবাটো আছিল শতাব্দী এক্সপ্রেছৰ৷ দিল্লীৰ পৰা শনিবাৰে পুৱা ৭.২০ বজাত অমৃতসৰ অভিমুখে যাত্রা কৰাৰ কথা আছিল ৰে’লখনৰ৷ কিন্তু যাত্রাৰ পূর্বে তুমুল হুলস্থূল, গোলমাল আৰম্ভ হয় ষ্টেচনত৷ কাৰণ প্লেটফর্মত ৰে’ল আছিল যদিও এটা দবা তাত বিচাৰি পোৱা নাছিল যাত্রীসকলে৷ গতিকে যাত্রীসকলে নির্ধাৰিত আসনৰ বাবে দবাত বহিব পৰা নাছিল৷ ইয়াৰ ফলত ৰে’লখনৰ যাত্রাত বিলম্ব হয়৷ প্রশ্ন হ’ল– ৰে’লত এটা দবা কেনেদৰে ‘সন্ধানহীন’ হ’ল? আচলতে ৰে’লখনৰ সৈতে এটা দবা সংলগ্ন কৰিব পাহৰি গৈছিল ৰে’ল কর্মীসকলে৷ ইয়াৰ ফলত প্রায় দুঘণ্টা পলমকৈ নতুন দিল্লী ষ্টেচনৰ পৰা ৰে’লখনে যাত্রা কৰিবলগীয়া হয়৷ এনে পৰিস্থিতিত ক্ষুব্ধ হৈ পৰে যাত্রীসকল৷ এনে ঘটনা কেনেদৰে সংঘটিত হ’বলৈ পালে, তাক লৈ যাত্রীসকলে প্রশ্ন তুলিছে৷ বহু যাত্রীয়ে এই ঘটনাৰ তদন্তৰ দাবীও তুলিছে৷ ছ’চিয়েল মিডিয়াত নতুন দিল্লী ষ্টেচনৰ এই হুলস্থূলীয়া পৰিস্থিতিৰ ভিডিঅ’ ভাইৰেল হৈছে৷ এই ভিডি’ত দেখিবলৈ পোৱা গৈছে আৰপিএফ জোৱানসকলক ঘেৰাও কৰি বিক্ষোভ প্রদর্শন কৰিছে যাত্রীসকলে৷ এটা সংবাদ মাধ্যমে দাবী কৰা অনুসৰি এই ঘটনাৰ ভুল স্বীকাৰ কৰিছে ৰে’ল কর্তৃপক্ষই৷ ঘটনাৰ পিছতে ভাৰতীয় ৰে’লৰ সমালোচনা কৰিছে শতাব্দী এক্সপ্রেছৰ বহু যাত্রীয়ে৷ কেইবাগৰাকীও যাত্রীয়ে অভিযোগ কৰিছে যে ৰে’লৰ গাফিলতিৰ বাবে পলমকৈ গন্তব্যস্থানত উপস্থিত হৈ তেওঁলোকে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বহুতৰ মূল্যৱান সময় নষ্ট হোৱাৰ ফলত গুৰুত্বপূর্ণ কামত ক্ষতি হৈছে৷ এই ঘটনাৰ অন্তৰালত কাৰ গাফিলতি আছে তাক তদন্ত কৰাৰ দাবী জনাইছে যাত্রীসকলে৷