চতুৰ্থ কাৰ্যকালৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ হেমন্ত ছোৰেনৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ নৱেম্বৰঃ আজি পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনৰ দায়িত্ব ল’লে হেমন্ত ছোৰেনে। ৰাঁচীত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ ৰাজ্যৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰে ছোৰেনক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰায়। ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতাগৰাকীৰ মুখ্যমন্ত্ৰী হিচাপে এয়া চতুৰ্থটো কাৰ্যকাল। এই সময়ছোৱাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত থাকে। ইয়াৰ সমান্তৰালভাৱে শপত গ্ৰহণৰ সময়ত জেএমএমৰ ৰাষ্ট্ৰীয় সভাপতি শিবু ছোৰেন আৰু তেওঁৰ পত্নী ৰূপী সোৰেনো উপস্থিত আছিল। ইয়াৰ উপৰি সমাজবাদী পাৰ্টিৰ সভাপতি তথা উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ, আৰজেডি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, ঝাৰখণ্ড কংগ্ৰেছৰ ৰাজ্যিক প্ৰভাৰী গুলাম আহমেদ মিৰ, কংগ্ৰেছ নেতা তাৰিক আনোৱাৰ, নিৰ্দলীয় সাংসদ পাপ্পু যাদৱ, তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী উপস্থিত থাকিল। শপতগ্ৰহণৰ পূৰ্বে হেমন্ত ছোৰেনৰ পুত্ৰ নীতিল ছোৰেনে কয় যে দেউতাৰ শপতগ্ৰহণক লৈ মই বহুত সুখী। সকলোৱে ইয়াৰ সাক্ষী হ’বলৈ আহিছে। মই আদিবাসীসকলক ক’ব বিচাৰিছো যে ঝাৰখণ্ড মুক্তি মৰ্চাৰ (জেএমএম)য়ে কাম কৰি আছে। সমগ্ৰ ঝাৰখণ্ডৰ বাবে কাম কৰি আছে। শেহতীয়াকৈ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত হেমন্ত ছোৰেনে বিজেপিৰ গমালিয়েল হেমব্ৰামক ৩৯,৭৯১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বৰহাইটৰ আসনত জয়লাভ কৰিছিল। জেএমএম নেতৃত্বাধীন ইণ্ডি এলায়েন্সে ৮১জনীয়া বিধানসভাত ৫৬খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা বজাই ৰাখিছে, আনহাতে বিজেপি নেতৃত্বাধীন এনডিএই ২৪খন আসনত জয়ী হৈছিল।