নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত হিংসাত জড়িত ৮জনক গ্রেপ্তাৰ আৰক্ষীৰ

🔹 আৰক্ষী থানা–বিধায়কৰ বাসগৃহত অগ্নিসংযোগৰ অভিযোগ

নিউজ ডেস্ক, ১ ডিচেম্বৰ : গোষ্ঠীগত সংঘর্ষত অশান্ত মণিপুৰত আৰক্ষী থানা আৰু বিধায়কৰ বাসগৃহত অগ্ণিসংযোগ কৰা ঘটনাত জড়িত আঠজন ব্যক্তিক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ এক বিবৃতিযোগে মণিপুৰ আৰক্ষীয়ে ৰাজ্যখনত কেইবাটাও ভয়াৱহ হিংসাৰ সৈতে জড়িত থকাৰ বাবে আঠজনক গ্রেপ্তাৰ কৰা বুলি প্রকাশ কৰিছে৷ এই গ্রেপ্তাৰ কৰা আঠ ব্যক্তিৰ ভিতৰত যোৱা ১৬ নৱেম্বৰত বিধায়কৰ বাসগৃহৰ সম্পত্তি বিনষ্ট কৰাৰ লগতে অগ্ণিসংযোগৰ ঘটনাত জড়িত আছে৷ যোৱা ২৭ নৱেম্বৰত কাকছিং আৰক্ষী থানা আৰু জোৱানৰ ওপৰত আক্রমণৰ অভিযোগত সাতজনীয়া দল এটাক গ্রেপ্তাৰ কৰা হৈছে বুলিও আৰক্ষীৰ বিবৃতিত প্রকাশ পাইছে৷

You might also like