নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পুষ্পা–২’ৰ প্রিমিয়াৰ শ্ব’ত পদপিষ্ট হৈ মহিলাৰ প্রাণহানি

🔹 অভিনেতা আল্লু অর্জুনক চাবলৈ গৈ অথন্তৰ

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : এবাৰ প্রিয় নায়কক ওচৰৰ পৰা চাব, সেয়াই আছিল ইচ্ছা৷ কিন্তু সেই ইচ্ছাই যে প্রাণ কাঢ়ি নিব, সেয়া এবাৰলৈও চিন্তা কৰা নাছিল হায়দৰাবাদৰ মহিলাই৷ হায়দৰাবাদত ‘পুষ্পা–২’ ছবিৰ প্রিমিয়াৰত মানুহৰ ভিৰত প্রাণ গ’ল এগৰাকী মহিলাৰ৷ মহিলাগৰাকীৰ শিশুপুত্রক আশংকাজনক অৱস্থাত হাস্পতালত ভর্তি কৰোৱা হৈছে৷ কালি মুক্তি লাভ কৰিছে আল্লু অর্জুন, ৰশ্মিকা, মান্দানা অভিনীত ছবি ‘পুষ্পা–২’৷ হায়দৰাবাদত এই ছবিৰ প্রিমিয়াৰত সন্ধিয়া থিয়েটাৰৰ বাহিৰত অনুৰাগীয়ে যথেষ্ট ভিৰ কৰে৷ আনকি ভিৰ নিয়ন্ত্রণ কৰিবলৈ গৈ আৰক্ষীও সমস্যাৰ সন্মুখীন হয়৷ ভিৰৰ মাজতে থিয়েটাৰৰ সন্মুখত আহি উপস্থিত হয় দক্ষিণৰ তাৰকা আল্লু অর্জুন৷ অভিনেতাগৰাকীক ওচৰৰ পৰা চাবলৈ অনুৰাগীসকলে ঠেলা–হেঁচা আৰম্ভ কৰিলে৷ এই পৰিস্থিতিত পদপিষ্ট হৈ মৃত্যু হয় ৩৯ বছৰীয়া এগৰাকী মহিলাৰ৷ অনুৰাগীৰ ভিৰ ইমানেই বেছি আছিল যে আল্লু অর্জুনেও বেছি সময় থিয়েটাৰৰ বাহিৰত থিয় হৈ থাকিব নোৱাৰিলে৷ কম সময়ৰ ভিতৰতে থিয়েটাৰ ত্যাগ কৰে অভিনেতাগৰাকীয়ে৷

You might also like