সম্পাদকীয় : সাহিত্য উৎসৱ
বর্তমান কালত সমগ্র ভাৰততে সাহিত্য উৎসৱৰ উত্থান এটা উল্লেখযোগ্য সাংস্কৃতিক পৰিঘটনা হিচাপে পৰিগণিত হৈছে৷ সন্দেহ নাই, এই ধৰণৰ আয়োজনে আদর্শগত দিশত ৰাষ্ট্রৰ সমৃদ্ধ সাহিত্যিক ঐতিহ্য আৰু আধুনিক সমাজৰ পৰিৱর্তনশীল দিশবোৰৰ সাহিত্যিক উপস্থানৰ কথাকে প্রতিফলিত কৰে৷ এহ ডৎসৱবোৰে সাহিত্যৰ স্রষ্টা আৰু ৰসগ্রাহিতাৰ মাজত আলোচনা, সৃষ্টিশীলতা আৰু পৰিকল্পনাৰ নতুন দৃষ্টিৰ সম্ভাৱনাৰ এখন জীৱন্ত মঞ্চ হিচাপে সেৱা আগবঢ়ায়৷ কিন্তু আজিৰ এই ডিজিটেল যুগত য’ত মানুহৰ লগত যোগাযোগ আৰু আলোচনা ডিজিটেল মাধ্যমতেই অতি কম সময়ত আৰু কম খৰচত সম্ভৱ হয় বাবে এনে আয়োজনৰ কার্যকৰী প্রয়োজনীয়তাৰ সন্দর্ভতো প্রশ্ন উত্থাপন কৰে৷ সাহিত্য উৎসৱসমূহে সাহিত্যৰ প্রচাৰ আৰু পঠন সংস্কৃতিৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনাৰ কথা সকলোৱে স্বীকাৰ কৰে৷ এহ উৎসৱবোৰে লেখক আৰু পাঠকৰ সংযোগ স্থাপন কৰাৰ এক অনন্য সুযোগ প্রদান কৰে৷ এই সুযোগৰ সদ্ব্যবহাৰ কৰি পাঠক অংশগ্রহণকাৰীয়ে সৰলভাৱে লেখকৰ সৈতে চিনাকি হ’ব পাৰে, আলোচনাত অংশগ্রহণ কৰিব পাৰে, ভাব বিনিময় কৰিব পাৰে আৰু কর্মশালাত অংশগ্রহণ কৰিব পাৰে৷ এহ প্রক্রিয়াহ পাঠকৰ সাহিত্যিক অভিজ্ঞতাক সমৃদ্ধ কৰাৰ লগতে দর্শক–পাঠকৰ মাজত এটা আৱেগিক সম্বন্ধৰো সৃষ্টি কৰে৷ জয়পুৰ সাহিত্য উৎসৱৰ দৰে উৎসৱবোৰ সাংস্কৃতিক পৰিচায়ক চিহ্ণলৈ ৰূপান্তৰিত হৈছে, যিয়ে হাজাৰ হাজাৰ দর্শকক আকর্ষণ কৰে আৰু বিশ্বৰ বিখ্যাত লেখকসকলক সেই দর্শকৰ সন্মুখত প্রদর্শন কৰে৷ এই উৎসৱবোৰে যেতিয়াই এক বিশাল পৰিষৰৰ ৰূপ লয়, তেতিয়াই ই প্রথমে হিন্দী আৰু লগে লগে ইংৰাজী ভাষাৰ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈ যায়৷ আঞ্চলিক ভাষাৰ সাহিত্য–সাহিত্যিক তেনেবোৰ সাহিত্য অনুষ্ঠানত অপাংক্তেয় হৈ পৰে৷
একোটা উৎসৱে অধিকসংখ্যক দর্শকক আকর্ষণ কৰাৰ লগে লগে অনুষ্ঠানবোৰক বাণিজ্যিক দৃষ্টিকোণে আক্রমণ কৰে৷ দর্শক অধিক হোৱাৰ অর্থই হ’ল অধিক ধন বিনিয়োগ আৰু এই বিনিয়োগৰ বাবে ব্যৱসায়িক প্রতিষ্ঠানৰ সহায় ল’বলৈ আয়োজকসকল বাধ্য হৈ পৰাটো স্বাভৱিক৷ ব্যৱসায়িক প্রতিষ্ঠানৰ অংশগ্রহণৰ মূল উদ্দেশ্যই হ’ল নিজৰ প্রচাৰ আৰু এই প্রচাৰৰ বহু সময়ত সাহিত্যৰ পৰিৱেশক ম্লান কৰি পেলায়৷ ব্যৱসায়িক প্রতিষ্ঠানবোৰে আগবঢ়োৱা অর্থ সাহায্যৰ বিনিময়ত অধিকসংখ্যক লোকৰ সন্মুখত নিজৰ প্রচাৰ হোৱাটো বিচাৰিব আৰু সেইটো স্বাভাৱিক আৰু যুক্তিসন্মত দাবী৷ তেতিয়াই আয়োজকসকলৰ দায়িত্ব আহি পৰে দর্শকৰ সংখ্যা বঢ়োৱাৰ আৰু এই সুৰুঙাৰেই সাহিত্যৰ লগত সম্বন্ধ নথকা সামগ্রী অথবা ব্যক্তি আৰু সাহিত্যৰ নামত সাধাৰণ ৰচনায়ো অনুষ্ঠানত চকুত পৰা ঠাই দখল কৰি লয়৷ এনে কামে নিষ্ঠাৱান পাঠকৰ আগ্রহ আৰু উত্তেজনা সীমিত কৰি তোলে৷ আজিকালি ব্যাপক হাৰত আয়োজিত সাহিত্য উৎসৱে সাহিত্যৰ প্রতি বাঢ়ি থকা আগ্রহৰ কথাকে প্রকাশ কৰে৷ একে সময়তে এই উৎসৱ আদর্শ প্রচাৰ আৰু বাক্ধাৰা নির্মাণৰ কামতো ব্যৱহাৰ হোৱাৰ কথা আলোচনা হয়৷ কিন্তু মূল কথা হিচাপে আলোচিত হয় উৎসৱৰ বাণিজ্যকৰণৰ দিশটো৷ ডৎসৱবোৰ অধিক ব্যৱসায়ধর্মী বা অর্থদাতাৰ দাবী মানিবলগীয়া হ’লে ইয়াৰ মাজৰ পৰা সাহিত্যৰ গভীৰতা অদৃশ্য হৈ যাবলৈ বাধ্য হয়৷ সাহিত্যৰ উৎসৱ এটা বিনোদনপ্রধান উৎসৱ হ’ব লোৱাৰে, কিন্তু এটা ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্রত বিনোদনৰ প্রয়োজনীয়তাক স্বীকাৰ কৰি ল’বই লাগিব৷ কিন্তু এই বিনোদনৰ চৰিত্র আৰু মাত্রাৰ প্রতি আয়োজকসকল সচেতন হ’ব লাগিব৷ অন্যথা এনে উৎসৱবোৰে মান্যতা আৰু মনযোগী পাঠকৰ পৰা সন্মান হেৰুৱাবলৈ আৰম্ভ কৰিব৷ ভাৰতৰ মুখ্য সাহিত্য ডৎসৱসমূহৰ মাজত থকা জয়পুৰ সাহিত্য ডৎসৱ, টাইমছ লিটফেষ্ট, গোৱা শিল্প আৰু সাহিত্য উৎসৱ আদিয়ে দর্শকক আকর্ষণ কৰি আহিছে আৰু একেদৰে ব্যৱসায়িক গোষ্ঠীবোৰকো আকর্ষণ কৰি আহিছে৷ এই উৎসৱবোৰে পর্যটকক আকর্ষণ কৰি আৰু অতিথি সেৱাৰ লগত জডিত উদ্যোগবোৰক সহায় কৰিছে৷ ভাৰতৰ সাহিত্য উৎসৱসমূহে অকল সাহিত্যকে উদযাপন নকৰে, সামাজিক পৰিৱর্তনসমূহকো প্রতিফলিত কৰাৰ চেষ্টা কৰে৷ এহবোৰ কাম কৰোঁতে বাণিজ্যৰ হেঁচাই সাহিত্যৰ আত্মাক চেপা মাৰি নধৰাটোকেই সকলোৱে কামনা কৰে৷