নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুছ সেনাত মোক্ষম আঘাত

ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ যুদ্ধই দীর্ঘসময় অতিক্রম কৰিলে৷ অবাধ ৰক্তপাত, অসংখ্য লোকৰ প্রাণহানি সত্ত্বেও কোনোপক্ষই যুদ্ধ বন্ধ কৰাৰ ক্ষেত্রত সন্মতি প্রকাশ কৰা নাই৷ ৰাছিয়াৰ আক্রমণৰ বিৰুদ্ধে আমেৰিকা তথা পাশ্চাত্যৰ দেশসমূহৰ অস্ত্র সাহায্যৰে বলীয়ান হৈ ইউক্রেইনেও পৰাক্রম তীব্রতৰ কৰি তুলিছে৷ আনকি ৰাছিয়াৰ অভ্যন্তৰত প্রৱেশ কৰি ইউক্রেইনে আক্রমণ চলাইছে৷ ইয়াৰ মাজতে ৰাছিয়াক সহায় কৰিবলৈ আগবাঢ়ি আহিছে উত্তৰ কোৰিয়া৷ ‘বন্ধুদেশ’ উত্তৰ কোৰিয়াই কেইবাহাজাৰো জোৱানক যুদ্ধভূমিলৈ প্রেৰণ কৰিছে৷ এফালৰ পৰা চাবলৈ গ’লে এই যুদ্ধ অকল ৰাছিয়া আৰু ইউক্রেইনৰ মাজতে সীমাবদ্ধ হৈ থকা নাই৷ ক’বলৈ গ’লে এই যুদ্ধত পৰোক্ষভাৱে হ’লেও আমেৰিকা নেতৃত্বাধীন ‘নাটো’ বাহিনীয়ে ইউক্রেইনক সহায় কৰিছে৷ গতিকে, ৰুছ ৰাষ্ট্রপতি পুটিনে দেশখনৰ বিৰুদ্ধে এই প্রতিৰোধী যুদ্ধক সমগ্র ইউৰোপৰ যুদ্ধ বুলি অভিহিত কৰি আহিছে৷ ইয়াৰ মাজতে সঘনে ৰাছিয়া আৰু ইউক্রেইনে পৰস্পৰৰ বিৰুদ্ধে ড্রোনেৰে আক্রমণ চলাই আহিছে৷ এই ড্রোন আক্রমণে ঘাতকৰ ৰূপ লৈছে দুয়োখন দেশত৷ শেহতীয়াকৈ ৰাছিয়াৰ অভ্যন্তৰত বিস্ফোৰণত নিহত হৈছে দেশখনৰ পৰমাণু, ৰাসায়নিক আৰু জৈৱিক অস্ত্র বাহিনীৰ মুৰব্বী ইগৰ কিৰিল’ভ৷ লেফটেনেণ্ট জেনেৰেল কিৰিল’ভ বাসভৱনৰ বাহিৰতেই বিস্ফোৰণত নিহত হোৱা ঘটনাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ কিৰিল’ভৰ সহযোগী এজনো অনুৰূপ বিস্ফোৰণৰ ঘটনাত একেদিনাখনেই নিহত হৈছে৷ ক্রেমলিনৰ পৰা সাত কিলোমিটাৰ নিলগৰ নিজ বাসভৱনৰ সন্মুখতেই এখন ইলেক্ট্রিক স্কুটাৰত পূর্বৰে পৰা সংস্থাপিত কৰি থোৱা বোমা বিস্ফোৰণত নিহত হয় কিৰিল’ভ৷ লগে লগে ৰুছ প্রশাসনে অভিযোগ কৰিছে যে ইউক্রেইনৰ ঘাতক বাহিনীয়ে গোপনে মস্কো তথা ইয়াৰ সমীপৱর্তী অঞ্চলসমূহত অভিযান চলাইছে৷ তাৎক্ষণিকভাৱে ইউক্রেইনে এই বিষয়টো সন্দর্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই যদিও বিশেষজ্ঞ মহলে এয়া ইউক্রেইনৰ ঘাতকৰ কাম বুলিয়েই দাবী কৰিছে৷ ইউক্রেইনৰ পৰা প্রেৰণ কৰা গুপ্তঘাতকে কিৰিল’ভক হত্যা কৰাৰ বিভিন্ন কাৰণ আছে বুলি বিশেষজ্ঞসকলে দাবী কৰিছে৷
লক্ষণীয়ভাৱে দীর্ঘদিন ধৰি ইউক্রেইন যুদ্ধত অসামৰিক লোকৰ ওপৰত ৰাসায়নিক অস্ত্র প্রয়োগ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে কিৰিল’ভৰ বিৰুদ্ধে৷ আনকি ব্রিটেইনে একেটা অভিযোগত কিৰিল’ভৰ ওপৰত আৰোপ কৰিছে নিষেধাজ্ঞা৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে ৰাছিয়াৰ এই পৰমাণু বাহিনীৰ মুৰব্বীগৰাকীৰ ওপৰত আক্রমণ চলাই এদিন পূর্বে ইউক্রেইনৰ অধিবক্তাসকলে ৰাসায়নিক অস্ত্র প্রয়োগৰ বাবে কিৰিল’ভ জগৰীয়া বুলি অভিযোগ কৰিছিল৷ অকল সেয়াই নহয়, ৰাছিয়াৰ এই সেনা বিষয়াগৰাকীৰ বিষয়ে আন্তর্জাতিক সম্প্রদায়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে বুলিও দাবী জনাইছিল ইউক্রেইনে৷ ইয়াৰ মাত্র এদিন পিছতে মস্কোৰ কঠোৰ নিৰাপত্তা বেহু ভাঙি পৰমাণু বাহিনীৰ মুৰব্বীগৰাকীক ঘাতকে আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱা বিষয়টোৱে ইয়াত ইউক্রেইনৰ হাত থকা বুলিয়েই বিভিন্ন মহলৰ সন্দেহত অৰিহণা যোগাইছে৷ ইফালে, পৰমাণু বাহিনীৰ মুৰব্বী কিৰিল’ভৰ মৃত্যু ৰাছিয়াৰ বাবে মোক্ষম আঘাত বুলি দাবী কৰিছে ইউক্রেইনে৷ তাৎক্ষণিকভাৱে ইউৰোপীয় দেশসমূহে বিষয়টোক লৈ কোনোধৰণৰ মন্তব্য কৰা নাই৷ কিন্তু ৰাছিয়াৰ তদন্ত কমিটীয়ে সন্দেহ কৰিছে যে কিৰিল’ভক হত্যাৰ ক্ষেত্রত ইউক্রেইনসহ ইউৰোপৰ সন্মিলিত চেষ্টা থাকিব পাৰে৷ ইফালে, এই আক্রমণৰ ঘটনাত জড়িত থকাৰ অভিযোগত ৰুছ প্রশাসনে এগৰাকী উজবেক নাগৰিকক গ্রেপ্তাৰ কৰা বুলি দাবী কৰিছে যদিও সবিশেষ তথ্য সদৰী কৰা নাই৷ এই উজবেক নাগৰিকগৰাকীক ইউক্রেইনে ঘাতক হিচাপে প্রেৰণ কৰিছিল নেকি সেই সন্দর্ভত তদন্ত চলাই আছে ৰাছিয়াৰ প্রশাসনে৷ ইফালে, বিষয়টোক লৈ ৰাষ্ট্রপতি পুটিনে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই যদিও প্রতিশোধ হিচাপে ইউক্রেইনত যিকোনো মুহূর্ততে ৰাছিয়াই মোক্ষম আঘাত হানিব পাৰে বুলি সন্দেহ কৰিছে ‘নাটো’ৰ সদস্য কেইবাখনো ৰাষ্ট্রই৷

You might also like