নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বামী-ছয় সন্তানক এৰি ‘প্রেমিক ভিক্ষাৰী’ৰে পলায়ন মহিলাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জানুৱাৰীঃ ভিক্ষাৰীৰ সৈতে প্রেম৷ এই প্রেমৰ বাবেই স্বামী আৰু ছয় সন্তানক এৰি ভিক্ষাৰীৰ সৈতে পলায়ন কৰিছিল এগৰাকী মহিলাই৷ ঘটনাটো উত্তৰ প্রদেশৰ হৰদৈৰ৷ মহিলাগৰাকীৰ স্বামীয়ে সেই ভিক্ষাৰীজনৰ বিৰুদ্ধে পত্নীক অপহৰণৰ অভিযোগ তুলি এটা গোচৰ ৰুজু কৰে৷ অভিযুক্ত ভিক্ষাৰীক বিচাৰি তালাচীও চলায় আৰক্ষীয়ে৷ হৰদৈৰ হৰপালপুৰত পত্নী ৰাজেশ্বৰী আৰু ছয় সন্তানক লৈ বাস কৰে ৰাজুৱে৷ নানহে পণ্ডিত নামৰ ভিক্ষাৰী এজনে মাজে মাজে ভিক্ষা কৰিবলৈ আহিছিল৷ ৰাজুৱে দাবী কৰা অনুসৰি, এই ভিক্ষাৰীজনৰ সৈতে পত্নীৰ পৰিচয় হয়৷ ইতিমধ্যে প্রতিৱেশীয়ে এই সন্দর্ভত সবিশেষ জনোৱা বুলি দাবী কৰিছে ৰাজুৱে৷ লক্ষণীয়ভাৱে ভিক্ষাৰ অচিলাৰে ৰাজুৰ পত্নীক প্রেম নিবেদন কৰিছিল নানহে পণ্ডিতে৷ অকল সেয়াই নহয়, দুয়ো মাজে মাজে ফোনত বার্তালাপো কৰিছিল৷ কিন্তু ভিক্ষাৰী নানহে পণ্ডিতৰ সৈতে পত্নীৰ প্রণয়ৰ সম্পর্ক গঢ়ি উঠিব বুলি কল্পনাও কৰা নাছিল ৰাজুৱে৷ অভিযোগ অনুসৰি, যোৱা ৩ জানুৱাৰীত জ্যেষ্ঠ কন্যা খুছবুক বজাৰলৈ যোৱা বুলি কৈছিল ৰাজুৰ পত্নী ৰাজেশ্বৰীয়ে৷ বজাৰলৈ গৈ আৰু ঘূৰি নাহিল ৰাজেশ্বৰী৷ ৰাজুৱে নিকট আত্মীয়ৰ ঘৰত পত্নীক বিচাৰি খবৰ পঠিয়ালে যদিও কোনোধৰণৰ শুং–সূত্র নাপালে৷ অৱশেষত আৰক্ষীৰ দ্বাৰস্থ হয় ৰাজু৷ লক্ষণীয়ভাৱে ৰাজুৱে আৰক্ষীৰ ওচৰত অভিযোগ দিয়াৰ পিছতে ঘৰলৈ উভতি আহিল পত্নী ৰাজেশ্বৰী৷ আনকি থানাত গৈ হাজিৰো হ’ল ৰাজেশ্বৰী৷ আৰক্ষীৰ ওচৰত ৰাজেশ্বৰীয়ে ওলোটাই অভিযোগ কৰে যে তেওঁ কোনো ভিক্ষাৰীৰ সৈতে পলায়ন কৰা নাছিল৷ স্বামীৰ আতিশয্যত থাকিব নোৱাৰি এগৰাকী আত্মীয়ৰ ঘৰলৈ পলায়ন কৰিছিল বুলি ৰাজেশ্বৰীয়ে আৰক্ষীক জানিবলৈ দিয়ে৷ আৰক্ষীয়ে এই ঘটনা সন্দর্ভত ৰাজুক জেৰা কৰিছে৷ ইতিমধ্যে ঘটনাটোক লৈ সমগ্র অঞ্চলটোত সৃষ্টি হৈছে চর্চা৷

You might also like