শিশু জন্ম দিলে ৰাছিয়ান তৰুণীলৈ ৮১,০০০ টকাৰ উপহাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জানুৱাৰীঃ সুস্থ সন্তান জন্ম দিলেই পাব ধন ইয়াৰ বাবে ২৫ বছৰৰ তলৰ ছাত্রীসকলক দিয়া হৈছে প্রস্তাৱ৷ অৱশ্যে এইক্ষেত্রত বান্ধি দিয়া হৈছে কেইবাটাও চর্ত৷ প্রশাসনৰ তৰফৰ পৰা দিয়া হৈছে এই প্রস্তাৱ৷ বিষয়টো পোহৰলৈ অহাৰ লগে লগে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷ ‘দ্য মস্কো টাইম্ছ’ৰ প্রতিবেদন অনুসৰি, এই প্রস্তাৱ দিয়া হৈছে ৰাছিয়াৰ এখন চহৰত৷ চীন আৰু জাপানৰ দৰে দেশবোৰত জন্মৰ হাৰ হ্রাস পোৱা বিষয়টোক লৈ উদ্বিগ্ণ ৰাছিয়া৷ গতিকে, কম বয়সীয়া তৰুণ–তৰুণীসকলক্ সাংসাৰিক বান্ধোনত আৱদ্ধ হ’বলৈ উৎসাহ দিছে ৰাছিয়াই৷ কাৰেলিয়া চহৰৰ কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্রীসকলক ‘মাতৃ’ হোৱাৰ প্রস্তাৱ দিয়া হৈছে প্রশাসনৰ তৰফৰ পৰা৷ এই প্রস্তাৱত ৰাজি হৈ সুস্থ সন্তান জন্ম দিলে প্রতিগৰাকী তৰুণী মাতৃয়ে লাভ কৰিব ১ লাখ ৰুবল৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৮১ হাজাৰ টকা৷ লক্ষণীয়ভাৱে এই তৰুণীসকল কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষার্থী হ’ব লাগিব বুলি প্রস্তাৱত উল্লেখ কৰা হৈছে৷ ইয়াৰ উপৰি চহৰখনৰ স্থায়ী বাসিন্দা হ’ব লাগিব এই তৰুণসকল৷ যিসকলে সুস্থ সন্তান জন্ম দিব, তেওঁলোকে এই ধন লাভ কৰিব বুলি উল্লেখ কৰা হৈছে৷ অকল কাৰেলিয়াই নহয়, ৰাছিয়াৰ অন্য ১১খন চহৰতো তৰুণীসকলক ‘মাতৃ’ হোৱাৰ বাবে প্রস্তাৱ আগবঢ়াইছে প্রশাসনে৷ লক্ষণীয়ভাৱে প্রশাসনৰ এই প্রস্তাৱক লৈ ইতিমধ্যে বিভিন্ন মহলে সমালোচনা আগবঢ়াইছে৷ চৰকাৰৰ দূৰদর্শিতাৰ অভাৱ হোৱা বুলিও বিশেষজ্ঞসকলে এনে প্রস্তাৱক লৈ তীব্র কটাক্ষ কৰিছে৷ স্মর্তব্য যে ২০২৪ চনৰ প্রথম ছমাহত ৰাছিয়াত ৫,৯৯,৬০০ শিশুৰ জন্ম হৈছে৷ দেশখনৰ চৰকাৰী সমীক্ষা অনুসৰি, বিগত ২৫ বছৰৰ ভিতৰত শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷