নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহপাশত আৱদ্ধ নীৰজ চোপ্রা, জীৱন সংগী হিমানী মৌৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জানুৱাৰীঃ অলিম্পিককে ধৰি ক্রীড়া বিশ্বত ইটোৰ পিছত সিটোকৈ পদক জয়েৰে মহাতাৰকাত পৰিণত হোৱা দেশৰ তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রা সকলোকে আচৰিত কৰি দেওবাৰে বিবাহপাশত আৱদ্ধ হয়৷ স্বাভাৱিকতেই নীৰজৰ বিবাহৰ খবৰ সকলোৰে বাবে হৈ পৰে আশ্চর্যকৰ৷ কিয়নো, দেশৰ তাৰকাগৰাকীৰ বিবাহ সন্দর্ভত প্রকাশ হোৱা নাছিল কোনো আগতীয়া খবৰ৷ দেওবাৰে নিশা নিজৰ সামাজিক মাধ্যম একউণ্টযোগে নীৰজে এই বিষয়ে প্রকাশ কৰাৰ পিছতহে সকলোৱে এই বিষয়ে জানিব পাৰে৷ ইয়াৰ পিছত সামাজিক মাধ্যমত চলিছে ব্যাপক চর্চা৷ নীৰজে বিবাহৰ বিষয়ে সদৰী কৰা পোষ্টটোত জীৱন সংগীগৰাকীৰ নাম হিমানী বুলি উল্লেখ কৰাৰ বাদে তেওঁৰ বিষয়ে আন কোনো কথা উল্লেখ কৰা নাছিল৷ বিশ্বজয় কৰা নীৰজৰ হূদয় জয় কৰা এইগৰাকী হিমানী কোন, এই খবৰটো সকলোৰে মনত গুঞ্জৰিত হৈছিল৷ এতিয়া পোহৰলৈ আহিছে নীৰজৰ জীৱনসংগী হিমানীৰ বিষয়ে৷ তেওঁৰ সম্পূর্ণ নাম হৈছে হিমানী মৌৰ৷ হিমানী আৰু নীৰজ দুয়ো হাৰিয়ানাৰে বাসিন্দা৷ ৰাজ্যখনৰ পানীপট জিলাৰ বাসিন্দা নীৰজ, আনহাতে হিমানীৰ জন্মস্থান হৈছে শোনিপট জিলা৷ হিমানী পেছাত এগৰাকী টেনিছ প্রশিক্ষক৷ সংবাদ প্রতিষ্ঠানত প্রকাশিত এক প্রতিবেদন অনুসৰি, ২৫ বছৰীয়া হিমানী মৌৰে শোনিপটৰ এখন স্কুলৰ পৰা প্রাৰম্ভিক স্কুলীয়া শিক্ষা গ্রহণ কৰাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছ কলেজৰ পৰা ৰাজনীতি বিজ্ঞান আৰু শাৰীৰিক শিক্ষাত স্নাতক ডিগ্রী লাভ কৰে৷ ইয়াৰ পিছত তেওঁ আমেৰিকাৰ লুহজিয়ানাৰ দক্ষিণ–পূব লুহজিয়ানা বিশ্ববিদ্যালয়তো অধ্যয়ন কৰে৷ আমেৰিকাত কেৱল অধ্যয়ন কৰাই নহয়, টেনিছ খেলাৰ লগতে টেনিছ প্রশিক্ষক হিচাপেও কেৰিয়াৰ আৰম্ভ কৰিছিল হিমানীয়ে৷ আমেৰিকাৰ নিউ হেম্পশ্বায়াৰৰ ফ্রেংকলিন পিয়র্ছ বিশ্ববিদ্যালয়ত স্বেচ্ছাসেৱী টেনিছ প্রশিক্ষক হিচাপেও তেওঁ কাম কৰিছিল৷ বর্তমান তেওঁ মেছাচুচেটছৰ আমহাৰষ্ট কলেজৰ স্নাতক সহায়িকা আৰু কলেজখনৰ মহিলা টেনিছ দলটোৰ প্রশিক্ষকৰ দায়িত্বত আছে৷ সমান্তৰালকৈ হিমানীয়ে মেককর্মাকে আহজেনবার্গ সুকল অৱ মেনেজমেণ্টৰ পৰাও স্প’টছ মেনেজমেণ্ট (মেজৰ) ডিগ্রী গ্রহণ কৰিছে৷ উল্লেখ্য যে এগৰাকী টেনিছ খেলুৱৈ হিচাপে হিমানীয়ে প্রথমবাৰৰ বাবে ২০১২ চনত সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল৷ সেই বর্ষত তেওঁ মালয়েছিয়াত অনুষ্ঠিত অনূৰ্ধ–১৪ জুনিয়ৰ ফেড কাপত ভাৰতক প্রতিনিধিত্ব কৰিছিল৷ ইয়াৰ পিছত তেওঁ ২০১৮ চনত ৰাষ্ট্রীয় প্রতিযোগিতাত অভিষেক ঘটায়৷

You might also like