অসামৰিক সেৱা পৰীক্ষা-২০২৫ৰ অধিসূচনা জাৰি ইউপিএছচিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ জানুৱাৰীঃ কেন্দ্ৰীয় লোকসেৱা আয়োগে আজি অসামৰিক সেৱা পৰীক্ষা ২০২৫ (চি এছ ই)ৰ অধিসূচনা প্ৰকাশ কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ), ভাৰতীয় বন সেৱা (আই এফ এছ) আৰু অন্যান্য সন্মানীয় সেৱাত কেৰিয়াৰ গঢ়িব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে এই পৰীক্ষা এক গুৰুত্বপূৰ্ণ সুযোগ। প্ৰাৰ্থীসকলে এতিয়া UPSC upsc.gov.in ৰ অফিচিয়েল ৱেবছাইটত গৈ অধিসূচনা প্ৰকাশৰ পিছত অনলাইন পঞ্জীয়ন কৰিব পাৰিব। এইবাৰ ইউ পি এছ চিয়ে চি এছ ই ২০২৫ৰ বাবে অধিসূচনা আগতীয়াকৈ প্ৰকাশ কৰিছে, যিটো পূৰ্বৰ বছৰতকৈ তুলনামূলকভাৱে আগতীয়া। পৰীক্ষা প্ৰক্ৰিয়া আগতীয়াকৈ আৰম্ভ কৰি পৰীক্ষাৰ্থীক পৰ্যাপ্ত সময় দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া প্ৰাৰ্থীসকলে চিএছই ২০২৫ৰ বাবে বিশদ তথ্য পত্ৰ, পাঠ্যক্ৰম, আৰু পৰীক্ষাৰ আৰ্হি অধ্যয়ন কৰাৰ সুযোগ পাব। এই তথ্য ইউ পি এছ চিৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব। এইবাৰ অসামৰিক সেৱা (প্ৰাথমিক) পৰীক্ষা ২০২৫ৰ লগতে ভাৰতীয় বন সেৱাৰ (আই এফ এছ) প্ৰাৰম্ভিক পৰীক্ষা ২০২৫ৰ অধিসূচনা প্ৰকাশ কৰা হৈছে। দুয়োটা পৰীক্ষা ইউ পি এছ চিৰ দ্বাৰা পৰিচালিত হয়, আৰু দুয়োটা পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীয়ে আবেদন কৰিব পাৰে। প্ৰাৰ্থীসকলক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অনলাইনযোগে পঞ্জীয়ন প্ৰ-পত্ৰ জমা দিবলৈ পৰামৰ্শ দিয়া হৈছে। বাৰ্ষিক কেলেণ্ডাৰ অনুসৰি অনলাইন আবেদন প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ২০২৫ চনৰ ১১ ফেব্ৰুৱাৰী। যোৱা বছৰ ইউ পি এছ চিয়ে চি এছ ইৰ বাবে মুঠ ১০৫৬টা আৰু ভাৰতীয় বন সেৱা (আই এফ অ’ এছ)ৰ ১৫০টা খালী পদৰ বাবে এক অধিসূচনা প্ৰকাশ কৰিছিল। এইবাৰৰ পৰীক্ষাৰ বাবে খালী পদৰ সংখ্যা এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও এইবাৰো এই সংখ্যা যথেষ্ট বৃহৎ হ’ব বুলি প্ৰাৰ্থীসকলে আশা কৰিছে। যোৱা বছৰৰ পৰীক্ষাৰ সাক্ষাৎকাৰ অধিবেশন এতিয়া চলি আছে আৰু এপ্ৰিল মাহত শেষ হ’ব। ২৫ মে’ত অনুষ্ঠিত হ’ব ইউ পি এছ চি চি এছ ই ২০২৫ৰ প্ৰাৰম্ভিক পৰীক্ষা, আৰু তাৰ পিছত ঘোষণা কৰা হ’ব মূল পৰীক্ষাৰ তাৰিখ।
ইউ পি এছ চি অসামৰিক সেৱাৰ প্ৰিলিম পৰীক্ষা ২০২৫: আবেদন প্ৰক্ৰিয়া
১/ প্ৰথমে UPSC upsc.gov.in ৰ অফিচিয়েল ৱেবছাইট চাওক।
২) হোম পেজত “UPSC Civil Services Preliminary Exam 2025 Registration Link” ত ক্লিক কৰক।
৩/ এটা নতুন পেজ খোল খাব, য’ত প্ৰাৰ্থীসকলে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
৪/ সফল পঞ্জীয়নৰ পিছত প্ৰাৰ্থীয়ে আবেদন পত্ৰ পূৰণ কৰিব পাৰিব।
৫) আৱেদন প্ৰ-পত্ৰত প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰি মাচুল দি প্ৰ-পত্ৰ জমা দিব।
৬) আবেদন পত্ৰৰ প্ৰিন্টআউট লৈ ভৱিষ্যতে ব্যৱহাৰৰ বাবে সুৰক্ষিত ৰাখক।
উল্লেখ্য, এইবাৰ ২০২৫ চনৰ ১১ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰাৰ্থীসকলে পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব। ইতিমধ্যে ইউ পি এছ চিয়ে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে, এতিয়া পৰীক্ষাৰ্থীসকলে প্ৰস্তুতি আৰম্ভ কৰিবলৈ সময় পাইছে। এইবাৰ ইউ পি এছ চি চি এছ ইৰ অধিসূচনা আগতীয়াকৈ প্ৰকাশ কৰা হৈছে যাতে পৰীক্ষাৰ্থীয়ে অধিক সময় পায় আৰু পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰে।