প্ৰয়াগৰাজ-বাৰাণসীক একত্ৰীকৰণেৰে উন্নয়ন প্ৰাধিকৰণ গঠনৰ পোষকতা
সুৰশ্ৰী শৰ্মাৰ প্ৰতিবেদন, ২২ জানুৱাৰীঃ উত্তৰ প্ৰদেশ চৰকাৰে প্ৰয়াগৰাজ মহাকুম্ভ মেলাত কেবিনেট সভা অনুষ্ঠিত কৰিব। এই সভাত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। সূত্ৰ অনুসৰি, মহাকুম্ভত আজি অনুষ্ঠিত সভাত কেইবাখনো গুৰুত্বপূর্ণ প্ৰস্তাৱ জাৰি হোৱাৰ সম্ভাৱনা আছে। প্ৰয়াগৰাজ আৰু বাৰাণসীক একত্ৰিত কৰি এটা উন্নয়ন প্ৰাধিকৰণ গঠনৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ হ’ব পাৰে। এই দুয়োটা স্থান দেশৰ মুখ্য ধৰ্মীয় স্থান হৈ পৰিছে। ডিফেন্স আৰু এয়াৰোস্পেচত বিনিয়োগ বৃদ্ধি কৰিবলৈ কিছুমান সিদ্ধান্ত গ্ৰহণ হ’ব পাৰে। যুৱপ্ৰজন্মৰ বাবে স্মাৰ্টফোন আৰু টেবলেট বিতৰণৰ প্ৰস্তাৱও আহিব পাৰে। নিটি আয়োগৰ পৰামৰ্শৰ ভিত্তিত যোগী চৰকাৰে বাৰাণসী আৰু প্ৰয়াগৰাজক সংযোগ কৰা এটা নতুন ধৰ্মীয় পৰ্যটন চক্ৰ তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে। এই প্ৰচেষ্টাত প্ৰয়াগৰাজ, বাৰাণসী, চন্দৌলি, গাজীপুৰ ,মিৰ্জাপুৰ আৰু ভদোহি অন্তর্ভুক্ত হ’ব। এই সকলোকে একত্ৰিত কৰি অঞ্চলীয় উন্নয়ন প্ৰাধিকৰণ গঠনৰ পৰিকল্পনা কৰা হৈছে। এই পৰিকল্পনাই ২.৩৮ কোটিৰো অধিক মানুহৰ জীৱন প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব। ইয়াৰ উপৰি প্ৰয়াগৰাজ, বাৰাণসী, অযোধ্যা, চিত্ৰকূট আৰু বিন্ধ্যধামক একত্ৰিত কৰি ধৰ্মীয় পথৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। প্ৰয়াগৰাজ আৰু বাৰাণসীত নলেজ পাৰ্ক আৰু ঔদ্যোগিক কেন্দ্ৰৰ লগতে অযোধ্যা আৰু ৰামস্নেহী ঘাটৰ মাজত এটা ঔদ্যোগিক পথ গঠন কৰাৰ পৰিকল্পনা কৰা হৈছে। কেবিনেট সভাত এই প্ৰস্তাৱসমূহত অনুমোদন লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি চিভিল লাইনছ হনুমান মন্দিৰৰ পৰা মেওহল চৌৰাস্তালৈ, নৈনীত জেইলৰ পৰা ঔদ্যোগিক ক্ষেত্ৰৰ লগতে চাৰিখন স্থানত এলিভেটেড দলঙৰো প্ৰস্তাৱ তৈয়াৰ হৈছে। ইয়াৰ সমীক্ষা কৰি প্ৰাৰম্ভিক লে-আউটো প্ৰস্তুত কৰা হৈছে। বৃন্দাৱনৰ বাংকী বিহাৰী যেনেকুৱা বহু মন্দিৰ আছে, য’ত কোর্টৰ নিৰ্দেশত ৰিছিভাৰ নিযুক্ত কৰা হৈছে। এনে স্থানত সহজ দর্শন আৰু ভক্তসকলৰ সুবিধাৰ বাবে কমিটী গঠন কৰাৰ প্ৰস্তাৱটো কেবিনেটত আলোচনাৰ সম্ভাৱনা আছে, কিয়নো মুখ্যমন্ত্ৰীয়ে স্বয়ং কৈছে যে এই ৰিছিভাৰে ভক্তসকলৰ সুবিধাৰ প্ৰতি একেবাৰে গুৰুত্ব নিদিয়ে আৰু যিকোনো প্ৰকাৰৰ দুৰ্ঘটনা ঘটিলে প্ৰশাসনক কাঠগড়াত থিয় কৰোৱা হয়। ইয়াৰ উপৰি বহু অন্য প্ৰস্তাৱত অনুমোদন মলোৱাৰ আশা কৰা হৈছে। এই পদক্ষেপসমূহৰ সৈতে ৰাজ্যৰ লক্ষ্য হৈছে নিজৰ ধৰ্মীয় পৰ্যটন ক্ষেত্ৰক সবল কৰা। লগতে ৰাজ্যজুৰি আৰ্থিক উন্নয়ন আৰু ৰাজহুৱা নিযুক্তি বৃদ্ধি কৰা।