নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেটা ঘৰত ৩০০ মেকুৰীক আশ্রয়

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ দীর্ঘদিন ধৰি এগৰাকী প্রতিৱেশীৰ ফ্লেটৰ পৰা উৎকট গোন্ধ পাইছিল আৱাসিক প্রাসাদ এটাৰ বাসিন্দাসকলে৷ সন্দেহ হোৱাৰ লগে লগে স্থানীয় থানাত খবৰ দিয়ে প্রাসাদটোৰ বাসিন্দাসকলে৷ খবৰ পোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ কিন্তু ফ্লেটৰ দুৱাৰ খোলাৰ লগে লগে চকু কপালত উঠে আৰক্ষীৰ৷ এটা–দুটা বা ১৫–২০টা নহয়, একেলগে ঘৰটোত আছে ৩০০টা মেকুৰী৷ কেনেদৰে এই ৩০০ মেকুৰী ফ্লেটটোত সোমাল তাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ এই ঘটনা ঘটিছে পুনেৰ মাৰভেল বাউণ্টী নামৰ এটা আৱাসিক ব্লকত৷ আৰক্ষীয়ে পিছত জানিবলৈ সক্ষম হয় যে এই ফ্লেটটোৰ মালিকৰ অতি পচন্দৰ প্রাণী হৈছে মেকুৰী৷ পথত কোনো অসুস্থ মেকুৰী ঘূৰি থকা দেখিলেই তেওঁ ঘৰলৈ লৈ আহে৷ এই মেকুৰীবোৰক খুৱাই আৰু যত্ন কৰি সুস্থ হোৱাৰ পাছত পুনৰ বাহিৰত এৰি দিয়ে৷ কিন্তু এনেদৰে ব্যক্তিগৰাকীয়ে ৩০০টা মেকুৰী একেলগে ৰাখিবলৈ কেনেদৰে সক্ষম হৈছিল তাক লৈ আশ্চর্য প্রকাশ কৰে আৰক্ষীয়ে৷

You might also like