নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০টা গৰু পুহিলে ১০ লাখ টকাৰ ঋণ

নিউজ ডেস্ক, ৩ মাৰ্চঃ গৰু পালনেৰে চর্চাৰ মাজত থকা উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে ৰাজ্যখনত গৰু পালনক উৎসাহিত কৰাৰ বাবে এখন নতুন আঁচনি ঘোষণা কৰিছে৷ নতুন আঁচনি অনুসৰি, ১০টা গৰু পুহিলে সেই ব্যক্তিয়ে ১০ লাখ টকাৰ ঋণ লাভ কৰিব৷ মুখ্যমন্ত্রী যোগী আদিত্য নাথৰ এই নতুন আঁচনিৰ নামকৰণ কৰা হৈছে ‘অমৃত ধাৰা প্রকল্প’৷ এই প্রকল্পৰ পূর্বে মুখ্যমন্ত্রীগৰাকীয়ে গৰাকীবিহীন গৰুৰ সংৰক্ষণৰ বাবে ২ হাজাৰ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে৷ উত্তৰ প্রদেশত হিন্দুত্বৰ জয়ধ্বজা উৰুওৱা মুখ্যমন্ত্রী যোগী আদিত্য নাথে সকলো বিতর্ক আৰু সমালোচনাক আওকাণ কৰি অমৃত ধাৰা প্রকল্প ঘোষণা কৰিছে৷ গৰুক মাতৃ হিচাপে গণ্য কৰাৰ লগতে এই গৰুৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্রীৰ উদ্যোগে ইতিমধ্যে ব্যাপক চর্চা লাভ কৰিছে৷ অমৃত ধাৰা প্রকল্প অনুসৰি, যিজন ব্যক্তিয়ে ১০টা গৰু পুহি লালন–পালন কৰিব তেনে ব্যক্তিক অতি সহজ চর্তত ১০ লাখ টকাৰ চৰকাৰী ঋণ প্রদান কৰা হ’ব৷ আনকি, এই ঋণ গ্রহণ কৰাসকলৰ বিশেষ ধৰণৰ গেৰাণ্টীৰ প্রয়োজনো নাথাকিব৷ গৰুৰ গোবৰ আৰু মূত্রক সাৰ আৰু কীটনাশক হিচাপে ব্যৱহাৰ কৰিবলৈ যাতে কৃষকসকল আগবাঢ়ি আহে তাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রীগৰাকীয়ে এনে আঁচনি গ্রহণ কৰা বুলি চৰকাৰৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে৷ গৰু পালন কৰিলে গাখীৰৰ সমান্তৰালকৈ সাৰো লাভ কৰিব বুলি মুখ্যমন্ত্রীয়ে বিশ্বাস কৰে বুলি চৰকাৰে বিবৃতিযোগে প্রকাশ কৰিছে৷ এই আঁচনিৰ জৰিয়তে গো–পালকসকল স্বাৱলম্বী হোৱাৰো পথ মুকলি হ’ব বুলি ধাৰণা কৰা হৈছে৷

You might also like