মার্ক জুকাৰবার্গৰ পুৰণি হুডী ১৩.১০ লাখ টকাত নিলাম
নিউজ ডেস্ক, ৩ মাৰ্চঃ পূর্বৰ ফেচবুক বর্তমান মেটাৰ চিইঅ’ মার্ক জুকাৰবার্গৰ সমাজ সেৱাই শেহতীয়াভাৱে ব্যাপক চর্চাৰ মাজলৈ আহিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ টেক্সাছ বিদ্যালয়ৰ শিক্ষার্থীক সহায়ৰ বাবে মেটাৰ চিইঅ’ জুকাৰবার্গে তেওঁৰ পুৰণি হুডী নিলাম কৰিছে৷ তথ্য মতে জুকাৰবার্গৰ নিলাম হোৱা পুৰণি হুডীটো ১৫,৮৭৫ মার্কিন ডলাৰ (ভাৰতীয় হিচাপত ১৩.১০ লাখ টকা)ত বিক্রী হৈছে৷ বিজনেছ ইনছাইডৰ তথ্য মতে, বিক্রী হোৱা হুডীটোত মার্ক জুকাৰবার্গৰ হাতেৰে লিখা টোকাও আছে৷ জুকাৰবার্গৰ সর্বকালৰ প্রিয় হিচাপে বর্ণনা কৰা পুৰণি হুডীটো সন্দর্ভত মেটাৰ চিইঅ’গৰাকীয়ে কয়– প্রাৰম্ভিক সময়ছোৱাত মই এইটো সকলো সময়তে পৰিধান কৰিছিলোঁ৷ আনকি এই হুডীটোৰ ভিতৰত আমাৰ প্রকৃত মিছনৰ শ্ল’গানো অংকিত হৈ আছে৷ হুডীটোত তেওঁৰ ব্যক্তিগত স্পর্শৰ আৱেগিক সময় জড়িত হৈ আছে৷ গতিকে, এই হুডীটো ক্রয় কৰাজনে তেওঁৰ আৱেগক বুজি পাইছে৷ উল্লেখ্য যে জুলিয়ান অক্সনৰ দ্বাৰা ‘স্পটলাইটঃ হিষ্ট’ৰী এণ্ড টেকন’লজী’ ছিৰিজৰ অংশ হিচাপে যোৱা বৃহস্পতিবাৰে জুকাৰবার্গৰ পুৰণি হুডীটো নিলাম কৰা হয়৷ প্রথমতে এই হুডীটোৰ নিলামৰ মূল্য ১,০০০ৰ পৰা ২,০০০ মার্কিন ডলাৰ কৰা হৈছিল যদিও নিলাম আৰম্ভ হোৱাৰ লগে লগে এই হুডীটোৰ মূল্য দ্রুতগতিত বাঢ়িবলৈ ধৰে৷ ২২বাৰৰ অন্তত এই হুডীটো ১৫,৮৭৫ মার্কিন ডলাৰত বিক্রী হয়৷ মন কৰিবলগীয়া যে ২০১০ চনত জুকাৰবার্গে এই হুডীটো টাইমছ বর্ষশ্রেষ্ঠ সন্মান লাভ কৰাৰ সময়ত পৰিধান কৰিছিল৷ ব্যক্তিগত যাত্রা আৰু ফেচবুক বিৱর্তনৰ ক্ষেত্রতো এই হুডীটোৰ এক ইতিহাস আছে৷