নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাৰ ১৮ জিলাত স্বর্ণ ভাণ্ডাৰৰ সন্ধান, জিঅ’ল’জিকেল ছার্ভে অৱ ইণ্ডিয়াৰ তথ্য

নিউজ ডেস্ক, ২৬ মাৰ্চঃ যুগে যুগে স্বর্ণলোভীসকলৰ অতি আকর্ষণীয় স্থান হিচাপে চিহ্ণিত হৈ আহিছে এল ড’ৰাডো৷ স্বর্ণ ভাণ্ডাৰেৰে ভৰা এল ড’ৰাডো বহুতৰ বাবে স্বপ্নপুৰী৷ এইবাৰ ওড়িশা যেন হৈ পৰিছে এল ড’ৰাডো৷ ৰাজ্যখনৰ বিভিন্ন জিলাত সন্ধান পোৱা গৈছে সোণৰ খনিৰ৷ বিষয়টোক লৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক চর্চা৷ ৰাজ্যখনৰ মুঠ ১৮খন জিলাত আছে স্বর্ণ ভাণ্ডাৰ৷ শেহতীয়াকৈ জিঅ’ল’জিকেল ছার্ভেৰ গৱেষণাত এই তথ্য প্রকাশ পাইছে৷ জানিব পৰা গৈছে যে ওড়িশাৰ ভূত্বাত্ত্বিক বিভাগৰ সাহায্যত জিঅ’ল’জিকেল ছার্ভে অৱ ইণ্ডিয়াই এখন মানচিত্র প্রস্তুত কৰিছে৷ ইয়াৰ জৰিয়তে খনিজ সম্পদত সমৃদ্ধ স্থানবোৰৰ ওপৰত বিভিন্ন গৱেষণা চলোৱা হৈছে৷ সেই গৱেষণাতেই পোৱা গৈছে মাটিৰ তলত থকা সোণৰ সন্ধান৷ উল্লেখযোগ্যভাৱে কেওনঝাৰ জিলাৰ আৰাডাংগি, ডিমিৰমুদা, তেলক’ই, গ’পুৱা, গজাইপুৰ, চালেইকানা, ছিংপুৰ আৰু কুশলকলাত সর্বাধিক পৰিমাণৰ এনে খনিৰ সন্ধান পোৱা গৈছে৷ ইয়াৰ উপৰি ময়ূৰভঞ্জ জিলাৰ কেইবা স্থানতো পোৱা গৈছে স্বর্ণ ভাণ্ডাৰৰ সন্ধান৷ লক্ষণীয়ভাৱে সোণৰ উপৰি বিভিন্ন জিলাত হাইগ্রেডৰ প্লেটিনামৰো সন্ধান পাইছে গৱেষকসকলে৷ ওড়িশাৰ বিভিন্ন খনিৰ ওপৰত গৱেষণাৰ বাবে ২০০৭ চনত প্রথম সমীক্ষা চলোৱা হৈছিল৷ তেতিয়াৰে পৰা খনিবোৰক লৈ গৱেষণা চলাই আহিছে বিশেষজ্ঞসকলে৷ জিঅ’ল’জিকেল ছার্ভে অৱ ইণ্ডিয়াই শেহতীয়াকৈ তথ্য প্রকাশ কৰাৰ লগে লগে ওড়িশা দেশৰ ভিতৰতে খনিজ সম্পদত আটাইতকৈ চহকী ৰাজ্য হিচাপে চিহ্ণিত হোৱাৰ পথ প্রশস্ত হৈছে৷

You might also like