লক্ষ্ণৌ বিমানবন্দৰ-ত ২৫০জন হজ তীৰ্থযাত্ৰী বৃহৎ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা
এই বিমানত প্ৰায় ২৫০জন হজ তীৰ্থযাত্ৰী আছিল।
নিউজ ডেস্ক, ১৬ জুন : আজি পুৱা লক্ষ্ণৌ বিমানবন্দৰ এক বৃহৎ বিমান দুৰ্ঘটনা ৰ পৰা ৰক্ষা পৰে। দৰাচলতে ছৌদি আৰবৰ জেদ্দাৰ পৰা SV 3112 বিমান অৱতৰণ কৰাৰ সময়ত বিমানখনৰ চকাৰ পৰা স্ফুলিংগ আৰু ধোঁৱা ওলাবলৈ ধৰিলে। এই বিমানত প্ৰায় ২৫০জন হজ তীৰ্থযাত্ৰী আছিল।
এই বিমানখনে পুৱা ৬:৩০ বজাত লক্ষ্ণৌ বিমানবন্দৰ পালেহি। বিমানখন ৰাণৱেত অৱতৰণ কৰাৰ লগে লগে ইয়াৰ এটা চকাৰ পৰা স্ফুলিংগ ওলাই অহা দেখা গ’ল। লগে লগে বিমানবন্দৰৰ কৰ্মচাৰীয়ে সতৰ্কতা প্ৰদৰ্শন কৰি জৰুৰীকালীন পদ্ধতি গ্ৰহণ কৰি সকলো যাত্ৰীক নিৰাপদে উলিয়ালে। এই ঘটনাৰ কথা জানিব পাৰি যাত্ৰীসকলে আতংকিত হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিমানখন পিছলৈ ঠেলি টেক্সিৱেলৈ অনা হয়। তাৰ পৰাই যাত্ৰীসকলক নিৰাপদে উলিয়াই আনে।
উল্লেখ্য যে বৃহস্পতিবাৰে লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান বৃহৎ দুৰ্ঘটনাৰ বলি হয়। উৰণৰ কেইমিনিটমান পিছতে আহমেদাবাদৰ মেডিকেল কলেজৰ চৌহদত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
এয়াৰ ইণ্ডিয়াৰ তথ্য অনুসৰি বিমানখনত ২৪২জন লোক আছিল, ইয়াৰে ২৪১ জন লোকৰ মৃত্যু হৈছিল। দুৰ্ঘটনাটোত মাত্ৰ এজন যাত্ৰীহে বাচি যায়, যাৰ অৱস্থা সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই দুৰ্ঘটনা কেৱল বিমানতে সীমাবদ্ধ নাছিল। তাত উপস্থিত থকা বহু লোকে পতিত বিমানখনে আঘাত কৰে, যাৰ বাবে মুঠ মৃত্যুৰ সংখ্যা ২৭০জনতকৈ অধিক হৈছে।
এই দুৰ্ঘটনা ভাৰতৰ বিমান পৰিবহণৰ ইতিহাসৰ অন্যতম বেদনাদায়ক আৰু ভয়ানক ঘটনা বুলি বিবেচিত হৈছে। চৰকাৰী সংস্থাসমূহে তদন্ত আৰম্ভ কৰিছে আৰু প্ৰাথমিক প্ৰতিবেদন অনুসৰি কাৰিকৰী দোষক দুৰ্ঘটনাৰ সম্ভাৱ্য কাৰণ হিচাপে বিবেচিত হৈছে। এই দুৰ্ঘটনাৰ বাবে সমগ্ৰ দেশ গভীৰ স্তম্ভিত আৰু শোকত ভাগি পৰিছে। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীসকলৰ নিজস্ব কাহিনী আছে, যিবোৰ লাহে লাহে পোহৰলৈ আহিছে।