নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফী-ৰ হেডিংলে টেষ্টত বৰষুণ! হ’ব পাৰে অনুৰাগীৰ আশাভংগ

খেলখনৰ প্ৰথম দিনাই বৰষুণৰ সম্ভাৱনা অতি কম। কিন্তু ইয়াৰ পিছত বতৰে আগন্তুক চাৰি দিন মেচখনক অশান্তি দিব পাৰে।

এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফী-ৰ হেডিংলে টেষ্টত বৰষুণৰ সম্ভাৱনা প্ৰকট, হব পাৰে অনুৰাগীৰ আশাভংগ

নিউজ ডেস্ক, ২০ জুন : আজিৰে পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত নৱঘোষিত এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফী অনুষ্ঠিত হ’ব পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ। এই খেলখন ইংলেণ্ডৰ লিডছৰ হেডিংলেত অনুষ্ঠিত হ’ব। এই মেচত দুয়োটা দলৰ মাজত কঠিন প্ৰতিযোগিতা দেখা যাব। কিন্তু বৰষুণৰ ফলত মেচখনত অলপ প্ৰভাৱ পৰিব পাৰে। খেলখনৰ প্ৰথম দিনাই বৰষুণৰ সম্ভাৱনা অতি কম। কিন্তু ইয়াৰ পিছত বতৰে আগন্তুক চাৰি দিন মেচখনক অশান্তি দিব পাৰে।

প্ৰথম টেষ্ট মেচত পাঁচ দিনো বতৰ কেনেকুৱা হব?

প্ৰথম দিন- একুৱেডাৰৰ প্ৰতিবেদন অনুসৰি লিডছত প্ৰথম দিনটো বেছিভাগেই স্পষ্ট হ’ব। প্ৰথম দিনটো বৰ গৰম হব। আজিৰ দিনটোত সৰ্বোচ্চ উষ্ণতা ৩১ আৰু সৰ্বনিম্ন ১৭ ডিগ্ৰী চেলছিয়াছ।

দ্বিতীয় দিন- এই খেলৰ দ্বিতীয় দিনটোত অনুৰাগীসকল হতাশ হ’ব পাৰে। এই দিনটোত বৰষুণৰ সম্ভাৱনা ৬৬ শতাংশ। দ্বিতীয় দিনটোত সৰ্বনিম্ন তাপমাত্ৰা ১৫ আৰু সৰ্বোচ্চ তাপমাত্ৰা ২৯ ডিগ্ৰী চেলছিয়াছ।

তৃতীয় দিন- তৃতীয় দিনতো হতাশ হ’ব লাগিব ক্ৰিকেট অনুৰাগী। এই দিনটোত বৰষুণৰ সম্ভাৱনা ৬০ শতাংশ। তৃতীয় দিনটোত সৰ্বনিম্ন তাপমাত্ৰা ১২ আৰু সৰ্বোচ্চ তাপমাত্ৰা ২২ ডিগ্ৰী চেলছিয়াছ।

চতুৰ্থ দিন- প্ৰথমখন খেলৰ চতুৰ্থ দিনা অনুৰাগীয়ে সৰ্বাধিক ক্ৰিকেট একচন চাবলৈ পাব। চতুৰ্থ দিনটোত বৰষুণৰ সম্ভাৱনা ২৫ শতাংশ। চতুৰ্থ দিনটোত সৰ্বনিম্ন তাপমাত্ৰা ১৩ আৰু সৰ্বোচ্চ ১৯ ডিগ্ৰী চেলছিয়াছ।

পঞ্চম দিন- খেলৰ পঞ্চম দিনা আকৌ এবাৰ হতাশ হ’ব পাৰে অনুৰাগী। পঞ্চম দিনটোত বৰষুণৰ সম্ভাৱনা ৬৪ শতাংশ। পঞ্চম দিনটোত সৰ্বনিম্ন তাপমাত্ৰা ১৪ আৰু সৰ্বোচ্চ ২১ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে।

You might also like